নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ ওদালবাক্রা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত সাদিনীয়া ৰাস মহোৎসৱ উপলক্ষে বিষ্ণু ডেকাৰ মুখ্য সম্পাদনাত প্রকাশিত স্মৃতিগ্রন্থ ‘মোহন বাঁহী’ উন্মোচন কৰে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷ ভাষণ প্রসংগত শর্মাই ঋষি অৰবিন্দৰ উদ্ধৃতিৰে পুৰাতন ভাৰতীয় সভ্যতা–সংস্কৃতিৰ উপজীৱ্য মহানায়ক ভগৱান শ্রীকৃষ্ণৰ ষোল্লশ গোপিনীৰ সৈতে কৰা ৰসময় ৰাসলীলাৰ জ্ঞানগর্ভ তাত্ত্বিক তাৎপর্য সাৱলীলভাৱে ব্যাখ্যা কৰে৷ গভীৰ অধ্যয়ন, জ্ঞান–প্রজ্ঞাৰে অভিজ্ঞ শর্মাই স্মৃতিগ্রন্থখনৰ শিৰোনাম ‘মোহন বাঁহী’ৰ তাত্ত্বিক অর্থ বিশ্লেষণ আগবঢ়াই এনে অর্থপূর্ণ কাব্যিক শিৰোনাম বাছনি কৰা বাবে সম্পাদনা সমিতিক প্রশংসা কৰে আৰু ভৱিষ্যতে ‘মোহন বাঁহী’ৰ ধাৰাবাহিকতা কামনা কৰে৷ তেওঁ বিভিন্ন উৎসৱ–পার্বণ উপলক্ষত প্রকাশিত স্মৃতিগ্রন্থবোৰ বৌদ্ধিক সমলৰ দলিল হ’ব বুলি আশা প্রকাশ কৰি সেইবোৰক ভৱিষ্যৎ প্রজন্মৰ বাবে ‘ডিজিটেল সংৰক্ষণ’ৰ ওপৰত গুৰুত্ব আৰাপ কৰে৷ মুখ্য অতিথি হিচাপে বঙাইগাঁও তেল শোধনাগাৰৰ মুখ্য মহাপ্রবন্ধক নৱজ্যোতি দাসে ৰাস পূর্ণিমাৰ লগত সংগতি ৰাখি বক্তব্য প্রদান কৰে৷ ওদালবাক্রা সাহিত্য সভাৰ সম্পাদক দীপক দত্ত আৰু উদ্যাপন সমিতিৰ বিষয়ববীয়া সুভাষ ৰাভাই আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জিণ্টু ৰাভাই৷ সভাপতি অনন্ত ৰাভাই ওদালবাক্রাত প্রথমবাৰৰ বাবে ৰাস আয়োজন উপলক্ষত বক্তব্য প্রদান কৰে৷ অভ্যাগত আৰু ভক্তিপ্রাণ ৰাইজৰ উপস্থিতিৰ প্রতি শলাগ জ্ঞাপন কৰে স্মৃতিগ্রস্থৰ সম্পাদক চিত্রৰঞ্জন ডেকাই৷ গাম্ভীর্যপূর্ণ জনাকীর্ণ গ্রন্থ উন্মোচনী সভাখনত আমন্ত্রিত অতিথিৰ আসন গ্রহণ কৰে ডালিমী ডেকা, প্রভাত শর্মা, সোমেশ্বৰ বডো, নৰেন ডেকা, ডাঃ নৰহৰি বর্মন, ভৰত চন্দ্র দেউৰী, মতিৰাম নাথ, আজিত বসুমতাৰী, টংকেশ্বৰ শর্মা, ধনেশ্বৰ বডো আদি বিশিষ্ট ব্যক্তিসকলে৷
Prev Post
You might also like