নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ সংক্রমণৰ লক্ষ্য অবিহনেই ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো দেশৰ বাবে উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে ৷ দেশত ক’ভিড–১৯ত আক্রান্তৰ ৮০ শতাংশ লোকেই এচিম্পটোমেটিক অর্থাৎ কোনো সংক্রমণৰ লক্ষণ নোহোৱাকৈ আক্রান্ত হোৱা বিষয়টোত উদ্বিগ্নতা প্রকাশ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চৰ (আই চি এম আৰ) জ্যেষ্ঠ বিজ্ঞানী ড০ ৰমণ আৰ গংগাখেড়কাৰে ৷ দেশত শীর্ষ চিকিৎসা গৱেষণা সংস্থাটোৰ জ্যেষ্ঠ বিজ্ঞানী ড০ গংগাখেড়কাৰে কয়– ৮০ শতাংশ আক্রান্তৰ ঘটনা এচিম্পটোমেটিক ৷ তেওঁলোকক চিনাক্তকৰণে আমাৰ বৃহত্তম উদ্বিগ্নতা ৷ তেওঁলোকক কণ্ট্ৰেক ট্রেছিং কৰাৰ কোনো আন পথ নাই ৷ তদুপৰি জ্যেষ্ঠ বিজ্ঞানী ড০ গংগাখেড়কাৰে কয় যে এনে ধৰণৰ আক্রান্তৰ ঘটনা চিনাক্ত কৰাটো জটিল ৷ তেনে লোকক চিনাক্ত কৰিব পৰা যায় কেৱল ক’ভিড–১৯ পজিটিভ লোকৰ সংস্পর্শলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতহে ৷ দেশত সকলো লোকৰে পৰীক্ষণ সম্ভৱ নহয় ৷ আনপিনে আক্রান্তৰ সংখ্যা এতিয়াও শীর্ষ পোৱা নাই বুলি উল্লেখ কৰি জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে কয় যে মে’ৰ দ্বিতীয় সপ্তাহতেই আক্রান্ত সন্দর্ভত এক স্থানত উপনীত হোৱাটো নিশ্চিত হ’ব ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম এন ডি টিভিৰ সৈতে হোৱা কথোপকথনত সাংবাদিকে যি ব্যক্তিৰ সংক্রমণৰ লক্ষণ নেদেখুৱায়, সেই সন্দর্ভত পৰীক্ষণৰ পদ্ধতি সলনি কৰিব পৰা যাব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে কয় যে কি সলনি কৰিব পৰা যাব৷ এইক্ষেত্রত কোনো সুবিধা না ই৷ হটস্পট অঞ্চলৰ বাসিন্দা তথা য’ত সংক্রমণ আছে, তাকেই পৰীক্ষা কৰিলে ইয়াক চিনাক্ত কৰিব পৰা যায় ৷ তেওঁ নিশ্চিত নহয় যে পৰৱর্তী পদক্ষেপ কিদৰে গ্রহণ কৰিব পৰা যাব ৷ উল্লেখ্য যে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেও সংক্রমণৰ লক্ষণ নোহোৱাকৈ ৰাজ্যখনত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি উদ্বিগ্নতা প্রকাশ কৰিছে ৷