অনলাইন ব্যস্ততা আৰু বিনোদন
ক’ৰোনাই মানুহক ঘৰবন্দী কৰি ৰখাৰ সময়ত স্বাভাৱিক জীৱনযাত্রালৈ এক বিশাল ব্যতিক্রম নামি আহিছে৷ স্বাভাৱিক জীৱনৰ ছন্দ হেৰাই গৈছে৷ কিন্তু এই ছন্দ হেৰোৱাৰ পৰতো মানুহে কিন্তু জীৱনৰ ছন্দ হেৰুৱাবলৈ দিয়া নাই৷ নতুন ছন্দৰ আৱিষ্কাৰত ব্যস্ত হৈছে যাতে সময়বোৰ অন্ততঃ কিছু অর্থৱহভাৱে পাৰ কৰিব পাৰি৷ এই প্রচেষ্টাৰ ফলতে অনলাইন কর্মকাণ্ডৰ পৰিমাণ আৰু বিচিত্রতা বৃদ্ধি পাইছে৷ ইণ্টাৰনেট আৰু স্মার্টফোন আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰা ভালেমান দিন হ’ল৷ কিন্তু এই দুবিধ বস্তু মূলতঃ বিনোদনৰ আহিলা হিচাপেহে চলি আহিছিল৷ ছ’চিয়েল মিডিয়া আৰু তেনেকুৱা প্লেটফর্মবোৰৰ ব্যৱহাৰে বিনোদনৰ সীমা অতিক্রম কৰি ব্যৱহাৰিক জীৱনত খুব কমেইহে প্রৱেশ কৰিছিল৷ অনলাইন মাধ্যমৰ ব্যৱহাৰ সর্বাধিক হৈছিল বস্তু কিনা আৰু টিকট কিনাত৷ কিন্তু ক’ৰোনাই মানুহক গৃহবন্দী কৰি ৰখা সময়ত এই অনলাইন ব্যৱস্থাৰ জগতলৈ বহুত পৰিৱর্তন আহিল৷ এটা সময়ত ডাকযোগে শিক্ষা প্রদান কৰাৰ কিছু ব্যৱস্থা চলি আহিছিল৷ ইণ্টাৰনেট আৰু স্মার্টফোনে সেইব্যৱস্থাক অনলাইন ব্যৱস্থালৈ ৰূপান্তৰিত কৰি দিলে৷ এইধৰণৰ ব্যৱসায়িক পাঠ্যক্রমৰ প্রচলন হ’ল আৰু বহু শিক্ষা প্রতিষ্ঠানে শিক্ষা সম্পদবোৰৰ পুথিভঁৰাল অনলাইন ব্যৱস্থাত ৰখা হ’ল৷ কিছুমান প্রতিষ্ঠানে সেই সময়বোৰ বিনামূলীয়াকৈ পোৱাৰ ব্যৱস্থা কৰিও ৰাখিছিল৷ কিন্তু সেইবোৰৰ ব্যৱহাৰ আছিল সীমিত৷ ক’ৰোনাই আনি দিয়া গৃহবন্দিত্ব কালত এই সমলবোৰৰ প্রচলন বৃদ্ধি পাইছে৷ আনহাতে ব্যৱসায়িকভাৱে প্রচলন কৰা পাঠ্যক্রমবোৰৰ ক্ষেত্রতো তাৰ প্রযোজকসকলে ব্যৱসায় বৃদ্ধিৰ বাবে উঠিপৰি লাগিছে৷ ব্যাপক হাৰত ৰেহাই দি সেইবোৰৰ জনপ্রিয়তা আৰু গ্রহণযোগ্যতা বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত লৈছে আৰু বহু ক্ষেত্রত সফলো হৈছে৷ অকল ইমানেই নহয়, বহু শিক্ষকে নিজে ভিডি’ প্রস্তুত কৰি ছাত্র–ছাত্রীসকলক পঢ়োৱাৰ ব্যৱস্থা কৰিছে৷ কিছুমানে আধুনিক ছফ্টৱেৰ ব্যৱহাৰ কৰি ঘৰৰ পৰাই ক্লাছ লোৱা আৰম্ভ কৰিছে৷ এক কথাত অসমৰ শিক্ষা ব্যৱস্থাত অনলাইন ব্যৱস্থাটো ভালদৰে প্রৱেশ কৰিছে৷ কিন্তু কথা হ’ল– এই ব্যৱস্থা খৰচী, সকলো ছাত্র–ছাত্রীয়েই স্মার্টফোনৰ সুবিধা নাপাবও পাৰে৷ অনলাইন শিক্ষাৰ সুবিধা আৰু প্রাসংগিকতাৰ কথা মনত ৰাখি চৰকাৰেও এই দিশটো বিবেচনা কৰিব পাৰে৷ কাৰণ এবাৰ অনলাইন শিক্ষালাভ আৰু দানৰ সুবিধা উপভোগ কৰাসকলে সেই ব্যৱস্থাটোক অধিক ফলপ্রসূ কৰি তোলাৰ কথাই ভাবিব ৷
অকল শিক্ষাৰ ক্ষেত্রতেই নহয়, বিনোদনৰ ক্ষেত্রতো এই ব্যৱস্থাই এটা পৰিৱর্তনৰ বার্তা বহন কৰি আনিছে৷ চিনেমা প্রদর্শন কৰা ইণ্টাৰনেট নির্ভৰ অ’টিটি ব্যৱস্থাটো অধিক জনপ্রিয় হৈ উঠিছে৷ সহজ বিনোদন হিচাপে চিনেমা চোৱাৰ এই সুবিধাটোৰ লগত মানুহ এবাৰ অভ্যস্ত হৈ গ’লে তাৰ পৰা আঁতৰি অহাটো টান হ’ব৷ টেলিভিছনে যেনেদৰে চিনেমা হলৰ দর্শক আঁতৰাই নিছিল, ঠিক তেনেদৰে অ’টিটি ব্যৱস্থায়ো কিছু দর্শক আঁতৰাই নিয়াটো স্বাভাৱিক৷ এই সম্ভাৱনাৰ কথা মনত ৰাখিয়েই বহু প্রযোজকে ৱেব ছিৰিজৰ কাম আৰম্ভ কৰিছিল৷ এইবোৰৰ জনপ্রিয়তাও বাঢ়ি আহিছে৷ ক’ৰোনাই আনি দিয়া গৃহবন্দিত্ব এদিন শেষ হ’ব, কিন্তু এই সময়ছোৱাত উপার্জন কৰা কিছু অভ্যাস হয়তো এৰি দিয়াটো সম্ভৱ নহ’ব৷ অসমীয়া চিনেমাৰ অৱস্থা এতিয়াও খুব ভাল হৈ উঠা নাই৷ এনে অৱস্থাত অ’টিটি প্লেটফর্মবোৰে আনি দিয়া প্রত্যাহ্বানৰ কথা এতিয়াই চিন্তা কৰি সেইমতে সাজু হ’ব লাগিব৷ চিনেমা, টিভি ছিৰিয়েল আদিৰ প্রযোজকসকলে এই দিশত চিন্তা–ভাবনা কৰি আগবঢ়াটো বিনোদন ব্যৱসায়ৰ বাবে প্রয়োজনীয় কথা হ’ব৷ অসমৰ বহু ভ্রাম্যমাণ থিয়েটাৰে তেওঁলোকৰ নাটকবোৰৰ ভিডি’ ইউটিউবত আপলোড কৰিছে৷ কিন্তু সেইবোৰৰ মান আশাকৰা মতে ভাল নহয়৷ অতি পেছাদাৰী দৃষ্টিভংগীৰে চলা এই ভ্রাম্যমাণ থিয়েটাৰবোৰে নাটকবোৰৰ একোটা ভাল ভিডি’ আপলোড কৰিব নোৱাৰাৰ কোনো কাৰণ নাই৷ এইটো কৰিলে থিয়েটাৰৰ নাটকবোৰৰ একধৰণৰ সংৰক্ষণ হ’ব আৰু দর্শকেও বিনোদনৰ আহিলা এবিধ পাবলৈ সক্ষম হ’ব ৷