নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ বিগত এটা দশক ধৰি নামৰূপ সাৰ কাৰখানাই এক ভয়ানক সংকটৰ সন্মুখীন হৈ সম্প্ৰতি অপমৃত্যুৰ দিছে গতি কৰিছে। ১৯৭৬ চনত আৰু ১৯৮৭ চনত স্থাপন হোৱা দ্বিতীয় আৰু তৃতীয় গোটটো পুৰণি হোৱাৰ ফলত দিনৰ পিছত দিন বিকল হৈ থকাৰ পিছত উদ্যোগটো ভয়ানক লোকচানৰ দিছে গতি কৰিছে । আনহাতে পুৰণি গোট দুটাৰ বিকল্প গোট হিচাপে দাবী জনাই অহা প্ৰস্তাৱিত চতুৰ্থ গোটটো ২০০৬ চনতে তদানীন্তন কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পছোৱানে স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চৈধ্য বছৰে স্থাপন নহল যদিও অদূৰ ভৱিষ্যতে হৈ উঠাৰো কোনো শুভ লক্ষণ প্ৰত্যক্ষ কৰা নাই ।
ইফালে ২০১৮-১৯ বিত্তীয় বৰ্ষত উদ্যোগটোৱে ৬৩ কোটি টকা লোকচান ভৰাৰ বিপৰীতে ২০১৯-২০ বিত্তীয় বৰ্ষত এশ পঞ্চাশ কোটি টকাৰ অধিক লোকচান ভৰাৰ আশংকাই দেখা দিছে। কাৰণ বিগত বৰ্ষত উদ্যোগটোৰ এটাৰ পিছত আনটো কৈ দুয়োটা গোটটে ভয়ানক বিস্ফোৰণ সংঘটিত হৈ দীঘলীয়া সময় উৎপাদন ব্যাহত হৈ থকাৰ ফলত যোৱা বিত্তীয় বৰ্ষই ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেড স্থাপনৰ কালৰ পৰা সৰ্ব কালৰ নিম্ন উৎপাদনেৰে অভিলেখ স্থাপন কৰিছে। উক্ত বিত্তীয় বৰ্ষত তিনি লাখ দহ হেজাৰ মেট্ৰিক টন সাৰ নিৰ্ধাৰণ কৰিছিল যদিও ইয়াক হ্ৰাস কৰি ২ লাখ ২৭ হেজাৰ মেট্ৰিক টন ধাৰ্য কৰা হয় । ২০১৯-২০ বৰ্ষত উদ্যোগটোৱে প্ৰায় ১ লাখ ৫৫ হেজাৰ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হয়। সেই অনুসৰি দ্বিতীয় গোটটোৱে ৪৬০৮৭ মে: ট: আৰু তৃতীয় গোট টোৱে ১০৯৯০৫ মে: ট: ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হয়।চলিত বৰ্ষটো লক ডাউনৰ পূৰ্বৰ পৰাই উৎপাদন বন্ধ আছিল যদিও সম্প্ৰতি উদ্যোগ টোৰ মুৰব্বীজনৰ সক্ৰিয় নেতৃত্বত আৰু শ্ৰমিক সকলৰ ঐকান্তিক প্ৰচেষ্টাত উদ্যোগ টোৰ তৃতীয় গোট টোৱে পুনৰ উৎপাদনৰ দিশে গতি কৰিছে। এফালে উদ্যোগটো পুনৰ জীৱিতকৰণৰ প্ৰস্তাৱৰ লগতে চতুৰ্থ গোট নিৰ্মাণৰ দাবী লৈ উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ,শ্ৰমিক ইউনিয়ন, ৱৰকাৰছ ইউনিয়ন(workers)তথা নামৰূপবাসী ৰাইজে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন জনাইছে যদিও আশাব্যঞ্জয়ক ফল ধৰা নাই।
লক্ষণীয় যে ৯০’৮৯২ হেক্তৰ ভূমি সামৰি স্থাপন হোৱা বৃহৎ উদ্যোগটোৰ বিশাল সম্ভাৱনা থকা স্বত্বেও উদ্যোগটোক সূক্ষ্ম গতিত অপমৃত্যুৰ দিশে লৈ যোৱাৰ অন্তৰালত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰো সন্দেহ কৰে সচেতন মহলে। ইয়াৰ উপৰি উদ্যোগটোৰ আন্তঃ গাঁথনি সুস্থিৰ হোৱাৰ পিছতো কেৱল দুৰ্বল আৰু অব্যৱসায়িক (non professional,) পৰিচালনা বাবেই উন্নতিৰ ৰেখা ডাল নিম্নগামী হোৱাৰো বহু উদাহৰণ আছে। বিশেষ কৈ নামৰূপ সাৰ কাৰখানাৰ মানৱ সম্পদ বিভাগৰ স্থিতি আৰম্ভণিৰে পৰাই সন্দেহ জনক। বিগত পঞ্চাশ বছৰে উদ্যোগটোৰ মানৱ সম্পদ বিভাগৰ আভ্যন্তৰীণ হিচাপ নিকাচ নোহোৱাটোও উদ্যোগটোৰ এনে অৱস্থাৰ অন্যতম কাৰণ। এফালে উদ্যোগটোৰ দুৰ্নীতি নিবাৰণৰ বাবে থকা ভিজিলেঞ্চ বিভাগে উদ্যোগটোক ৰক্ষনাবেক্ষণ দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে উদ্যোগটোত সংঘটিত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত বিশেষকৈ চেন্নাইৰ ফেনা ইণ্ডিয়া কেলেংকাৰী, কলিকতা গেষ্ট হাউছ প্ৰসংগক লৈ আজিকোপতি কোনো তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰাক লৈ ভিজিলেঞ্চ বিভাগও সন্দেহৰ অৱৰ্তত সোমাই পৰিছে। গুৰুত্বপূৰ্ণ এই যে উক্ত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত তদন্তৰ লগতে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে নামৰূপ প্ৰেছ এণ্ড ছ’চাইটি গ্ৰুপে বিগত বৰ্ষতে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চলকক।