নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় সংগঠনবোৰ ক’ত লুকাল ?

ৰাজ্য এখনৰ সামূহিক স্বার্থ ৰক্ষাৰ বাবে ব্যক্তি স্বার্থক তৃণৰূপে জ্ঞান কৰি স্বাধীন গণতান্ত্রিক ৰাষ্ট্র ৱস্থাত নানা সংগঠনৰ জন্ম হয়৷ এই সংগঠনসমূহে সাহস, দক্ষতা, যোগ্যতা, দূৰদর্শিতাৰে ৰাজ্যখনৰ ক্ষুদ্র স্বার্থৰ বিপৰীতে বৃহৎ স্বার্থ, আৱেগৰ ঠাইত যুক্তিক প্রাধান্য দি ৰাজনীতিকসকলক ৰাজ্যখনৰ সর্ববৃহৎ স্বার্থ ৰক্ষা কৰিবলৈ বাধ্য কৰায়৷ জাতীয় সংগঠনৰ নেতৃত্ব বৌদ্ধিকভাৱে আঢ্য হৈ দেওটো চাই বলিটো দিব পৰাৰ ক্ষমতা, কাঁইটৰ মূৰৰ কাঁইটটো চিনিব পৰাৰ ক্ষমতা আৰু দূৰদশ্ হ’বই লািব৷ নেতৃৃত্বই সিৰ চাই টোকৰ মাৰিব পৰা কুশ্রাগ্র বুদ্ধি, দৃঢ মনোবল অধিগত কৰিব নোৱাৰিলে তেনে সংগঠন ফোঁপডাং ধান নাইকিয়া শুদা চাং হ’ব৷ প্রতিটো জাতীয় সংগঠনৰ লক্ষ্য হ’ল ৰাইজক ভাল পোৱা, ৰাইজৰ প্রিয়পাত্র হোৱা, কিন্তু সংগঠনৰ বিষয়ববীয়া হৈ নিজক ভালপোৱাৰ অর্থ হ’ল ক্ষমতাক ভালপোৱা৷ প্রতিটো সংগঠনৰ লক্ষ্য ৰাজ্য আৰু ৰাইজক ভালপোৱা৷ যেতিয়া সংগঠন একোটা কেৱল সভাপতি, সম্পাদক, উপদেষ্টাসর্বস্ব হয়, তেতিয়াই সংগঠন নিশ্বাসৰ বাহিৰে একো নহয়৷ নিজৰ হিত চিন্তাতকৈ জনতাৰ হিত চিন্তা কৰিব পাৰিলেই সংগঠনবোৰে সোণৰ কলচীত বগাব পাৰিব৷ তেনে সংগঠনৰ নেতৃত্ব আদর্শ অম্লান হোৱাটো বাধ্যতামূলক৷ সংগঠনবোৰ প্রায়েই যুৱকসকলৰ দ্বাৰা পৰিচালিত হয়৷ গতিকে প্রতিজন যুৱকে সংগঠনৰ দায়িত্ব লোৱাৰ আগতে আত্মবিশ্লেষণ কৰিলেহে সফলতাৰ খটখটিত গাব পাৰ্বি৷ অর্থাৎ দৃঢতা আৰু আত্মবিশ্বাস নাথাকিলে, েবৌদ্ধিকভাৱে পৰিচালিত নহ’লে কোনো সংগঠন াঞ্ছিত লক্ষ্যত উপনীত হ’ব নোৱাৰে৷
অসম সাহিত্য সভা ভাৰতীয় মহাজাতিৰ এক হৎ জাতীয় সংগঠনৰূপে প্রতিষ্ঠিত, সুপ্রতিষ্ঠিত৷ ঊনবিংশ শতিকাৰ নৱম দশকৰ পৰা সুদীর্ঘ কাল অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ ৰক্ষাৰ সংগ্রামত অহৰহ অপৰাজেয় সংগ্রাম চলাই আহিছে আৰু নানা ঘাত–প্রতিঘাত অতিক্রম কৰি অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগলৈ ৰূপান্তৰ হৈছে৷ সভাৰ মূল দর্শন অসমীয়া ভাষাৰ জীৱনী শক্তিৰ প্রাণ–প্রাচুর্য আৰু ৰাইজ৷ ভাগ্যৰ জাপৰ তলত লুকাই থকা তুঁহ জুইৰ দৰে অসমীয়াৰ তেজক সভাই ভমকাই তুল্বিলৈ যত্ন কৰি আহিছে, গতিকে ভাষা–সংস্কৃতিৰ লগতে অসমৰ জাতীয় প্রেম জাগ্রত কৰাৰ দায়িত্বও সভাই লৈছিল৷ ফলত সভা অসমীয়া জাতীয় জীৱনৰ প্রেৰণাদায়ক মহাশক্তিলৈ ৰূপান্তৰ হৈছিল৷ শত্বর্ষ গৰকা আৰু আপোন মহিমাৰে মহিমামণ্ডিত হৈ উঠিলেও যেন অসমীয়া জাতীয় জীৱনৰ সংকট কালত সুস্থ চিন্তা আৰু জাতীয় দায়িত্ব পালনত সভা সম্পূর্ণ থ হৈছে লি অসমৰ ৰাইজে আক্ষেপ কৰিছে৷ এসময়ত সভাক লৈ যি আৱেগ আৰু উচ্ছ্বাসৰ আতিশয্য যিমান আছিল এতিয়া সভাৰ ব্যর্থতাক কেন্দ্র কৰি বু–বা া হৈছে৷ ভাৰতীয় মহাজাতিৰ লগতে অসমতো ক’ভিড–১৯ৰ আতংকময় পৰিস্থিতিত সভাই ৰাইজক জাই দিব লাগিছিল যে সভা অসমৰ এই বিপদ–মুহূর্তত জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ আছে৷ গতিকে জাতীয় আৰু মহাজাতীয় জীৱনৰ গভীৰ সংকট কালত সাহিত্য সভা আগ্বাঢি নাহিলে সভাৰ প্রাসংগিকতা নাইকিয়া হ’ব লগতে হৈ পৰ্বি প্রাণস্পন্দনহীন নিঃসংগ সত্তা৷ পূবৰ যিবোৰ সমস্যাৰ সন্ধিক্ষণত সভা যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু অবিৰত েবৌদ্ধিক সংগ্রাম চলাবলগীয়া হৈছিল, এতিয়া সেই পৰিৱেশ নাই৷ েবৌদ্ধিক সংগ্রাম লি এইকাৰণেই কৈছোঁ, সভাই ৰাজপথৰ আন্দোলনৰ পৰা নিজক নিলগাই ৰাখি সংগ্রাম কৰাৰ কাৰণেই যেনেকৈ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ পাঠদান কৰাৰ ব্যৱস্থা হৈছিল, কটন কলেজ, ৰাজ্যিক মিউজিয়াম, ৰবীন্দ্র ভৱন, শৰাইঘাট দলং, শোধনাগাৰ আদি অলেখ অনুষ্ঠানৰ জন্মত সভাৰ স্বৰ আছিল প্রথম৷ গতিকে র্ধিত প্রয়োজনৰ লগত সংগতি ৰাখি আবাঢি তাগিদাৰ প্রতি দৃষ্টি ৰাখ্বি লাগিছিল৷ ইয়াক উপেক্ষা কৰাটো সভাৰ বাবে পৰম দুর্ভাগ্য লি বিবেচিত হ’ব৷
জনামতে সভাৰ শাখাৰ সংখ্যা এহাজাৰৰ অধিক৷ প্রতিখন শাখাই ১০০টা পৰিয়ালক (দৰিদ্র) খাদ্যসামগ্রী যোগান ধৰিব পাৰে৷ এই বর্ষত বিলাসবহুল সভাবোৰ অনুষ্ঠিত নকৰি দৰিদ্র জনতাৰ কাষলৈ সভা যোৱা উচিত৷ মূল সভাই য়বহুল অনুষ্ঠান নকৰি তিথিৰ মূৰত পানী এচলু দি থ’ব পাৰে৷ ব্যয়্বহুল কার্যনির্বাহক সমিতিৰ ঠাইত নিচেই সামান্য খৰচত অনুষ্ঠিত কৰি ধন ৰাহি কৰিব পাৰে৷ মনত পৰিছে এখন কার্যনির্বাহক সমিতিত চাহ খাবৰ াবে প্রধান সম্পাদক ড০ মহেশ্বৰ নেওগে ২.০০ টকাৰ খৰচৰ অনুমোদন লৈছিল৷ ইয়াৰ লগতে গাঁও আৰু পিছ পৰা অঞ্চলৰ সংশ্লিষ্ট শাখাবোৰক জনসাধাৰণক সজাগ–সচেতন কৰাৰ দায়িত্ব দিব পাৰি দেখোন৷ সভা আদর্শ পথৰ নায়ক হোৱাটো সকলোৱে বিচাৰিছে তেনে আদর্শই শংকিত জনতাক সাহস যোগায়৷ এয়ে সভাৰ আদর্শ আৰু অসমৰ আন অনুষ্ঠানৰ পৰা সভাক নিলগাই ৰাখিছে৷ এয়ে সভাৰ আদর্শৰ বেদী, সভা আদর্শৰ বেদীত প্রতিষ্ঠিত হ’লেহে অসমত দবা, শংখ াজিব সেই শংখ হ’ব বোধন শংখ৷ সভাক ওচৰৰ পৰা চালে সৰু দেখিলে বৰ মানসিক কষ্ট পাওঁ, কিয়নো ওচৰৰ পৰা চালে পর্বতবোৰক ডাঙৰ দেখি যে৷ গতিকে সভাখন কেৱল পেৰাছুট নহৈ ক্রিয়াশীল হোৱাটো আমি বিচাৰোঁ৷ অসম সাহিত্য সভাৰ বিষয়্ব্বীয়াসকলে সভাখনক যিমান ডাঙৰ বুলি ভাবে তাতকৈ শতগুণে সভা ডাঙৰ আৰু মহৎ৷ াস্তৱৰ সন্মুখীন হৈ সমস্যা অতিক্রম কৰিবলৈ যত্ন কৰিলেহে তাৰ মাজতে সভাৰ মহৎ ৰূপটো ওৰণি লৈ থকা দেখিব৷ এতিয়া সভাৰ প্রতিগৰাকী সদস্য, বিষয়ববীয়াই মনত ৰখা ভাল, জাতীয় আৰু ব্যক্তিৰ জীৱনলৈ দুর্যোগ উৰি আহি জুৰ্বিহে, কিন্তু যাওঁতে ন–কন্যাৰ খোজেৰে যায়৷
সদৌ অসম ছাত্র সন্থা, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তিৰ বাহিৰে জেপত পেপাৰৰ চুৰটটো লৈ ফুৰাৰ দৰে অসংখ্য সংগঠন কলতলে–বাঁহতলে জন্ম হৈ এচঁহীয়া ডালত উঠি থকা দেখিছোঁ৷ তেওঁলোকে দুহতীয়া খাপৰডাল মুঠি মাৰি ধৰিব নাজানে, জগদল পাথৰ আৰু জপাই বনমালী হোৱাও দেখিছোঁ৷ এনে নেতৃত্বক বেজবৰুৱা থকা হ’লে নিশ্চয় খাকৰু–মাকৰু লিলেহেঁতেন৷ সেয়া এতিয়া ভূত কাল৷ সোঁৱৰণৰ বৰপীৰাখন ডলুৱা ভূতো হ’ব পাৰে৷ ডলুৱা ভূতে ৰাতি পথৰুৱাৰ সমুখত বাঁহ পেলায় লি সৰুতে কোৱা শুনিছিলোঁ৷ আগতে নাছিল ক্বে–কা(আ)বিৰোধী আন্দোলনত এনে হুত ডলুৱা ভূত দেখিলোঁ, বিদ্যা–বুদ্ধিৰ টোপোলাটো কিমান গধুৰ নাজানো কিন্তু এটা কথা ভালকৈ জানো এওঁলোক অন্ধ৷ কিন্তু জনতাই পদ্মলোচন লি ভাবি হুই মাৰি আন্দোলনত যোগ দিলে৷ তেওঁলোকৰ মুখপদ্ম বিনিঃসৃত বহুত বাণী ৰাইজে শুনিলে এই কাৰণেই ইয়াৰ পৰৱর্তী সময়ত ছাত্র সন্থা, কৃষক মুক্তি আদি আছে৷ অসমীয়া জাতীয়তাবাদৰ গাঁওবুঢা বা বৰমেধি হৈ জাতীয়তাবাদৰ মলাচৰু লৈ মূৰত মথুৰাপাগ মাৰি কাকতি ফৰিঙৰ দৰে বিয়পি পৰিল ত্তৃণতাৰ মোখোৰা পিন্ধাই হোজা অসমীয়ামখাক হালে–হালে সাঙুৰিলে জেপত লৈ ফুৰ্বি পৰা সংগঠনে৷ নাভাব্বিৰ কাৰণ নাই, এওঁলোক ন্বঞ্চ্বিৰ কন্যা ওঠৰটা ৰূপৰ৷
১৯৮৫ চনলৈকে ১৯১৬ চনত জন্ম হোৱা (আসাম ছাত্র সন্মিলন) আছু অসমৰ জাতীয় অনুষ্ঠানৰ মর্যাদাপ্রাপ্ত অগ্রগণ্য নহ’লেও শীর্ষ স্থানৰ প্রথম শাৰীত হিবৰ গণ্য৷ ১৯৮৫ চনলৈকে অসমৰ জাতি–ধর্ম–বর্ণ–সম্ নির্বিশেষে আছুৰ প্রতি সকলোৰে আছিল শ্রদ্ধা৷ তদুপৰি তেতিয়ালৈকে আছুৱে আত্মশুদ্ধিৰে নিজকে অসমৰ বৌদ্ধিক–সাংস্কৃতিক–স্ জীৱনক প্রতিনিধিত্ব কৰিছিল আৰু জাতীয়তাবাদী আন্দোলনৰ পথ এটাও চোঙাই থৈ যাব পাৰিছিল৷ সেয়ে আছুৰ আয়তন আৰু ওজন বাঢিছিল৷ বিদেশী বিতাড়ন আন্দোলনৰ পৰা যেতিয়াই নেতাসকলে দিছপুৰৰ মচনদত হিল তেওঁলোক সাত মানভগনীয়া ভকত হ’ল৷ পৰৱত্ সময়ত কি হ’ল সর্বত্র ৰজনজনা৷ পৃথিৱীত শাস্তি বা পুৰস্কাৰতকৈ পৰিণাম কিন্তু ভয়াৱহ৷ এয়া শাস্ত্রৰ কথা৷ ‘আছু’ক যিহেতু শ্রেষ্ঠ আসন ৰাইজে দিছিল, সেয়ে আছুৰ পৰা জন্ম হোৱা অগপক আদর্শৰূপে লৈছিল৷ শ্রীমদ্ভৱগদগীতা–১ ৩য় অধ্যায়ৰ ২১নং শ্লোকত বিচাৰিলেই এই কথাটো (আদর্শ) পাব৷ সেই আদর্শ জলদা তৰুণী (তলীফুটা নাও) হ’ল, ‘ক্বে’ কা (আ) হ’ল৷ উচ্চতম ন্যায়ালয়ত কে’ছ দিয়েই সকলো মৌন, পৰৱত্ কৰণীয় সিমানতে শেষ অর্থাৎ বৈদ্যুতিন মাধ্যমত প্রচাৰ হোৱাটোহে লাগে৷
অহুকাণে পহুকাণে শুনিছোঁ উপদেষ্টা ড০ ভট্টাচার্যৰ াহিৰে প্রতিগৰাকী ছাত্রনেতা বিজেপিৰ বিকল্পৰূপে ৰাজনৈতিক দল খোলাত আগ্রহী৷ আছুৰ নেতৃত্ব মানে সভাপতি–সম্পাদক৷ দুয়োজনে ভাল ত্তৃণতা দিব পাৰে, কিন্তু তেওঁলোকে নাজানে যে ত্তৃণতাই চিন্তাৰ পুখুৰীটো শুকুৱায়৷ নেতাতকৈ সেৱক হোৱা ভাল৷ নেতৃত্ব আদর্শহীন হোৱাৰ াবে জীৱন–সমুদ্রত ডাঙৰ–ডাঙৰ জাহাজ ৰে৷ বিকল্পৰ ৰাজনীতিৰ গোপনীয় অংশৰ মাজতেই পৰিচয়টোও লুকাই থাকে৷ এতিয়া ভাবমূর্তি উজ্জ্বল কৰিবলৈ, আস্থাভাজন হ’বলৈ জিলা পর্যায়ৰ পৰা গাঁওসমূহলৈকে এনে সংকটকালত ইত্বিাচক ভূমিকা পালন কৰিব পাৰে৷ ভৱিষ্যতক চাই থাকিলে ভৱিষ্যতক হেৰুৱাব লাগ্বি৷ অখিল গগৈৰ অবিহনে কৃষক মুক্তি অর্থহীন৷ কৃষকক কিহৰ পৰা মুক্তি? ৰাজপথৰ আন্দোলন, ধর্ণাই শেষ নেকি? বর্তমান ক’ৰোনা মহামাৰীত কৃষকসকলৰ অৱস্থা পানীত হাঁহ নচৰা৷ যোগানমন্ত্রী আৰু কৃষিমন্ত্রীয়ে মন্ত্রী হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে৷ ৩৫ ছৰ ৰাজনীতিত থকা যোগানমন্ত্রী দক্ষতাহীন, আন্তৰিকতাহীন, চিন্তাত গভীৰতা নাই৷ কৃষিমন্ত্রীও একেই৷ মন্ত্রীৰূপে তেওঁ কৃষকৰ চকুলৈ মানুহৰ দৰে চাব নোৱাৰে৷ মন্ত্রীৰ ধর্ম, দায়িত্ব আৰু কাম–কাজৰ মাজেদি যোগ্যতা প্রকাশ পায়৷ কিয় একে মন্ত্রীসভাৰে স্বাস্থ্য, বিত্ত, গডকাপ্ঢানীৰ দৰে তিনিটা বিভাগ দক্ষতাৰে পৰিচালনা কৰা ড০ শর্মাই পাৰে তেওঁলোকে কিয় পৰিকল্পনা কৰিব নোৱাৰিলে? হাজাৰ হাজাৰ বিঘা মাটিৰ কোটি কোটি টকাৰ ৰবি খেতি নষ্ট হ’ল৷ কৃষকমন্ত্রীৰো দায়িত্ব নাছিলনে এই দুর্যোগত সহায় কৰাৰ? দুর্যোগ মুকলিকৈ থোৱা দুৱাৰেদিয়েই সোমাই আহে৷ দূৰদর্শিতাৰে সেই দুৱাৰখন বন্ধ কৰি ৰাখিবলৈ চৰকাৰক বাধ্য কৰাব লাগিছিল৷ যি কেইটা ক’ল্ডষ্টৰেজ বেয়া হৈ আছে পৰিকল্পিতভাৱে মহামাৰীৰ আৰম্ভণতে সাজু কৰিব লাগিছিল৷ কৃষকৰ পৰা ৰবি শস্য ক্রয় কৰাৰ ৱস্থা কিয় কৰা নহ’ল? কৃষক মুক্তিৰো ইয়াতেই চৰম থতা৷ অসমৰ অর্থনীতিত কৃষিখণ্ডৰ বিশেষ অৱদান আছে৷ কিন্তু কৃষিমন্ত্রীয়ে খেতি পৰিদর্শন কৰিবলৈ গৈ ২৫০০.০০ টকা কৃষকে পাব লি ঘোষণা কৰাতে শেষ৷ কৃষি ব্যৱস্থাটোত চৰকাৰে বেপাৰী হৈ কৃষকক সকাহ দিব পাৰিলেহেঁতেন৷ এতিয়াও ভৱিষ্যতৰ কথা ভাবক৷ কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ কৃষকক সকলো সা–সুবিধা দিব নোৱাৰিলে, কৃষিমন্ত্রীজনে সঠিক সিদ্ধান্ত ল’ব নোৱাৰিলে দুর্ভাগ্য তেওঁৰ পিছে পিছে গৈ থাক্বি৷ তেওঁৰ মানসিক চিন্তা কেৱল দেওবাৰ হৈ থাক্বি তাৰ শেষ কোনোদিনে নহ’ব৷ কৃষক মুক্তিয়ে শ্লোগান আৰু ৰাজপথৰ আন্দোলনেৰে কৃষকক সকাহ দিব নোৱাৰে৷ চৰকাৰৰ পৰা অনুমতি পত্র লৈ কৃষকৰ মাজলৈ যোৱাৰ এয়া সময়৷
এতিয়াও সময় আছে কৃষকসকলক পৰৱত্ খেতিৰ াবে সুপৰিকল্পিতভাৱে আঁচনি যুগুতাই কৃষিমন্ত্রীজন দায়িত্বশীল আৰু দূৰদশ্ হোৱাৰ৷ কৃষক মুক্তিয়েও চৰকাৰক বাধ্য কৰাৰ দায়িত্ব ল’ব লাগ্বি৷ কৃষকৰ দৰিদ্রতা সমাজৰ ডাঙৰ ব্যাধি৷ পুত্রহীনৰ ঘৰশূন্য বিদ্যাহীনৰ যেনেকৈ জীৱন শূন্য তেনেকৈ দৰিদ্রৰ জীৱন শূন্য৷
চৰকাৰে শক্তি অনুযায়ী বিনামূলীয়া চাউল যোগান দিয়াত মধ্যভোগীৰ তেজ শুহি খোৱাসকলক ৰাজহুৱা শাস্তি দিবলৈ সংগঠনেবাৰে কিয় চকু দিব নোৱাৰে? ৰেচন কার্ড নথকাসকলক দিয়া ১০০০.০০ টকাতো দৃষ্টি ৰখা এই সাধুকথাৰ ধূর্ত শিয়ালবোৰ নির্বংশ নামৰ জুইত জাহ যাওক৷ সংগঠনসমূহে কর্ত্ব্য নির্দিষ্ট কৰিবই লাগ্বি৷ মনত ৰখা ভাল, কর্ত ওচৰতে থাকে, গতিকে দূৰৈত বিচাৰি কষ্ট কৰাৰ প্রয়োজন নাই৷ জাতীয় সংগঠনবোৰ নেতা নহৈ এতিয়া সেৱক হোৱাৰ সময়৷ নেতা নহয় কেৱল সেৱক হওক, সেৱক৷

  • ড০ বসন্ত কুমাৰ গোস্বামী
You might also like