মন কী বাত
দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়সীমা উকলিবলৈ বেছি দিন নাই৷ ইয়াৰ সমান্তৰালকৈ দেশজুৰি মহামাৰী ক’ভিড–১৯ৰ সংহাৰো অব্যাহত আছে৷ পৰৱর্তী পর্যায়ত দেশবাসীৰ কৰণীয় কি হ’ব, ৰাষ্ট্রই কি পদক্ষেপ ল’ব, ক’ৰোনাবিৰোধী যুঁজখনৰ পৰা দেশখনে কি লাভ কৰিলে, সভ্যতাৰ অন্যতম কঠিন যুঁজখনত আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত ভাৰতবর্ষৰ স্থান কি, এনে বহু প্রশ্ণই এতিয়া জনসাধাৰণক আমনি কৰি আছে৷ অৱশ্যে ইমান দিনৰ অভিজ্ঞতাৰ পৰা দেশবাসীয়ে এটা কথা অনুধাৱন কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে যে ক’ৰোনাবিৰোধী যুঁজখনৰ সমান কঠিন আৰু তীব্র প্রত্যাহ্বানমূলক ৰণ মানৱ সভ্যতাৰ ইতিহাসতেই বিৰল৷ নজিৰবিহীনপ্রায়৷ দুখনকৈ বিশ্বযুদ্ধৰ সন্মুুখীন হোৱা এই সভ্যতাই ইয়াৰ পূর্বে এইদৰে পৃথিৱীখন স্থবিৰ হৈ পৰা দেখা নাছিল৷ এটা নিয়ন্ত্রণহীন ভাইৰাছৰ সন্মুখত পৃথিৱীখন ইমান অসহায় হৈ পৰাও প্রত্যক্ষ কৰা নাছিল৷ দৰব নাই, প্রতিষেধক নাই৷ মাথোঁ উপসর্গৰ ওপৰত ভিত্তি কৰি চিকিৎসা চলিছে৷ সংক্রমণৰ গতি ৰুদ্ধ কৰিবলৈ জনসাধাৰণক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে৷ কায়িকভাৱে মানুহক মানুহৰ কাষলৈ আহিবলৈ দিয়া হোৱা নাই৷ এনে অৱস্থাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীলৈ কি বার্তা দিয়ে, সেইটো জানিবলৈ এইখন দেশৰ কোটি কোটি লোক উদগ্রীৱ হৈ থাকে৷ পৰম উৎকণ্ঠাৰে অপেক্ষা কৰি থাকে৷ একেই উৎকণ্ঠা, আকুলতাৰ প্রতীক হৈ ৰ’ল দেওবাৰ অর্থাৎ ১৬ এপ্রিলত প্রচাৰিত প্রধানমন্ত্রী মোদীৰ ‘মন কী বাত’৷প্রধানমন্ত্রী মোদীয়ে ইয়াৰ পূর্বে ‘মন কী বাত’ৰ জৰিয়তে ৬৩বাৰ দেশবাসীৰ সন্মুখীন হৈছে৷ প্রতিবাৰেই তেওঁ ন ন বিষয় সন্নিৱিষ্ট কৰি জনসাধাৰণক চমক দিয়াৰ লগতে প্রেৰণা দিবলৈ প্রয়াস কৰি আহিছে৷ কিন্তু লকডাউনৰ সময়ছোৱাত ‘মন কী বাত’ৰ গুৰুত্বই অন্য মাত্রা লাভ কৰে৷ এইবাৰৰ ‘মন কী বাত’ত তেওঁ কেতবোৰ গুৰুত্বপূর্ণ বিষয় তথা প্রসংগ উল্লেখ কৰিছে৷ তেওঁ কয় যে ক’ৰোনা ভাইৰাছবিৰোধী যুঁজখনে সমাজৰ দৃষ্টিভংগীয়েই সলনি কৰি দিছে৷ চিকিৎসক হওক বা চাফাই কর্মী নতুবা আৰক্ষী ব্যৱস্থাটোৰ প্রতি সমাজখনত থকা দৃষ্টিভংগীৰ যথেষ্ট পৰিৱর্তন ঘটিছে৷ আৰক্ষীয়ে আর্তজনৰ কাষলৈ প্রয়োজনীয় সামগ্রী, দৰব লৈ গৈছে৷ সঁচা অর্থত ক’বলৈ গ’লে, দেশখনত আৰক্ষী হওক, চিকিৎসক বা চাফাই কর্মী– এনে লোকৰ ক্ষেত্রত সমাজত বৰ ভাল ধাৰণা এটা নাছিল৷ নাছিল বাবেই চিকিৎসকৰ ওপৰত আক্রমণ, আৰক্ষীৰ বিৰুদ্ধে ক্ষোভৰ বিস্ফোৰণ, চাফাই কর্মীক লেইলেই–চেইচেই এইবোৰ সাধাৰণ ঘটনা আছিল৷ কিন্তু নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সভ্যতাৰ সংকটৰ সময়ত যেতিয়া এইসকল লোকে বীৰদর্পে ৰণাংগনত নামি পৰাৰ লগতে আর্তজনৰো কাষত থিয় দিলে, মানুহে নিজৰ দৃষ্টিভংগীত নতুনত্ব আনিবলৈ বাধ্য হ’ল৷ সেয়ে প্রধানমন্ত্রী মোদীৰ ভাষ্যত উল্লেখ হৈছে যে মহামাৰীৰ সময়ত অৱতীর্ণ হোৱা যুঁজে আমাক নিজৰ লগতে সমাজখনত আৰু আশে–পাশে সংঘটিত ঘটনাবোৰক নতুনকৈ চোৱাৰ সুবিধা দিয়ে৷ ‘মন কী বাত’ত আৰু এটা কথা লক্ষণীয় হৈছে, লকডাউন পালনৰ বাবে দেশবাসী কিমান দৃঢ়, সেইটো প্রতিফলিত হৈছে এই সময়ছোৱাত ৰঙালী বিহু, বিশু, উৰিয়া নৱবর্ষৰ দৰে বহু উৎসৱ উদ্যাপন কৰিবলগীয়া আছিল৷ কিন্তু একমাত্র ক’ৰোনাৰ সৈতে যুঁজ দিয়াৰ বাবে জনসাধাৰণে নিজ গৃহতে থাকি অনুষ্টুপীয়াকৈ এনে উৎসৱ পালন কৰি নতুন আশাৰ সঞ্চাৰ কৰিলে৷ আনহাতে, ভাষণত আন এটা তাৎপর্যপূর্ণ তথা ইংগিতপূর্ণ বিষয় সন্নিৱিষ্ট হয়৷ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রই একপ্রকাৰ ধমকি দি ভাৰতৰ পৰা মেলেৰিয়াৰ দৰব এবিধ লৈ যোৱা কাণ্ডটোক শ্লেষাত্মকভাৱে উপস্থাপন কৰি তেওঁ কয় যে যিটো মোৰ নহয়, যাৰ ওপৰত মোৰ অধিকাৰ নাই, সেইটো মই আনৰ পৰা আঁজুৰি ল’ম আৰু আঁজুৰি লৈ ব্যৱহাৰ কৰিম, সেইটোক বিকৃতি বুলি ক’ব পাৰি৷ প্রকৃতি আৰু বিকৃতিৰ ঊর্ধ্বত থাকি যেতিয়া কোনো সংস্কাৰপূর্ণ মনে চিন্তা কৰে বা ব্যৱহাৰ কৰে, তাত সংসৃকতি পৰিলক্ষিত হয় বুলি তেওঁ উল্লেখ কৰে৷ ভাৰতবর্ষই এইক্ষেত্রত নিজৰ সমৃদ্ধিশালী সংস্কাৰ, সংসৃকতিৰ আধাৰত কিছু সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এইক্ষেত্রত বিশ্বৰ কেইবাখনো সমৃদ্ধিশালী দেশক দৰব দিয়াৰ কথাটো উনুকিয়ায়৷ প্রধানমন্ত্রী মোদীয়ে এইবাৰৰ ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীৰ সন্মুখত এনে বহু গুৰুত্বপূর্ণ বিষয় দাঙি ধৰি ভাৰতবর্ষৰ ইতিহাস, সংসৃকতি, আচৰণ, দায়িত্ববোধ মানৱ সভ্যতাৰ এই সংকটকালত কিদৰে উজলি উঠিছে, তাৰ প্রতিফলন ঘটাইছে৷