নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইৰ পৰা পলাই ভাৰতত আশ্রয় বিলিয়নাৰ বি আৰ শেট্টীৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ৰূপকথাৰ দৰে তেওঁৰ উত্থানৰ কাহিনীয়ে সকলোকে বিস্মিত কৰিছিল৷ এতিয়া সমানেই বিস্ময়েৰে সকলোৱে প্রত্যক্ষ কৰিছে কিদৰে নিজ হাতে গঢ়া এখন বিশাল সাম্রাজ্যৰ পতন তেওঁ অৱধাৰিত কৰি তুলিলে৷ প্রবাসী ভাৰতীয় সংযুক্ত আমিৰ শ্বাহীৰ ধনকুবেৰ বভগুথু ৰঘুৰাম শেট্টীৰ বিৰুদ্ধে জালিয়াতি আৰু প্রৱঞ্চনাৰ অভিযোগে সম্প্রতি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৭০ৰ দশকত কর্ণাটকৰ পৰা গৈ ডুবাইত ফামার্চিষ্টজনে বুদ্ধি আৰু অশেষ কষ্টৰে কম সময়ৰ ভিতৰতে ঔষধৰ ব্যৱসায়ত দোপতদোপে উন্নতি কৰি সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল৷ হাস্পতালৰ পৰা দৰব কোম্পানী আৰু বিত্তীয় প্রতিষ্ঠানলৈ কেইবাটাও কোম্পানী গঢ় দি বি আৰ শেট্টী বিলিয়নাৰত পৰিণত হৈছিল৷ ডুবাইৰ এজন প্রভাৱশালী ব্যক্তিত পৰিণত হৈ তেওঁ ব্যৱসায়িক সাম্রাজ্যৰ ব্যাপক সম্প্রসাৰণ ঘটাইছিল৷

ভাৰততো বিশেষকৈ দাক্ষিণাত্যত তেওঁ হ’ল এজন জনপ্রিয় ব্যক্তি, যাৰ বদান্যতাৰ বাবে সকলোৱে সন্মানৰ দৃষ্টিৰে চাই আহিছে৷ এই বি আৰ শেট্টীয়েই দুবছৰৰ পূর্বে অসম চাহ কোম্পানীৰ ব্যাপক আর্থিক সংকটৰ সময়ত ৭০০ কোটি টকাৰ চুক্তিত কোম্পানীটোৰ ১৫খনকৈ বাগিচা ক্রয় কৰিছিল৷ ডিব্রুগড়ত শেট্টীয়ে ঘোষণা কৰিছিল– বি আৰ ভেঞ্চাৰৰ অধীনস্থ অসম চাহ কোম্পানীৰ ১৫খনকৈ বাগিচাৰ ২৬ হাজাৰ শ্রমিকৰ লগতে সকলো কর্মচাৰীয়ে এতিয়া বিত্তীয় দিশত তিলমাত্রও চিন্তা কৰিব লগা নহয়৷ বৰঞ্চ অত্যাধুনিক প্রযুক্তিৰে বাগিচাকেইখনৰ পৰিচালনাৰ পদ্ধতি সলনি কৰি দিয়াৰ অভিলাষী আঁচনিৰ কথাও তেওঁ ঘোষণা কৰিছিল৷ ডিব্রুগড়ত অসম চাহ কোম্পানীৰ সদৰ কার্যালয় স্থাপন কৰা হ’ব বুলি ঘোষণা কৰা সংবাদ মেলখনত তেওঁ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ সন্মুখতে প্রকাশ কৰিছিল যে অসমৰ মৃতপ্রায় দুই ঔদ্যোগিক প্রতিষ্ঠান নগাঁও আৰু কাছাৰ কাগজ কল ক্রয় কৰিবলৈ তেওঁ আগ্রহী৷ এই সন্দর্ভত মৌখিকভাৱে তেওঁ ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে কেইবালানি আলোচনাতো মিলিত হৈছিল৷ কিন্তু এহেজাৰ কোটি টকা ব্যয়েৰে এখন ভাৰতীয় চিনেমা নির্মাণৰ সপোনৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰা এই ধনকুবেৰজন যে ইমান গভীৰ সংকটৰ মাজত সোমাই পৰিব, সেয়া কল্পনাৰো অগোচৰ৷ এই কাহিনী ৰাইজ এণ্ড ফল অব এ ড্রিমাৰৰ দৰে৷ বি আৰ শেট্টী এতিয়া ভাৰতত আশ্রয় লৈ আছে যদিও ডুবাইত তেওঁৰ বিৰুদ্ধে উত্থাপিত অর্থনৈতিক জালিয়াতি আৰু প্রৱঞ্চনাৰ গোচৰে প্রতিপত্তিশীল ধনকুবেৰজনৰ ভৱিষ্যৎ অন্ধকাৰ কৰি তুলিছে৷ এন এম চি হেল্থ, ফিনাবিৰ, ট্রেভেলেক্স, ইউ এ ই এক্সচেঞ্জ আদি এন এম চি গ্রুপৰ প্রায় সকলো প্রতিষ্ঠানেই এতিয়া ঋণত পোত গৈ আছে৷ প্রকাশিত বাতৰি মতে এন এম চি গ্রুপৰ অধ্যক্ষ হিচাপে তেওঁ প্রায় ৮০টা বেংক আৰু বিত্তীয় প্রতিষ্ঠানৰ পৰা ৬.৬ বিলিয়ন ডলাৰ ঋণ লৈ ওভতাই দিয়া নাই৷ বৰঞ্চ ষ্টক মার্কেটত তেওঁৰ প্রতিষ্ঠানে ঋণৰ বোজাৰ পৰিমাণ হ্রাস কৰি ভুল তথ্য দিয়াৰ লগতে বাণিজ্যিক লেনদেনত ইয়াৰ সুবিধা গ্রহণ কৰি আহিছিল৷ কেইবাবছৰৰো পৰা এন এম চি গ্রুপে ভুৱা তথ্যৰে শ্বেয়াৰ বজাৰক ভুল পথে পৰিচালিত কৰিছিল যদিও নাটকীয়ভাৱে তেওঁৰ এই সমস্ত কুকীর্তি পোহৰলৈ আহে৷ ২০১৯ৰ আগষ্টত মাডি ৱাটার্ছ নামৰ ব্রিটেইনৰ এখন ইনভেষ্টমেণ্ট ফার্মে শ্বেয়াৰ বজাৰত চাঞ্চল্যৰ সৃষ্টি কৰাৰ বাবে ঘোষণা কৰিছিল যে এদিনৰ পিাছতেই তেওঁলোকে সংযুক্ত আমিৰ শ্বাহীৰ সৈতে সম্পর্কিত আৰু লণ্ডন ষ্টক একচেঞ্জত পঞ্জীয়নকৃত এটা কোম্পানীৰ বিশাল বিত্তীয় অনিয়মৰ তথ্য ফাদিল কৰিব৷

সেইদিনাই এন এম চি গ্রুপৰ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰ ব্যাপক হাৰত নিম্নগামী হোৱাটো দৃষ্টিগোচৰ হয় মাডি ৱাটার্ছৰ৷ বি আৰ শেট্টীৰ প্রতিষ্ঠানসমূহে বিত্তীয় অনিয়ম কৰাৰ সন্দেহ তেতিয়াই গাঢ় হৈ পৰে আৰু মাডি ৱাটার্ছ নামৰ ব্যক্তিগত প্রতিষ্ঠানটোৱে আৰম্ভ কৰে গোপন তদন্তৰ৷ ২০১৯ চনৰ ডিচেম্বৰত তেওঁলোকে প্রকাশ কৰা প্রতিবেদনে আমিৰ শ্বাহীৰ লগতে ব্রিটেইনতো তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷ তেওঁলোকৰ প্রতিবেদনত প্রকাশ পায় যে এন এম চি হেল্থে আর্থিক লেনদেনত ব্যাপক জালিয়াতি সংঘটিত কৰিছে৷ উক্ত প্রতিবেদন মতে ২০১৯ চনত এন এম চি গ্রুপৰ ঋণৰ বোজা ৪.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল যদিও লণ্ডন ষ্টক মার্কেটত এই পৰিমাণ যথেষ্ট কম দেখুওৱা হৈছে৷ আনহাতে ফিনাবিৰ নামৰ প্রতিষ্ঠানটোৰ কার্যকর্তাসকলে চেকযোগে ১০০ নিযুত ডলাৰ বেনামী প্রতিষ্ঠানক প্রদান কৰিছিল যদিও এই বিষয়ে অংশীদাৰসকলক ঘুণাক্ষাৰেও জনোৱা নাছিল৷ এই প্রতিবেদনৰ পিছতো শেট্টীয়ে এন এম চি গ্রুপৰ অধ্যক্ষ হিচাপে পদত্যাগ কৰে৷ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে আবুধাবিৰ কমার্চিয়েল বেংক এ ডি চি ডি, ডুবাই ইছলামিক বেংক, বার্কলে আদিয়ে শেট্টীৰ লগতে প্রতিষ্ঠানটোৰ কেইবাজনো শীর্ষ বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে৷ অৱশ্যে এই গোচৰ ৰুজু কৰাৰ পূর্বেই বি আৰ শেট্টীয়ে যোৱা ফেব্রুৱাৰী মাহত ভাৰতলৈ উৰা মাৰে৷ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে বার্তালাপত তেওঁ কয় যে সম্পূর্ণ ঘৰুৱা কামত তেওঁ ঘৰলৈ আহিছে৷ তেওঁৰ ভাতৃ ভীষণভাৱে অসুস্থ৷ আৰু তেওঁৰ চিকিৎসা–পৰিচর্যাৰ বাবে কিছুদিন ভাৰতত থাকিবলগীয়া হ’ব৷ কিন্তু ইতিমধ্যে আমিৰ শ্বাহীৰ চাঞ্চল্যকৰ জালিয়াতিৰ কাহিনী পোহৰলৈ আহিছিল৷

এই সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ মাথোঁ এটা কথাই কৈছিল– সোনকালেই আপোনালোকে ভাল খবৰ পাব৷ কিন্তু বিয়াগোম জালিয়াতিৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া সংবাদ মাধ্যমৰ পৰা দূৰত অৱস্থান কৰিছে বি আৰ শেট্টীয়ে৷ সম্প্রতি তেওঁ ভাৰতৰ কোন স্থানত আছে, সেয়া জানিব পৰা হোৱা নাই৷ কিছুদিন পূর্বে তেওঁ মন্তব্য কৰিছিল যে তেওঁ শীঘ্রেই আমিৰ শ্বাহীলৈ উভতি যাব৷ কিন্তু ভাৰত এৰিলেই যে তেওঁ গ্রেপ্তাৰ হ’বলগীয়া হ’ব সেয়া নিশ্চিত৷ এনেদৰেই এতিয়া বি আৰ শেট্টীৰ ৪ দশকজোৰা উপন্যাসোপম উত্থানৰ কাহিনী হঠাতে এণ্টি ক্লাইমেক্সত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ কুৰি বছৰীয়া যুৱক হিচাপে কর্ণাটকৰ উলুপী পৌৰসভাৰ কাউন্সিলৰ নির্বাচনত জনসংঘৰ প্রার্থী হিচাপে জয়ী হৈ ৰাজনীতিৰ পথাৰত ভৰি দিয়া বি আৰ শেট্টীয়ে আর্থিক সংকটত পৰিয়েই কর্মসংস্থাপনৰ সন্ধানত ১৯৭৯ চনত আমিৰ শ্বাহীলৈ ৰাওনা হৈছিল৷ ডুবাইত উপস্থিত হোৱাৰ দিনা তেওঁৰ জেপত আছিল মাত্র ৮ ডলাৰ আৰু এটা বেগ৷ ডুবাইত নমাৰ পিছতেই চুৰি হৈছিল বেগটোও৷ চাকৰি বিচাৰি হাবাথুৰি খোৱা বি আৰ শেট্টীয়ে অৱশেষত আৱিষ্কাৰ কৰে যে দেশখনত তেতিয়ালৈকে মেডিকেল ৰিপ্রেজেনটেটিভৰ কোনো ধাৰণাই নাছিল৷ ফার্মাচিষ্ট হিচাপে তেওঁ এই কামটোকেই বাছি ল’লে৷ ইয়াৰ বাবে তেওঁ এটা বেগত বিভিন্ন প্রতিষ্ঠানৰ ঔষধ লৈ পুৱাৰ পৰা গধূলিলৈ ঘূৰি ফুৰা আৰম্ভ কৰিলে৷ লাহে লাহে চিকিৎসকৰ মাজত তেওঁ পৰিচিত হৈ পৰিল৷ দৰব কোম্পানীসমূহৰ সৈতেও হ’ল পৰিচয়৷ লাহে লাহে তেওঁ জীৱিকাৰ সন্ধান পালে৷ তেওঁ হৈ পৰিল দেশখনৰ প্রথমজন মেডিকেল ৰিপ্রেজেনটেটিভ৷ কেইবছৰমানৰ ভিতৰতে তেওঁ এখন নার্ছিং হোম আৰম্ভ কৰিব পৰাকৈ আর্থিকভাৱে সচ্ছল হৈ পৰিল৷ নাম দিলে এন এম চি ক্লিনিক৷ সেয়াই আৰম্ভণি৷

হাস্পতালৰ বিশাল চেইন, ঔষধ প্রস্তুতকাৰক কোম্পানী, বিত্তীয় প্রতিষ্ঠানসমূহৰ সাফল্যই দেশখনত কম সময়ৰ ভিতৰতে প্রভাৱশালী কৰি তুলিলে কর্ণাটকৰ এই ফার্মাচিষ্টজনক৷ আমিৰ শ্বাহীত কর্মৰত বহিৰাগত শ্রমিকসকলে ঘৰলৈ ধন প্রেৰণৰ বাবে যথেষ্ট অসুবিধাত পৰা বিষয়টো উপলব্ধি কৰি বি আৰ শেট্টীয়ে আৰম্ভ কৰিছিল ইউ এ ই একচেঞ্জ নামৰ প্রতিষ্ঠানটো৷ যিটোৱে কম খৰচত মানী ট্রেন্সফাৰৰ সুবিধা প্রদান কৰাৰ লগতে অশিক্ষিত শ্রমিকসকলক সকলো ধৰণৰ সহায় কৰাৰ পদক্ষেপ লৈছিল৷ স্বাভাৱিকতে এই শ্রমিকসকলৰ মাজত জনপ্রিয় হৈ পৰিছিল বি আৰ শেট্টী৷ উল্লেখ্য যে মাডি ৱাটার্ছে ২০১৯ চনৰ ১৬ ডিচেম্বৰত সেই চাঞ্চল্যকৰ প্রতিবেদন প্রকাশ কৰাৰ আগদিনা লণ্ডন শ্বেয়াৰ বজাৰত এন এম চি হেল্থৰ ষ্টক আছিল ২,৫৮৫ পইণ্ট৷ ৭ ফেব্রুৱাৰীত এন এম চি হেল্থৰ ষ্টক ৭০০ পইণ্টলৈ নিম্নগামী হয়৷ জালিয়াতিৰ তথ্যসমূহ লাহে লাহে পোহৰলৈ অহাৰ লগে লগে ২৭ ফেব্রুৱাৰীত লণ্ডন ষ্টক একচেঞ্জে এন এম চিৰ শ্বেয়াৰ বন্ধ কৰি দিয়ে৷ শেহতীয়া তথ্য মতে এন এম চিয়ে আবুধাবিৰ কমার্চিয়েল বেংকক ৯৬৩ নিযুত ডলাৰ, ডুবাই ইছলামিক বেংকক ৫৪১ নিযুত ডলাৰ, আবুধাবি ইছলামিক বেংকক ৩২৫ নিযুত ডলাৰ, ষ্টেণ্ডার্ড চার্টার্ডক ২৫০ নিযুত ডলাৰ আৰু বার্কলেক ১৪৬ নিযুত ডলাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে৷ ইয়াৰ উপৰি অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা গ্রহণ কৰা ঋণ মিলাই তেওঁৰ ঋণৰ বোজা ৬ বিলিয়ন ডলাৰৰ অধিক হ’ব বুলি অনুমান কৰা হৈছে৷

You might also like