নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘা আজাৰাত ২৫জনক আটকঃ শতাধিক বাইক জব্দ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ কঠোৰ নির্দেশনা অনুসৰি লকডাউনৰ সময়ছোৱাত মাস্ক পৰিধান নকৰা, দুচকীয়া বাহনত দুজন উঠা আৰু অনুমতিবিহীনভাৱে যান–বাহন লৈ ঘূৰি ফুৰা ব্যক্তিৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী৷ সাম্প্রতিক সময়ত এই স্পর্শকাতৰ বিষয়টোৰ প্রতি গুৰুত্ব অনুধাৱন কৰি মহানগৰ আৰক্ষীয়ে ইতিমধ্যে মহানগৰীৰ ভিন্ন স্থানত অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ আৰক্ষীৰ নির্দেশনা উলংঘা কৰা অসাধু ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰি আহিছে৷

দেওবাৰে আজাৰা থানা এলেকাৰ ধাৰাপুৰ চাৰিআলি, গধূলি বজাৰ আৰু ৰাণী গেটত অভিযান চলাই ২৫জন লোকক আটক কৰে৷ এইসকল লোকে মাস্ক পৰিধান নকৰি ৰাজহুৱা স্থানত আড্ডা মাৰি আছিল৷ ইপিনে, মাস্ক পৰিধান নকৰি দুচকীয়া বাহন চলোৱা লোকক আটক কৰাৰ লগতে বাহনকেইখন জব্দ কৰে৷ উল্লেখ্য যে আজি আটক কৰা লোককেইজনৰ বিৰুদ্ধে একোটাকৈ বিভাগীয় গোচৰ পঞ্জীয়ন কৰি জামিনত এৰি দিয়ে৷ ইপিনে, আজাৰা আৰক্ষীয়ে যোৱা পাঁচ দিনত প্রায় শতাধিক দুচকীয়া বাহন জব্দ কৰি ইতিমধ্যে আইন উলংঘা কৰা চালক কিম্বা গৰাকীৰ বিৰুদ্ধেও একোটাকৈ বিভাগীয় গোচৰ পঞ্জীয়ন কৰিছে৷

You might also like