নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ ৰঙানদীপৰীয়া এলেকাত পথৰ শিলান্যাস বিধায়ক ঋষিৰাজ হাজৰিকাৰ

নৈপৰীয়া এলেকাৰ যাতায়াত ব্যবস্থা সাধাৰণতে সূচল নহয়। পথৰ উন্নয়ন কৰাত সংশ্লিষ্ট সকলো পক্ষই হেমাহি কৰে। যাৰ ফল ভূগিবলগীয়া হয় নৈপৰীয়া ৰাইজে। লখিমপুৰৰ তেনে এটা এলেকা হল ৰঙা নদী পৰীয়া বগলীজান।

নদীখনৰ মথাউৰিৰ কাষতে লাগি থকা বগলীজান এলেকাৰ মূল পথটো বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ আছিল। নৈ পৰীয়া বহু গাৱক সংযোগ কৰা এক মাত্র এই মূল পথটো মেৰামতিৰ  অভাবত বহু বছৰ ধৰি বিধ্বস্ত হৈ আছিল।

পূৰ্বতে লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আছিল এই এলেকাটো। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰন কৰাৰ ফলত এলেকাটো নতুন সমষ্টি ৰঙা নদী সমষ্টিৰ অন্তর্ভুক্ত হয়। নতুন সমষ্টিটোৰ নতুন বিধায়ক ঋষিৰাজ হাজৰিকাৰ চকু পৰিল এই পথটোৰ দুৰৱস্হাত। তেও উদ্যোগ ললে পথটো পকীকৰণৰ।

অন্তর্ভুক্ত কৰিলে মুখ্যমন্ত্ৰী পকী পথ নির্মাণ আঁচনিৰ অধীনত। আজি তেওঁ পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰি শিলান্যাস কৰে। স্হানীয় ৰাইজৰ উপস্থিতিত তেও পথটোৰ শিলান্যাস কৰে। উল্লেখ্য ইতিমধ্যে পথটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছে।

৮৮.৮৩ লাখ টকা ব্যয় সাপেক্ষে ১,৩৪১ কি:মি: দৈৰ্ঘ্যৰ নিৰ্মাণ হ’বলগীয়া এই পথছোৱাই বগলীজান আৰু গুবৰিশালিবাসী ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিব। বিধায়ক ঋষিৰাজ হাজৰিকাই পথটো অনুমোদন কৰাৰ বাবে  মুখ্যমন্ত্রী মাননীয় ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

এনেধৰণে মুখ্যমন্ত্ৰীৰ উন্নয়নী ধাৰা আৰু বলিষ্ঠ নেতৃত্বই অসমৰ লগতে ৰঙানদী বিধানসভা সমষ্টি  জিলিকি উঠিব বুলি তেও আশাভৰা মন্তব্য কৰে।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ জুন

You might also like