ঢকুৱাখনাত কৃষিকর্মৰে সেউজ বিপ্লৱৰ সূচনা যুৱপ্রজন্মৰ
নিয়মীয়া বাৰ্তা, ৩ মেঃ ৰাজ্যৰ একাংশ যুৱপ্রজন্মৰ অদম্য কর্মস্পৃহা বর্তমান সময়ৰ বিস্ফোৰণমুখী নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত সকলোৰে বাবে পাথেয় হ’ব পাৰে৷ আচলতে কথাতে কয়– মন কৰিলে ছন হয়৷ আশা–আকাংক্ষা যদি দৃঢ় হয়, কোনো প্রাচীৰে ৰুধিব নোৱাৰে৷ কর্মই ধর্ম– এই কথাত বিশ্বাস ৰাখি কৃষিক্ষেত্রৰ লগত বিশেষভাৱে জডিত হৈ জীৱনৰ সোণোৱালী দিনৰ সপোন ৰচিছে ঢকুৱাখনাৰ একাংশ উদ্যমী পুৰুষ–মহিলাই৷ ৰাজপথত আন্দোলনৰ সলনি কৃষি বিপ্লৱৰ সূচনা কৰাতহেব্রতী এইসকল লোক৷
যি সময়ত ৰাজ্যখনৰ একাংশ যুৱকে কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, তেনে সময়তে ঢ়কুৱাখনাত একাংশ যুৱকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও কৃষি কার্যকে সাৰথি হিচাপে লৈব্রতী হৈছে নিজ নিজ কর্মত৷ ধ্রুৱজ্যোতি শইকীয়া, শৈলেন কুমাৰ দত্ত, যোগানন্দ গগৈ আদি প্রতিজনেই শিক্ষিত যুৱক৷ কোনোজন স্নাতক, কোনোবাজন স্নাতকোত্তৰ৷ প্রথম অৱস্থাত চৰকাৰী চাকৰিৰ আশাত স্বপ্নৱিষ্ট হৈ কেইটামান মূল্যৱানবছৰ অবাবত ব্যয় কৰাৰ পিছত জীৱনক যেন নতুনকৈ উপলব্ধি কৰিলে তেওঁলোকে৷ কৃষিকর্মৰ জৰিয়তে চহকী হোৱাৰ সপোন দেখিছিল আৰু আজিৰ পর্যায়ত তেওঁলোক সফল কৃষক হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কৃষি কার্যত নিয়োজিত হৈ স্বাৱলম্বীৰ মুখ দেখি নিজকে সুখী কৰাৰ লগতে অঞ্চলটোৰ বহু কৃষকক কৃষিকর্মৰ দ্বাৰা কম সময়ত স্বাৱলম্বীৰ শিখৰলৈ নিয়াত এওঁলোক অঞ্চলটোৰ বাবে আদর্শৰ চানেকি হৈ পৰিছে৷
উল্লেখ্য যে ঢকুৱাখনা–ঘিলামৰা একাংশ উদ্যমী কৃষকক লৈ গঠন কৰা ‘ ডেন মাল্টি পাৰপ’ছ এগ্রিকালচাৰ প্রডিউচাৰ কোম্পানী লিমিটেড’ নামৰ কৃষক গোটটোৱে বাৰ মাহত তেৰটা খেতিৰে এক সেউজ বিপ্লৱৰ সূচনা কৰি ঢ়কুৱাখনাৰ গ্রাম্য অর্থনীতিলৈ এক যোগাত্মক বার্তা কঢ়িয়াই আনিছে৷বছৰি আলু, গোমধান খেতিৰ সমান্তৰালকৈ মুগা আৰু এৰী পলু পালনেৰে বছৰি ৫–৬ লাখ টকা উপার্জন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে৷ চলিতবর্ষত গোটটোৱে হিমাচল প্রদেশৰ পৰা অনা উন্নত প্রজাতিৰ আলু খেতি কৰি আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰি গোমধান খেতি কৰি কেইবাকুইণ্টল গোমধান উৎপাদন কৰে৷
ইফালে, উদ্যমী যুৱককেইজনে শেহতীয়াকৈ ঢকুৱাখনা মহকুমাৰ ধেনুখনাত ৭ বিঘা মাটিত প্রথমবাৰৰ বাবে চয়াবিন খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে৷ মধ্য প্রদেশৰ ইন্দোৰস্থিত চয়াবিন গৱেষণা কেন্দ্রৰ লগতে অসম কৃষি বিশ্ববিদ্যালয় আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ডেন মাল্টিপাৰপ’ছ এগ্রিকালচাৰ প্রডিউচাৰ কোম্পানী লিমিটেডৰ অধীনত ধ্রুৱজ্যোতি শইকীয়া, শৈলেন কুমাৰ দত্ত, যোগানন্দ গগৈ, হৰেন্দ্র শইকীয়া, পৰী বৰুৱা, চন্দন ফুকন, দেৱযানী গোহঁাই, হৰেশ দত্ত, দিবাকৰ চুতীয়া, মনোজ শইকীয়া, সবিতা গগৈ আদি উদ্যমী যুৱক–যুৱতীৰ সংঘবদ্ধ প্রচেষ্টাত যোৱা ফেব্রুৱাৰী মাহৰ পৰা পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে চয়াবিন খেতি৷
ধেনুখনাৰ বিস্তৃত ভূমিত সম্প্রতি ফুলেৰে জাতিষ্কাৰ হৈ পৰা চয়াবিনডৰাই তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তোলাৰ লগতে ঈপ্সিত লক্ষ্যত উপনীত হৈ সমগ্র ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এক নতুন বার্তা৷ সেই বার্তা স্ব–নিয়োজনৰ, সংগ্রামী পথেৰে ভৰা অর্থনৈতিক স্বাৱলম্বিতাৰ৷ ধ্রুৱজ্যোতি শইকীয়া, শৈলেন কুমাৰ দত্তৰ নিজৰ উত্থানৰ প্রতিমুহূর্তৰ সাক্ষী লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ভৱেশ চন্দ্র ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্রৰ বিষয়া–কর্মীসকলৰ ঐকান্তিক সহযোগিতাক অকপটে স্বীকাৰ কৰিছে৷ আনহাতে, চৰকাৰৰ পৰা কোনোধৰণৰ সহায়–সাহায্য অবিহনেই তেওঁলোকে চলাই গৈছে নিজৰ লগতে আনকো স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এই সংগ্রামখন৷ ৰাজ্যৰ কৃষি বিভাগে এইসকল কৃষকক গুৰুত্ব দিলে নিশ্চয় এওঁলোকৰ লগতে আন বহু যুৱক কৃষিকর্মৰ প্রতি উৎসাহী হৈ উঠিব৷