নিয়মীয়া বাৰ্তা, ৫ মেঃ ৰাজ্যত অপৰাধমূলক কার্য বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত ব্যক্তিগত নিৰাপত্তা প্রতিষ্ঠানসমূহৰ চাহিদাও দ্রুতগতিত বাঢ়িছে৷ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয়, আৱাসিক অঞ্চল আদিত নিয়োগ কৰা হয় এনে প্রতিষ্ঠানৰ নিৰাপত্তাৰক্ষী৷ ব্যক্তিগত নিৰাপত্তা প্রতিষ্ঠানৰ পৰিচালনাৰ বাবে প্রয়োজন হয় অসম আৰক্ষীৰ যাৱতীয় অনুমতিৰ৷ কিন্তু ৰাজ্যত এতিয়া পাণ–তামোলৰ দোকানৰ দৰে চুকে–কোণে গঢ়ি উঠিছে বিভিন্ন নিৰাপত্তা প্রতিষ্ঠান৷ আৰক্ষী–প্রশাসনৰ কোনোধৰণৰ অনুমতি নোহোৱাকৈ গঢ়ি উঠা প্রতিষ্ঠানসমূহ এতিয়া সামাজিক নিৰাপত্তাৰ বাবেহে ভাবুকিস্বৰূপ হৈ উঠিছে৷ জাল নথিপত্রৰে ৰাজ্যৰ বহু গুৰুত্বপূর্ণ স্থানত নিৰাপত্তাৰক্ষী নিয়োগ কৰি অহা এটা প্রতিষ্ঠানৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷
প্রাপ্ত অভিযোগ অনুসৰি, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ে চিকিৎসা প্রতিষ্ঠানখনৰ বাবে ব্যক্তিগত নিৰাপত্তা প্রতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছিল৷ সেইমর্মে ৰাজ্যখনৰ মুঠ ১৩টা প্রতিষ্ঠানে নিবিদা দাখিল কৰে৷ কিন্তু বাছনি সমিতিয়ে নিৰাপত্তা প্রতিষ্ঠানসমূহৰ নথিপত্র পৰীক্ষা কৰাৰ সময়ত পোহৰলৈ আহে এক বিস্ফোৰক তথ্য৷ বৰপেটা মেডিকেল কলেজত নিৰাপত্তাৰক্ষী নিয়োগৰ বাবে নিবিদা দাখিল কৰা গুৱাহাটীৰ গ্রুপ ফাইভ প্লেচমেণ্ট এণ্ড ছিকিউৰিটী ছার্ভিছেছে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ চহী জালিয়াতিৰে নথিপত্র জমা দিছিল৷ নিবিদাৰ লগত তেওঁলোকে প্রতিষ্ঠানটোৰ যিখন অনুমতি–পত্র দাখিল কৰিছিল, তাত কর্তৃত্বশীল বিষয়া হিচাপে অসম আৰক্ষীৰ (আইন–শৃংখলা শাখাৰ) এছ এন সিঙৰ চহী উল্লেখ আছিল৷
চহীৰ লগত উল্লিখিত তাৰিখ আছিল ২০১৯ চনৰ ১১ অক্টোবৰ৷ কিন্তু বাছনি সমিতিৰ পৰীক্ষাত ওলাই পৰে যে সেই দিনটোত এছ এন সিং আইন–শৃংখলা শাখাৰ দায়িত্বত নাছিল৷ তাৰ পূর্বেই তেওঁৰ অন্যান্য শাখালৈ বদলি হৈছিল৷ অর্থাৎ অসম আৰক্ষীৰ মহাপৰিদর্শকৰ চহী–ছীল জাল কৰি গুৱাহাটীৰ ‘গ্রুপ ফাইভ প্লেচমেণ্ট এণ্ড ছিকিউৰিটী ছার্ভিছেছ’–এ ভুৱা অনুমতি–পত্র দাখিল কৰিছিল৷ আনহাতে এই আৰক্ষী বিষয়াজন ইতিমধ্যেই পদোন্নতি হৈ আৰক্ষী অতিৰিক্ত সঞ্চালকপ্রধান হৈছে৷ এই জালিয়াতি প্রমাণ হোৱাৰ পিছতে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ নিবিদা প্রক্রিয়াৰ পৰা এই প্রতিষ্ঠানটোক অযোগ্য ঘোষণা কৰা হয়৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল এনেধৰণৰ জালিয়াতিত লিপ্ত প্রতিষ্ঠানটো বর্তমান সময়তো ৰাজ্যখনৰ বহু গুৰুত্বপূর্ণ প্রতিষ্ঠানৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে৷
গুৱাহাটী বিশ্ববিদ্যালয়, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, শংকৰদেৱ নেত্রালয়, যোৰহাটৰ বায়ুসেনা ছাউনী আদিত ‘গ্রুপ ফাইভ প্লেচমেণ্ট এণ্ড ছিকিউৰিটী ছার্ভিছেছ’ৰ নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে৷ যিটো এই চিকিৎসা, শিক্ষা তথা সামৰিক প্রতিষ্ঠানসমূহৰ সুৰক্ষাৰ প্রতিয়ে যিকোনো সময়ত ভাবুকি হৈ উঠিব পাৰে৷ চর্চিত খবৰটো হৈছে, ‘গ্রুপ ফাইভ’ নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰীজনে বিভিন্ন স্তৰৰ ব্যক্তিৰ লগত অসাধু বুজাবুজিৰে নিবিদা লাভ কৰিবলৈ সক্ষম হয়৷ এনেদৰে জালিয়াতিৰে ব্যৱসায় চলাই অহা প্রতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষী–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷