নিয়মীয়া বাৰ্তা, ৫ মেঃ চাংসাৰিত নির্মীয়মাণ এইমছত কর্মৰত শ্রমিকক লৈ আজি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষী–প্রশাসনৰ বাৰম্বাৰ বাধাৰ পিছতো বহিঃৰাজ্যৰ শতাধিক শ্রমিকে আচম্বিতে হাতত টালি–টোপোলা লৈ স্ব–গৃহলৈ খোজকাঢ়ি যোৱাৰ সংকল্পৰে ৰাজপথলৈ ওলাই অহাত অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰে৷ চাংসাৰি আৰক্ষীয়ে চিআৰপিএফৰ সহযোগত শ্রমিকসকলক নিয়ন্ত্রণৰ চেষ্টা চলায় যদিও উত্তেজনাৰ সৃষ্টি হয়৷ আনকি আৰক্ষীয়ে শ্রমিকসকলক এইমছ প্রতিষ্ঠানলৈ নিয়াৰ বাবে তৎপৰতা চলায় যদিও ব্যর্থ হয়৷
মূলতঃ লকডাউন ভংগ কৰি ৰাজপথলৈ সদলবলে ওলাই অহাত বিপাঙত পৰে চাংসাৰি আৰক্ষী৷ এনে পৰিপ্রেক্ষিতত হৰতাল কৰা শ্রমিকসকলক আটক কৰিবলৈ বাধ্য হয় চাংসাৰি আৰক্ষী৷ ইতিমধ্যে তেওঁলোকক অ’চি বাবুল কুমাৰ মেধিয়ে অতি কৌশলগতভাৱে থানা প্রাংগণলৈ লৈ আহি বহাই থোৱাৰ ব্যৱস্থা কৰে৷ অৱশ্যে পিছত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন নাথ আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্র বিষয়া জীৱন কৃষ্ণ গোস্বামী৷ বিষয়া দুগৰাকীয়ে বিভাগীয় কর্তৃপক্ষ আৰু শ্রমিকসকলৰ লগত এক আলোচনাত মিলিত হোৱাৰ পিছত বিয়লিৰ ভাগত শ্রমিকসকলক মুকলি কৰি এইমছ প্রতিষ্ঠানলৈ লৈ যোৱা হয়৷
কিন্তু ইয়াৰ পিছতো শান্ত হোৱাৰ পৰিৱর্তে এইবাৰ শ্রমিকসকলে এইমছৰ কার্যালয় ঘেৰাও কৰে৷ শ্রমিকৰ অভিযোগ– দীর্ঘদিন ধৰি তেওঁলোকক আদায় দিয়া হোৱা নাই প্রাপ্য মজুৰি৷ যাৰ বাবে তেওঁলোক বহু সমস্যাত পৰিছে৷ ঘৰলৈ টকা–পইচা পঠিয়াব নোৱাৰাত পৰিয়ালসমূহৰো বিলাই–বিপত্তি হৈছে৷ ইয়াৰ বাবে খোজকাঢ়ি হ’লেও স্বগৃহলৈ যাবলৈ বদ্ধপৰিকৰ হোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ ইপিনে, শ্রমিকৰ অভিযোগ খণ্ডন কৰিছে এইমছ নির্মাণকাৰী নাগার্জুন (এন চি চি) নামৰ প্রতিষ্ঠানটোৱে৷ প্রতিষ্ঠানটোৱে প্রকৃততে শ্রমিকসকলৰ দায়িত্বত থকা ঠিকাদাৰক সময়ত ধন আদায় দিয়া বুলি দাবী কৰিছে৷
সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়েহে মজুৰি প্রদানত খেলিমেলি কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল, প্রতিষ্ঠানটোৱে ঠিকাদাৰক আৰু ঠিকাদাৰে প্রতিষ্ঠানটোলৈ ঠেলা–ঠেলি কৰাত মূলতঃ বিপাঙত পৰিছে শ্রমিকসকল৷যাৰ বাবে এনে পৰিস্থতি উদ্ভৱ হৈছে৷ স্মর্তব্য যে গুৱাহাটী মহানগৰীৰ সমীপৰ চাংসাৰিত নির্মীয়মাণ সর্বভাৰতীয় আয়ুর্বেদিক চিকিৎসা প্রতিষ্ঠান চমুকৈ ‘এইমছ’ত কর্মৰত হৈ থকা বহিঃৰাজ্যৰ সহস্রাধিক শ্রমিকক লৈ প্রতিদিনাই চাংসাৰি আৰক্ষী একপ্রকাৰ ব্যস্ত হৈ থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে৷ দেশ তথা ৰাজ্যত প্রথম পর্যায়ৰ লকডাউন বলৱৎ হোৱাৰ পিছতে হঠাৎ এইমছৰ নির্মাণকার্য স্তব্ধ হৈ পৰাত শ্রমিকসকল ঘৰমুৱা হ’বলৈ উদগ্রীব হৈ পৰে৷
এইমছৰ নিৰাপত্তাৰক্ষীকো এচাম শ্রমিকে বাহিৰলৈ যাবলৈ হেঁচা প্রয়োগ কৰাৰ উপৰি খণ্ডযুদ্ধতো লিপ্ত হৈছিল৷ এনে পৰিপ্রেক্ষিততে প্রায়ে চাংসাৰি আৰক্ষী আৰু জিলা প্রশাসনৰ দায়িত্ববাহী বিষয়াসকলে আহি শ্রমিকসকলক নিয়ন্ত্রণ কৰিবলগীয়া হয়৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ আন্তঃজিলাৰ আবদ্ধ লোকৰ বাবে ঘৰ যোৱাৰ অনুমতি প্রদান কৰাত এইমছত কর্মৰত উজনি–নামনিৰ বহু শ্রমিকে এই সুবিধা গ্রহণ কৰে যদিও বহিঃৰাজ্যৰ শ্রমিকখিনি ৰৈ গৈছিল৷