বিটিচিত ৰাজ্যপালৰ শাসনত বিষয়াই ভয় খাইছে কিয় ?
নিয়মীয়া বাৰ্তা, ৫ মেঃ ‘দেশত কেতিয়াবা জৰুৰীকালীন অৱস্থা সৃষ্টি হ’ব পাৰে৷ তেতিয়া ৰাষ্ট্রপতিৰ শাসন হ’ব পাৰে৷ ঠিক তেনেকৈ বিটিচিতো সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ বাবে জৰুৰীকালীন অৱস্থা সৃষ্টি হোৱাত নির্বাচন স্থগিত ৰাখি ৰাজ্যপালৰ শাসন দিয়া হৈছে৷ তাত আপত্তি কৰিবলগীয়া নাই৷ যদি বি পি এফে ৰাজ্যপালৰ শাসন অসাংবিধানিক বুলি গণ্য কৰিছে, তেন্তে হাগ্রামা মহিলাৰীয়ে ২০০৩ চনতে স্বাক্ষৰিত বিটিচি চুক্তিত ৰাজ্যপালৰ শাসন ব্যৱস্থাটো ৰাখিবই নালাগিছিল৷’ –এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ৷
সোমবাৰে সাংবাদিকৰ আগত তেওঁ আৰু কয় যে বিটিচি চুক্তিৰ সময়তে ৰাজ্যপালৰ শাসন ব্যৱস্থাটো উঠাই দি বিটিচি থকালৈকে হাগ্রামা মহিলাৰীয়ে চীফ হৈ থকাৰ ব্যৱস্থাটো কিয় নকৰিলে বুলিও কটাক্ষ কৰে৷
আনহাতে, ৰাজ্যপালৰ শাসন দিয়াৰ লগে লগে বি পি এফৰ মাজত আতংকই বিৰাজ কৰা বুলি মন্তব্য কৰি কয় যে ৰাজ্যপালে বিটিচিত এটা প্রক্রিয়াৰ মাজেৰে কাম কৰি যাব, ইয়াত কোনেও ভয় খাব লগা নাই৷ ৰাজ্যপালৰ শাসন দিয়াৰ পাছত বহু বিষয়া ভয় খাই থকা বুলি এগৰাকী বি পি এফৰ নেতাই মন্তব্য কৰাৰ প্রসংগত তেওঁ ৰাজ্যপালৰ শাসনক ভয় খোৱা মানে বিটিচিত বি পি এফে যোৱা সোতৰ বছৰে শাসনত থাকি যে বহু দুর্নীতি কৰিছে সেয়া প্রমাণ হৈছে৷
বি পি এফে তেওঁলোকৰ শাসন পুনৰ ছমাহ বৃদ্ধি কৰাৰ প্রসংগত ইউ পি পি এলৰ সভাপতিগৰাকীয়ে কয় যে যদি আন দলে শাসনত থকাৰ বিপৰীতে বি পি এফে বিৰোধী দল হয়, তেন্তে তেওঁলোকে ছমাহ বৃদ্ধি কৰিব লাগে বুলি কেতিয়াও নক’লেহেঁতেন৷ সোতৰ বছৰ ধৰি শাসন কৰাৰ মোহ এতিয়াও এৰিব পৰা নাই বাবে প্রকৃত গণতন্ত্রৰ কথা পাহৰি হৈছে বি পি এফে৷
বিটিচিৰ কেলেংকাৰি প্রসংগত কয় যে বিটিচিত কৃষি, গড়কাপ্টানী, জলসিঞ্চন, ডব্লিউ পি টি আদি বিভাগকে ধৰি বহু কেলেংকাৰি সংঘটিত হৈছে৷ ৰাস্তা–ঘাটৰ বহু দুর্নীতি হোৱাৰ লগতে বিটিচি বুলিলে কেৱল সূতা আদিৰ যোগান ধৰি আহিছে৷ সূতাৰ দাম যদি ১০ টকা হয়, তেন্তে ৬০/৭০ টকাত ক্রয় কৰি বৃহৎ কেলেংকাৰি কৰাৰ তথ্য আছে বুলি কয়৷ বাঁহ উদ্যোগ, কল উদ্যোগ, চুপাৰি উদ্যোগ, পশুধন ফার্ম আদিকে ধৰি বহু উদ্যোগ কৰিবলগীয়া আছে যদিও সেইবোৰত গুৰুত্ব নিদি কেৱল সূতাৰ যোগানেৰে কেলেংকাৰি সংঘটিত কৰি আহিছে৷
বি টি আৰ চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদি এই অঞ্চলত স্থাপন হ’ব৷ গতিকে চুক্তিৰ জৰিয়তে শান্তি আহিল যেতিয়া এতিয়া প্রগতি লাগে৷ দুর্নীতিপৰায়ণ লোকক শাসনত ৰাখিলে কোনো কাম নহ’ব৷ সেই কাৰণে ৰাইজে এই কথাবোৰ বুজিছে আৰু বি পি এফৰ পৰিৱর্তন বিচাৰি ইউ পি পি এলক বিপুল ভোটদানেৰে সংখ্যাগৰিষ্ঠ কৰিব৷