নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসংগঃ হোমেন বৰগোহাঞিক কিতাপে কি দিলে

অসমৰ প্রথিতযশা সাংবাদিক, সাহিত্যিক, হোমেন বৰগোহাঞি ডাঙৰীয়াৰ অধ্যয়নপ্রীতিৰ কথা অসমত সর্বজনবিদিত৷ তেখেতৰ বহু লেখাতে দেশী–বিদেশী, ন–পুৰণি ভিন্ন লেখকৰ প্রসংগ উল্লেখ থকাৰ পৰাই তেখেতৰ অধ্যয়নৰ বিশালতাক অনুমান কৰিব পাৰি৷ শৈশৱকালতে এই অভ্যাস গঢ লোৱাৰ কথা বৰগোহাঞিদেৱে বহুবাৰ উল্লেখ কৰিছে, যি অভ্যাস আজিও বর্তি আছে৷ আজিৰ দিনত ক’বলৈ হ’লে হোমেন বৰগোহাঞিয়েই হয়তো একমাত্র অসমীয়া সাহিত্যিক, যিগৰাকীয়ে কিতাপ আৰু অধ্যয়নৰ গুৰুত্ব সম্পর্কে বেছিকৈ তেখেতৰ কিতাপ–পত্রৰ লগতে ভাষণ, আলোচনা আদিত  সততে উল্লেখ কৰি আহিছে আৰু ইয়াৰ দ্বাৰাই যেন অসমৰ বহু প্রজন্মক কিতাপ তথা অধ্যয়নৰ প্রতি আকর্ষিত কৰিছে৷ কিন্তু এনে এজন অধ্যয়নশীল ব্যক্তিক যদি সোধা হয়, আপোনাক কিতাপে কি দিলে বা আপুনি কিতাপ পঢি জীৱনত কি পালে, তেন্তে সেই প্রশ্ণৰ উত্তৰো নিশ্চয় বৰ ভাবিবলগীয়া ধৰণৰ হ’ব৷ এনে এটি তীক্ষ্ণ প্রশ্ণৰ আঁাঁত ধৰিয়ে যোৱা ১৯ এপ্রিল ২০২০ তাৰিখে অসমৰ এটি বিশ্বাসযোগ্য–ৰুচিসম্ ছেটেলাইট টিভি চেনেল নিউজ লাইভত ‘কথা–বার্তা’ শীর্ষক এটি মনোগ্রাহী সাক্ষাৎকাৰৰ অনুষ্ঠান সম্প্রচাৰিত হৈছিল৷ সাধাৰণতে সেই বিশেষ ধাৰাবাহিক অনুষ্ঠানটো পৰিচালনা কৰে স্বয়ং হোমেন বৰগোহাঞিয়েই, য’ত তেখেতে প্রতিটো খণ্ডতে সমাজত বিশেষ পৰিচয় থকা একোজন ব্যক্তিক আমন্ত্রণ কৰি আনি বিভিন্ন প্রশ্ণ কৰে৷ এই বিশেষ প্রশ্ণোত্তৰ অনুষ্ঠানটোৱে বিশেষকৈ সাম্প্রতিক প্রেক্ষাপটত অসমৰ শৈক্ষিক, সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধম্য় সকলো দিশৰে আলোকপাত কৰাৰ কথা নিউজ লাইভৰ নিয়মীয়া শ্রোতা–দর্শকৰ জ্ঞাত৷ কিন্তু যোৱা ১৯ এপ্রিলৰ অনুষ্ঠানটো আছিল কিছু সুকীয়া, কাৰণ সেইদিনা বৰগোহাঞি ডাঙৰীয়াই প্রশ্ণ কৰা নাছিল, প্রশ্ণ কৰিছিল সেই খণ্ডৰ অতিথি দিগন্ত দাসেহে৷ অসমৰ স্বনামধন্য সাংবাদিক তথা উদ্যোগী যুৱক হিচাপে বিশেষ পৰিচয় লভা দাসৰ বহুকেইটা পোনপটীয়া আৰু চিত্তাকর্ষক প্রশ্ণৰ মুখামুখি হৈছিল বৰগোহাঞি ডাঙৰীয়া আৰু এমূৰৰ পৰা প্রতিটো প্রশ্ণৰে উত্তৰ দি গৈছিল৷ সেইদিনাৰ অনুষ্ঠানৰ মূল প্রশ্ণটোৱেই আছিল ওপৰত উল্লেখ কৰাৰ দৰে হোমেন বৰগোহাঞিক কিতাপে কি দিলে৷ প্রশ্ণটোৱে এক মুহূর্তৰ বাবে হ’লেও তেখেতক ভবাই তোলা যেন বোধ হ’ল যদিও তেখেতৰ উত্তৰে মোৰ দৰে হয়তো হাজাৰ শ্রোতাকে আপ্লুত কৰিলে৷ তেখেতে সাৱলীলভাৱে কৈছিল যে কিতাপ মনৰ আহাৰ জীৱন ধাৰণ কৰিবলৈ শৰীৰৰ বাবে সাধাৰণ খাদ্যৰ দৰকাৰ হোৱাৰ দৰে মানসিক খাদ্য হিচাপে কিতাপকেই আহাৰ হিচাপে গ্রহণ কৰি আহিছে৷ অর্থাৎ জীৱন ধাৰণ কৰিবলৈ,বাচি থাক্বিলৈ বৰগোহাঞি ডাঙৰীয়াই কিতাপ পঢে৷ ইয়াতকৈ জীৱনত অধ্যয়নৰ গুৰুত্ব আৰু কি থাক্বি পাৰে অথবা এজন ব্যক্তিৰ বাবে কিতাপপ্রীতিৰ নিদর্শন ইয়াতকৈ সহজভাৱে কিদৰে ব্যাখ্যা কৰিব পাৰে সেইদিনাৰ অনুষ্ঠানটোৰ কিতাপ, অধ্যয়ন সম্পক্য় প্রতিটো প্রশ্ণৰ উত্তৰেই নৱ–প্রজন্মৰ বাবে অনুকৰণীয়৷ মাজে সময়ে অনুভৱ কৰোঁ যে অধ্যয়নৰ দীর্ঘদিনীয়া অভ্যাসেই  চাগৈ তেখেতক মানসিকভাৱে উদ্বুদ্ধ কৰি ৰাখিছে, যাৰ প্রতিফলন ঘটিছে তেখেতৰ সমুজ্জ্বল মুখমণ্ডলত৷

সেই আধাঘণ্টীয়া আলোচনাৰ অনুষ্ঠানটোত তেখেতে উল্লেখ কৰা এটি বিশেষ প্রসংগই  গ্রন্থাগাৰ সেৱাৰ লগত জডিত কম্ হিচাপে মোক বেছিকৈ আকর্ষণ কৰিছে৷ তেখেতে কথা প্রসংগত অসমৰ প্রেক্ষাপটত ‘ৰেফাৰেঞ্চ লাইব্রেৰী’ৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰিছে আৰু অসমৰ প্রতিটো বাতৰিকাকত প্রকাশন প্রতিষ্ঠানৰেই এনে এটি পুথিভঁৰাল থকা দৰকাৰ বুলি স্পষ্ট মত পোষণ কৰিছে৷ আশা কৰোঁ বৰগোহাঞিদেৱৰ এই আহ্বানে অসমত সাকাৰ ৰূপ পাব আৰু ই হ’ব অসমীয়া বাতৰিকাকতৰ মান বঢোৱাৰ এক উপাদান৷ অসমত যোৱা বছৰৰ পৰা বিশেষভাৱে আৰম্ভ হোৱা কিতাপ পঢাৰ আন্দোলন এইবছৰ ‘কা’ আৰু ক’ৰোনাৰ বাবে স্তিমিত হৈছে যদিও হোমেন বৰগোহাঞিৰ এই অনুষ্ঠানটোৰ দৰে আন আন অধ্যয়নশীল কেইগৰাকীমান ব্যক্তিৰ এনে ধৰণৰ সাক্ষাৎ লৈ সেইসমূহ টিভিৰ লগতে ফেচবুক, ৱাটছআপ আৰু আন আন জনপ্রিয় সামাজিক মাধ্যমত প্রচাৰ কৰি ছাত্র–ছাত্রীসকলক অধ্যয়নৰ দিশে ঢাল খুৱাব পৰা যাব বুলি আশা কৰিব পাৰি নিশ্চয়৷ হয়তো ইয়ে হ’ব অসমত নকৈ আৰম্ভ  হোৱা কিতাপ পঢা আন্দোলনৰ দ্বিতীয় স্তৰ অথবা কিতাপ পঢা আন্দোলন ২.০৷

You might also like