ত্রিপুৰাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৭ মে’ : উত্তৰ–পূব ভাৰতৰ ত্রিপুৰাত একেদিনাই ২২ জনকৈ লোক ক’ৰোনাত আক্রান্ত হৈছে ৷ আক্রান্ত কেউজনেই ১৩৮নং বেটেলিয়নৰ বিএছএফ জোৱান৷ তেওঁলোকৰ ভিতৰত আছে ১৮ জন পুৰুষ, এগৰাকী মহিলা আৰু তিনিটি শিশু ৷ এই কথা টুইটযোগে জানিবলৈ দিছে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেবে৷
ইয়াৰ ফলত ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পালে৷
Alert!
22 persons from 138th-Bn #BSF Ambassa found #COVID19 POSITIVE today including 18 Male, 1 Female, 3 Children.
Total #COVID19 POSITIVE cases in Tripura stands at 64 (2 already discharged, so active cases : 62)
Don’t Panic, Govt is working vigilantly.#TripuraCOVID19Count
— Biplab Kumar Deb (@BjpBiplab) May 6, 2020