উৎপাদন–ক্রয়–বিপ শৃংখল ৰোড মেপৰ পৰামর্শ আহ্বান মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ৮ মে’ : ৰাজ্যৰ অর্থনীতি পুনৰুজ্জীৱিতকৰণৰ্ উদ্দেশ্যে চৰকাৰে শেহতীয়াকৈ গঠন কৰি দিয়া অর্থনৈতিক পৰামর্শদাতা সমিতিৰে বৃহস্পিতবাৰে প্রথমখন বৈঠকত মিলিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ ক’ভিড–১৯ সৃষ্ট জটিল পৰিস্থিতিয়ে ৰাজ্যৰ অর্থনীতিলৈ নমাই অনা মন্দাৱস্থা দূৰীকৰণৰ বাবে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে অৱসৰপ্রাপ্ত আইএএছ বিষয়া সুভাষ চন্দ্র দাস নেতৃত্বাধীন সমিতিখনৰ পৰা দিহা–পৰামর্শ বিচাৰে৷
সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ অর্থনীতিক কিদৰে গতিশীলতা প্রদান কৰিব পৰা যাব, তাৰ বাবে উপযুক্ত পৰামর্শ আগবঢ়াবলৈ তথা অসমৰ সফল উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰি আৰু নৱপ্রজন্মৰ ভৱিষ্যদর্শী বিভিন্ন বিষয় পর্যালোচনা কৰি এক শক্তিশালী প্রতিবেদন প্রস্তুত কৰাৰ বাবে সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলক মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷
ৰাজ্যখনৰ অর্থনীতিৰ দ্রুত উত্থানৰ ক্ষেত্রত আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্রত কৃষি আৰু সংলগ্ন খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্রীৰ বিপণনৰ বাবে উপযুক্ত বজাৰ ব্যৱস্থা গঢ়ি তোলা আৰু নূ্যনতম নিশ্চিত মূল্য সুনিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ উপযুক্ত বজাৰৰ অভাৱে কৃষকসকলক হতাশ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে উৎপাদিত ফচলসমূহ যাতে পথাৰতে নষ্ট হ’ব লগা পৰিস্থিতিৰ সৃষ্টি নহয়, সেই ক্ষেত্রত আমি বিশেষভাৱে চকু দিব লাগিব৷
উৎপাদন–ক্রয়–বিপ শৃংখলডাল সুসংগঠিত কৰা আৰু কৃষকসকলৰ বাবে বজাৰ ব্যৱস্থা বহনক্ষম কৰি তোলাৰ বাবে এক উপযুক্ত ৰোডমেপ প্রস্তুত কৰাৰ ক্ষেত্রত পৰামর্শ আগবঢ়াবলৈ মুখ্য্যমন্ত্রী সোণোৱালে সমিতিক আহ্বান জনায়৷শীতলীকৰণ ভঁৰাল আৰু এই ধৰণৰ অন্যান্য সা–সুবিধাৰ ব্যৱস্থা কৰাটো বর্তমান সময়ৰ দাবী বুলি উল্লেখ কৰি সমিতিৰ পৰামর্শাৱলী প্রস্তুতৰ সময়ত এই দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ কথা তেওঁ উল্লেখ কৰে৷ প্রতিটো দুর্যোগেই সুযোগ কঢ়িয়াই আনে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কৌশলগত হস্তক্ষেপৰ জৰিয়তে মীন, পশুধন, ফলমূলৰ খেতি, দুগ্ধ উৎপাদন আদি খণ্ডত ৰাজ্যখনক আত্মনির্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
তেওঁ লগতে কয় যে এই দুর্যোগৰ সময়ত বহিঃৰাজ্যত কর্মৰত যিসকল যুৱক অসমলৈ ঘূৰি আহিছে তেওঁলোকক আত্মনিয়োজনৰ সা–সুবিধা প্রদানেৰে মর্যাদাসহকাৰে জীৱন যাপনৰ সুবিধা প্রদান কৰিব লাগিব আৰু এইক্ষেত্রত কৃষি আৰু ইয়াৰ সহযোগী খণ্ডই বিশেষ ভূমিকা পালন কৰিব৷ ভিয়েটনাম ভ্রমণৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে ৰাষ্ট্রখনত খাদ্যসামগ্রীসমূহৰ মূল্য সংযোজনৰ প্রক্রিয়াৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷ অসমৰ কৃষিজাত সামগ্রীয়ে উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ লগতে চুবুৰীয়া দেশসমূহৰ বজাৰ দখল কৰাৰ প্রচুৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি তেওঁ ৰাজ্যৰ অর্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ্ বাবে কৌশল আৰু আর্হি প্রস্তুত কৰিবলৈ পৰামর্শদাতা সমিতিৰ সদস্যসকলক আহ্বান জনায়৷ এই আর্হিয়ে যাতে পঞ্চায়তসমূহৰ জৰিয়তে ৰাজ্যখনৰ তৃণমূল পর্যায়লৈকে স্পর্শ কৰে, তাৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে৷ বিগত বর্ষত ৰাজ্যৰ ৫৮ হাজাৰটা আত্মসহায়ক গোটে পশুপালনৰ ব্যৱসায়ত আত্মনিয়োগ কৰি ৯০০ কোটিৰো অধিক ধন উপার্জন কৰিবলৈ সক্ষম হোৱাৰ কথা জানিবলৈ দি তেওঁ গ্রাম্য অর্থনীতিৰ পুনৰুত্থানৰ বাবে আত্মসহায়ক গোটৰ আর্হিটোক শক্তিশালী কৰাৰ প্রয়োজনীয়তা আছে বুলি মন্তব্য কৰে৷
দেশৰ কৃষকসকলৰ কল্যাণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে হাতত লোৱা বিভিন্ন আঁচনি যেনে– প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা, প্রধানমন্ত্রী ফচল বীমা যোজনা, কৃষকসকললৈ ৫০০০ টকাৰ অর্থ সাহায্য প্রদান আদিৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষকসকলৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আঁচনিসমূহ হাতত লোৱা হৈছিল৷ এই আঁচনিসমূহ ৰাজ্যত উপযুক্তভাৱে ৰূপায়ণৰ ক্ষেত্রত পৰামর্শ আগবঢ়াবলৈ তেওঁ সমিতিৰ সদস্যসকলক আহ্বান জনায়৷ তেওঁ লগতে কয় যে বর্তমানৰ সংকটে কৃষিজাত সামগ্রীৰ বিতৰণ ব্যৱস্থাটোৰ পৰা মধ্যভোগীসকলক উৎখাত কৰা আৰু বিতৰণ ব্যৱস্থাত স্থানীয় যুৱক–যুৱতীক নিয়োগ কৰাৰ সুযোগ কঢ়িয়াই আনিছে৷সমাজে কৃষকসকলক উপযুক্ত সন্মান যাচিলেহে নতুন প্রজন্মই এইক্ষেত্রত আত্মনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব৷ পৰামর্শদাতা সমিতিখনৰ অধ্যক্ষ সুভাষ চন্দ্র দাসে মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে যে উপলব্ধ তথ্যসমূহৰ বিশ্লেষণ আৰু পর্যাপ্ত অধ্যয়নৰ পিছত পৰৱর্তী ২০ দিনৰ ভিতৰত সমিতিয়ে এক প্রাথমিক প্রতিবেদন দাখিল কৰিবলৈ সক্ষম হ’ব৷ এইক্ষেত্রত এক পদ্ধতিগত হস্তক্ষেপ অনাৰ বাবে সমিতিয়ে বিশেষ প্রয়াস চলাব বুলিও তেওঁ সদৰী কৰে৷
উল্লেখ্য যে ৩ মে’ত মুখ্যমন্ত্রী সোণোৱালে অৱসৰপ্রাপ্ত আইএএছ বিষয়া সুভাষ চন্দ্র দাসৰ নেতৃত্বত এখন ৮জনীয়া অর্থনৈতিক পৰামর্শদাতা সমিতি গঠন কৰিছিল৷ সমিতিৰ অন্যান্য সদস্যসকল হ’ল– অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচার্য ড০ কে এম বুজৰবৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মাধুর্য বেজবৰুৱা, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছ’চিয়েল ছেইঞ্জ এণ্ড ডেভেলপমেণ্টৰ সহযোগী অধ্যাপক ড০ জয়দীপ বৰুৱা, ৰাষ্ট্রীয় গ্রামীণ বিকাশ নিধিৰ কার্যবাহী সঞ্চালক ড০ অমিয় শর্মা, এৰিয়াছ ছ’চাইটীৰ কৃষি–বাণিজ্য পৰামর্শদাতা গৌতম গোস্বামী, ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা আৰু বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন৷ আজিৰ বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷