নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত শিলিগুৰিৰ পৰা অহা দম্পতিক লৈ চাঞ্চল্যঃ ১৪ দিনৰ কোৱাৰেন্টাইন

নিয়মীয়া বাৰ্তা, ৯ মে’ : লকডাউন শিথিলতাৰ সুযোগত পশ্চিমবংগৰ শিলিগুৰিৰ পৰা ঘূৰি অহা এজন ব্যক্তিক কেন্দ্ৰ কৰি শুক্ৰবাৰৰ পৰা বৰহোলাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । জানিব পৰা মতে বৰহোলাৰ খেৰমা কছাৰী গাঁৱৰ এটা ভাড়াঘৰত বাস কৰা নাজিবুদ্দিন (নাজু) আলীয়ে যোৱা ৪ মে’ত শিলিগুৰিত থকা পত্নীক আনিবলৈ গৈ ৭ মে’ত বৰহোলালৈ ঘূৰি আহিছিল । ইয়াৰ পিছতে নাজিবুদ্দিন আৰু তেওঁৰ পত্নীকলৈ বৰহোলাৰ একাংশ ৰাইজ শংকিত হৈ পৰে । কিয়নো দীৰ্ঘদিনৰ পৰা খেৰমা কছাৰী গাঁৱত ভাৰাতীয়া হিচাপে বসবাস কৰি আছিল নাজিবুদ্দিন । আমাৰ হাতত আহি পৰা তথ্য অনুসৰি ৭ মে’ত নাজিবুদ্দিন আৰু তেওঁৰ পত্নীয়ে এখন টেংকাৰত উঠি শিলগুৰিৰ পৰা গুৱাহাটীলৈ ঘূৰি আহে আৰু গুৱাহাটীৰ পৰা এখন গাড়ী ভাৰা কৰি বৰহোলা পায়হি । ঘৰলৈ অহাৰ পূৰ্বে দুয়ো তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত সোমাই স্বাস্থ্য পৰীক্ষা কৰোৱাত চিকিৎসকে ক’ৰোণাৰ কোনো লক্ষণ নেদেখি ১৪ দিনৰ হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়ে । কিন্তু দুয়ো ভাৰাঘৰত উপস্থিত হোৱাৰ পিছত এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হয় । কেইবাটাও ভাৰাঘৰৰ একেটা বাৰ্থৰূম, টিউৱেল ব্যৱহাৰ কৰিব লগা হোৱাত চুবুৰীয়া লোকসকল শংকিত হৈ তেওঁলোকক হাস্পতালত কোৱাৰেণ্টাইন কৰিবলৈ দাবী তোলে ।

উল্লেখ্য যে, হোম কোৱাৰেণ্টাইন হৈ থকা এজন ব্যক্তিক সাধাৰণতে ঘৰত গৈ চিকিৎসাকৰ্মী সকলে স্বাস্থ্য পৰীক্ষা কৰে । কিন্তু পিছদিনা পুৱাতে নাজিবুদ্দিন স্বাস্থ্য পৰীক্ষা কৰাবলৈ বৰহোলা সামূহিক চিকিৎসালয়ত আহি উপস্থিত হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই সন্দৰ্ভত বৰহোলা সামূহিক চিকিৎসালয়ৰ চিকিৎসক সৌৰভ বৰাই জনোৱা মতে হোম কোৱাৰেণ্টাইনত থকা দম্পতিহাল তেনেদৰে চিকিৎসালয়ত উপস্থিত হৈছিল যদিও তেওঁলোকক ততাতৈয়াকৈ ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু বৰহোলা চিকিৎসালয়ৰ এটা দলক লগে লগে নাজিবুদ্দিনৰ ঘৰলৈ পঠিয়াই । এই সময়তে দম্পতিহালক হাস্পতালত কোৱাৰেন্টাইন কৰাক লৈ স্থানীয় লোকসকলৰ মাজত এক হূলস্থূলীয়া পৰিৱেশ সৃষ্টি হয় । পৰিস্থিতি অধিক বেয়া হোৱাৰ উমান পাই তিতাবৰৰ দণ্ডাধীশসহ বৰহোলা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নাজিবুদ্দিন আলী আৰু তেওঁৰ পত্নীক ১০৮ৰ জৰিয়তে ১৪ দিনৰ কোৱাৰেণ্টাইনৰ বাবে তিতাবৰ হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইফালে নাজিবুদ্দিন কভিড-১৯ ত আক্ৰান্ত বুলি হোৱা এক অপপ্ৰচাৰে সমগ্ৰ দিনটো বৰহোলাত হুৱাদুৱা লাগে । কিয়নো শুক্ৰবাৰে নাজিবুদ্দিন বৰহোলা সামূহিক চিকিৎসালয়লৈ অহাৰ সময়ত তাত প্ৰসূতিসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ চলি আছিল । দম্পতিহালক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই চাঞ্চল্যৰ সমান্তৰালকৈ এতিয়া প্ৰশ্ন হয় যে শিলিগুৰিৰ পৰা অহা এজন ব্যক্তিক তিতাবৰ চিকিৎসালয়ৰ চিকিৎসকসকলে কিয় লগে লগে হাস্পতাল কোৱাৰেন্টাইন নকৰিলে । নাজিবুদ্দিন আৰু তেওঁৰ পত্নী শিলিগুৰিৰ পৰা অহাৰ কথা চিকিৎসকসকলৰ অৱগত আছিল নে ? শিলিগুৰিৰ পৰা গুৱাহাটীলৈ টেংকাৰত অহাৰ পৰা বৰহোলা চিকিৎসালয়লৈ যোৱালৈকে অলেখ ব্যক্তি, সামগ্ৰীৰ সংস্পৰ্শত আহিছিল নাজিবুদ্দিন । এই ক্ষেত্ৰত নাজিবুদ্দিনক সঠিকভাৱে স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসক সকলক দাবী জনোৱাৰ লগতে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈও যোৰহাট জিলাৰ উপায়ুক্তক বৰহোলাৰ সচেতন ৰাইজে আহ্বান জনাইছে ।

You might also like