আতংকিত নহ’ব, সতর্ক হওক
২৪ ঘণ্টা পাৰ নৌহওঁতেই অসমত নতুনকৈ ২২গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ ডদ্বেগজনক তথা শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ সন্দেহ নাই, এনে তথ্যই সমাজত আতংকৰ মাত্রা বৃদ্ধি কৰে ৷ যিসকলে কঠোৰভাৱে লকডাউন আৰু সামাজিক দূৰত্বৰ বিধি অনুসৰণ কৰি আহিছে, তেনে লোকৰ মাজত ক্ষোভৰ সৃষ্টি কৰে৷ কোনো কোনোৱে চৰম অসহায়বোধ কৰে ৷ কিন্তু এতিয়া আতংক, ক্ষোভ অথবা অসহায়বোধৰ সময় নহয় ৷ সময় এতিয়া সতর্ক, সংযম আৰু সহযোগিতাৰ ৷ সমাজ তথা ৰাজ্যখনক মহাসংকটৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে সকলোৱে সংযমী হৈ সতর্কতা আৰু সহযোগিতাৰে আগবাঢ়িব লাগিব ৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ খবৰে আতংকিত কৰা লোকৰ মনৰ পৰা ভয় আঁতৰাই সমস্যাৰ সৈতে মুখামুখি হোৱাৰ সাহস আৰু প্রেৰণা যোগাব লাগিব ৷ তেওঁলোকৰ লগতে যিয়ে ক’ভিড–১৯ৰ দ্বাৰা উদ্ভৱ হোৱা পৰিস্থিতিক লৈ অদ্যাপি সচেতন নহয়, তেওঁলোকৰ কাষলৈ সতর্কতা আৰু সহযোগিতাৰ বাণী লৈ যাব লাগিব ৷ ক’ভিড–১৯ নামৰ মহামাৰীবিধৰ এতিয়ালৈকে হোৱা পৰিক্রমাত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাইৰাছবিধৰ সংক্রমণ ক্ষমতা কল্পনাতীতভাৱে অধিক ৷ ইয়াক পৰাভূত কৰাৰ পথো এতিয়ালৈকে এটাই ডপলব্ধ৷ সেয়া হ’ল– সামাজিকভাৱে পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি থকা৷ দূৰত্ব ইমান হ’ব লাগে যে ভাইৰাছবিধে এজনৰ পৰা আনজনলৈ যাতে সহজে বগাব নোৱাৰে৷ তাৰ বাবে চৰকাৰে এক মিটাৰ দূৰত্বৰ দৈর্ঘ্য এটা বান্ধি দিছে৷ অর্থাৎ কমেও এক মিটাৰ দূৰত্ব অৱলম্বন কৰিব পাৰিলে ভাইৰাছবিধৰ সংক্রমণ ৰোধ কৰিব পাৰি৷ আচলতে, এই সামাজিক দূৰত্ব নিশ্চিত কৰাৰ অর্থেহে বিশ্বৰ দেশে দেশে চলি আছে লকডাডন৷ এই কথাটো নুবুজিলে কেৱল আনৰেই নহয়, নিজলৈও বিপদ আহিব পাৰে৷ গুৱাহাটীৰ ফাঁচীবজাৰ ইয়াৰ অন্যতম উদাহৰণ৷ শিথিলকৰণৰ জৰিয়তে তৃতীয় পর্যায়ৰ লকডাডন ঘোষণা কৰা সময়ৰে পৰা ফাঁচীবজাৰত দৃশ্যমান এখন ছবি অসমৰ প্রায় প্রতিখন বাতৰিকাকতৰ প্রথম পৃষ্ঠা নতুবা গুৰুত্বপূর্ণ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল ৷ বৈদ্যুতিন সংবাদ মাধ্যমতো বিষয়টো চর্চা হৈছিল ৷ ছবিখন আছিল লকডাউন উলংঘা কৰি, সামাজিক দূৰত্বৰ বিধিক অংগুষ্ঠ প্রদর্শন কৰি ব্যাপক জনসমাগম৷ সেই সময়ছোৱাত ফাঁচীবজাৰ অঞ্চলত মানুহৰ ভিৰ ইমানেই নিয়ন্ত্রণহীন হৈ পৰিছিল আৰু ক’ৰোনা ভাইৰাছক লৈ লোক ইমানেই নিৰুদ্বিগ্ন হৈ পৰিছিল যে স্বতঃসিদ্ধভাৱে সমগ্র অঞ্চলটো ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সহজ ক্ষেত্র হৈ পৰিছিল ৷
ফাঁচীবজাৰ কি, অসমৰ অর্থনৈতিক–বাণিজ্যিক ক্ষেত্রখনত ইয়াৰ গুৰুত্ব তথা ভূমিকা কি, ইয়াৰ ব্যাখ্যা নিষ্প্রয়োজন৷ লকডাডনৰ সময়ছোৱাতো ফাঁচীবজাৰৰ গুৰুত্ব তথা ভূমিকা সলনি হোৱা নাছিল৷ ৰাজ্যখনলৈ সৰবৰাহ হোৱা অত্যাৱশ্যকীয় সামগ্রী যোগানত অঞ্চলটোৱে মানৱ সভ্যতাৰ অন্যতম কঠিন সময়খিনিত অসমবাসীক যথেষ্ট সেৱা কৰিছিল ৷ মূলতঃ তাৰ পৰাই চাডল, দাইলকে ধৰি নিত্য প্রয়োজনীয় সামগ্রী ৰাজ্যৰ ভিন্ন প্রান্তলৈ সৰবৰাহ গৈছিল বা সৰবৰাহ ব্যৱস্থাটো নিয়ন্ত্রণ হৈছিল৷ তেনে অৱস্থাত অঞ্চলটোলৈ ভিন্ন শ্রেণীৰ লোকৰ আহ–যাহ স্বাভাৱিক আছিল৷ কিন্তু সেইখিনি কৰোঁতে আমি পাহৰি যোৱা মূল কথাটোৱেই আছিল সামাজিক দূৰত্বৰ বিধি৷ তাৰ বাবেই অসমৰ বাণিজ্যিক প্রাণকেন্দ্র স্বৰূপ ফাঁচীবজাৰ আজি ক’ভিড–১৯ৰ বাবে বদনাম হ’বলগীয়া হ’ল৷ অঞ্চলটোক কেন্দ্র কৰি জীৱন–জীৱিকা চলাই থকা ১৬জনকৈ মানুহ ক’ভিড–১৯ত আক্রান্ত হ’ল৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ৰোধ কৰিবলৈ বাণিজ্যিক অঞ্চলটোৰ বিস্তীর্ণ এলেকাক সামৰি অৱৰুদ্ধ অঞ্চল ঘোষণা কৰিবলগীয়া হ’ল৷ চেম্বাৰ অৱ কমার্চে তিনি দিন অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনাবলগীয়া হ’ল৷ যিসকল লোকে লকডাডনক বিশেষ গুৰুত্ব নিদি বা একেবাৰে গুৰুত্ব দিবলগীয়া কথা নহয় বুলি আজিও বেপৰোৱাভাৱে অ’ত–ত’ত ঘূৰি আছে, অনাহকত ঘৰৰ পৰা ওলাই আহি আড্ডাত ব্যস্ত হৈ থাকে আৰু তেন কার্যত বাধা দিয়া আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈ বীৰত্ব প্রদর্শন কৰিব বিচাৰে, তেওঁলোকে ফাঁচীবজাৰৰ পৰা বহু কথা শিকিব পাৰে ৷ সামাজিক দূৰত্বৰ বিধি অনুসৰণ নকৰিলে কিদৰে এটা অঞ্চল ভাইৰাছবিধৰ অভিকেন্দ্রত পৰিণত হ’ব পাৰে, জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে, ফাঁচীবজাৰে জানো তাকেই চকুত আঙুলি থৈ শিকাই দিয়া নাই৷ ইয়াৰ পাছতো যদি লকডাডন বা সামাজিক দূৰত্বক আওকাণ কৰা হয়, তেন্তে অসমত প্রান্তে প্রান্তে একোখনকৈ ফাঁচীবজাৰৰ সৃষ্টি হ’ব পাৰে৷ আমি এটা কথা মনত ৰাখিবই লাগিব, যেতিয়ালৈকে প্রতিষেধক বা দৰব উদ্ভাৱন নহয়, তেতিয়ালৈকে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ অস্ত্র এপাটেই– সামাজিক দূৰত্ব মানি চলা আৰু ভাইৰাছবিধৰ সংক্রমণৰ শৃংখলডাল ভাঙি পেলোৱা৷ যাতে ই আৰু আগলৈ বিয়পিব নোৱাৰে ৷