নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতি শীঘ্ৰেই ৰেপিড’ৰ সেৱা আৰম্ভ

নিয়মীয়া বাৰ্তা ২০ মেঃ মটৰ চাইকেল টেক্সি সেৱা ৰেপিড’ই বুধবাৰে জানিবলৈ দিছে যে ৰেপিড’ই ১১ খন ৰাজ্যৰ ৩৯ খন চহৰত সেৱা আৰম্ভ কৰিব। ৰেপিড’ৰ এক বিবৃতিত প্ৰকাশ যে চৰকাৰে ঘোষণা কৰা লকডাউন ৪.০ নিয়ম মতে ৰেপিড’ সেৱা কেৱল গ্ৰীণ আৰু অৰেঞ্জ জ’নতে সীমাবদ্ধ থাকিব । কণ্টেইনমেণ্ট জ’নত কোনো ধৰণৰ সেৱা আৰম্ভ নহয়। লগতে কোম্পানীটোৱে যি কেইখন চহৰত এই টেক্সি সেৱা আৰম্ভ কৰিব এপৰ জৰিয়তে জনাই দিয়া হ’ব।
কোম্পানীটোৰ মতে ৰেপিড’ চলোৱা কেপ্টেইন অথবা চালক সকলে আৰোগ্য সেতু এপটো ব্যৱহাৰ আৰু মাস্ক পৰিধান কৰিব লাগিব । লগতে কেপ্টেইন সকলক গ্ৰাহক বহাৰ আগতে ছীটটো ছেনিটাইজ কৰিব লাগিব।
আনহাতে প্ৰতিজন গ্ৰাহকে কেপ্টেইনে মাস্ক পৰিধান কৰিছে নে নাই অথবা ছেনিটাইজ কৰিছে নে নাই সেই সম্বন্ধে অভিযোগ দিব পাৰিব।

You might also like