নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১.৬৫ কোটিৰ নিবিদা আহ্বান বাৰিষাহে কৰিব মথাউৰিৰ মেৰামতি

নিয়মীয়া বাৰ্তা ২৪ মেঃ ক’ৰোনাৰ সংক্ৰমণৰ মাজতে ৰাজ্যত বানে কালৰূপ ধৰাৰ আগজাননী স্পষ্ট হৈ পৰিছে। ইতিমধ্যে বাৰিষা আগতীয়া বানত ৰাজ্যৰ বিস্তৃত অঞ্চল প্লাৱিত হৈছে। বানৰ বতৰ আৰম্ভ হোৱাৰ পিছতহে সাৰ পাইছে জলসম্পদ বিভাগে। অসম চৰকাৰৰ বিয়াগোম বিভাগটোৱে বাৰিষা অহাৰ পিছত বান প্ৰতিৰোধী আঁচনিৰ লগতে মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে নিবিদা আহ্বান কৰা ঘটনাই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ উল্লেখ্য যে ৰাজ্যৰ কেইবাটাও স্থানত বিভিন্ন নদীৰ মথাউৰি নির্মাণ আৰু মেৰামতিৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাই শুকুৰবাৰে মুঠ ২১.৬৫ কোটি টকাৰ নিবিদা আহ্বান কৰিছে৷ বিভাগটোৱে প্রকাশ কৰা নিবিদাৰ জাননী অনুসৰি তেজপুৰ সংমণ্ডলৰ ব্রহ্মাজান নৈৰ মথাউৰিৰ মেৰামতিৰ বাবে ৩.৬০ কোটি, বিহগাঁৱত জীয়াভৰলী নৈৰ মথাউৰি মেৰামতিৰ বাবে ১.৬০ কোটি, বজাৰগাঁৱত মথাউৰি মেৰামতিৰ বাবে ১.৬০ কোটি, বুৰৈ নৈৰ মথাউৰিৰ মেৰামতিৰ বাবে ১.১৫ কোটি, নলবাৰী সংমণ্ডলৰ বুঢ়াদিয়া নৈৰ মথাউৰি মেৰামতিৰ বাবে ১.৬০ কোটি, কাপলাবৰী অঞ্চলৰ সুৰক্ষামূলক কামৰ বাবে ১.৯০ কোটি, পাগলাদিয়াৰ বান প্রতিৰোধৰ বাবে ১.২০ কোটি, মাৰিয়াদোঙাত পাগলাদিয়াৰ মথাউৰি মেৰামতিৰ বাবে ১.৯০ কোটি, বৰলীয়া নৈৰ মথাউৰি মেৰামতিৰ বাবে ১.৫০ কোটি, পশ্চিম গুৱাহাটী সংমণ্ডলত ব্রহ্মপুত্রৰ মথাউৰি মেৰামতিৰ বাবে ১.৪৫ কোটি, ধুবুৰী সংমণ্ডলৰ জাৰাগুৰিত মেৰামতিৰ কামৰ বাবে ৮০ লাখ, টিপকাই নৈৰ বান প্রতিৰোধৰ বাবে ১.১৫ কোটি, কাছাৰ সংমণ্ডলৰ বৰাক নদীৰ মথাউৰিৰ মেৰামতিৰ বাবে ১.১৫ কোটি আৰু ১.০৫ কোটি টকাৰ কামৰ বাবে নিবিদা আহ্বান কৰা হৈছে৷ এইদৰে মুঠ ২১.৬৫ কোটি টকা ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ পৰা বান প্রতিৰোধৰ নামত ব্যয় কৰা হ’ব৷ কিন্তু নিবিদা প্রক্রিয়া সমাপ্ত হোৱাৰ পিছত মথাউৰিৰ মেৰামতি আৰু বান প্রতিৰোধৰ কাম আৰম্ভ হোৱালৈ জুন মাহ পাবগৈ৷ তেতিয়ালৈ অসমৰ সকলো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব৷ অহা দিনকেইটাত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰো সম্ভাৱনা আছে৷ বানপানীৰ মাজত জলসম্পদ বিভাগে কেনেদৰে মথাউৰি মেৰামতি কৰি ৰাইজক বানৰ পৰা সকাহ দিব পাৰিব, সেয়া এক ডাঙৰ প্রশ্ণ হৈ পৰিছে৷ উল্লেখ্য যে বান প্রতিৰোধৰ বাবে বাৰিষা আৰম্ভ হোৱাৰ পূর্বে মথাউৰিৰ নির্মাণ আৰু মেৰামতিৰ কাম সম্পন্ন কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বাৰম্বাৰ নির্দেশ দি আহিছে৷ কেইবালানি পর্যালোচনা বৈঠকো অনুষ্ঠিত কৰিছে৷ কিন্তু জলসম্পদ বিভাগৰ ইমানৰ পিছতো গা নলৰিল৷ তেওঁলোকে বাৰিষা আৰম্ভ হোৱালৈ বাট চাই থাকিল৷ এতিয়া আগতীয়া বানে ৰাজ্যৰ কেইবাখনো জিলা বুৰাই পেলোৱাৰ পিছতহে টোপনিৰ পৰা সাৰ পালে জলসম্পদ বিভাগে আৰু ততাতৈয়াকৈ কেইবাটাও সংমণ্ডলৰ বিভিন্ন কামৰ বাবে মুঠ ২১.৬৫ কোটি টকাৰ নিবিদা আহ্বান কৰিলে৷ জলসম্পদ বিভাগৰ অকর্মণ্যতাৰ নিদর্শন এয়াই প্রথম নহয়৷ প্রতিবছৰে বিভাগটোৱে মথাউৰি নির্মাণৰ বাবে বাৰিষা অহালৈ বাট চাই থাকে৷ ইয়াৰ একমাত্র কাৰণটোৱে হ’ল– বিষয়া–ঠিকাদাৰৰ লুণ্ঠনৰ অংক৷ বাৰিষা কাম নকৰাকৈ অতি সহজতে ৰাজকোষৰ ধন উলিয়াই নিব পাৰি৷পিছত তেনে কাম বানে বিধ্বস্ত কৰা বুলি অজুহাত দেখুৱালেই হ’ল৷ যাতে কামৰ নমুনা পৰীক্ষণৰ কোনো অৱকাশ নাথাকে৷ জলসম্পদ বিভাগে বছৰ বছৰ ধৰি বান প্রতিৰোধী আঁচনিৰ নামত একেখন নাটকেই মঞ্চস্থ কৰি আহিছে৷ বানে প্রবল ৰূপ ধাৰণ কৰাৰ সময়ত তেওঁলোকে আকৌ এবাৰ পার্কুপাইন আৰু বালিৰ বস্তাৰে বানপানী নিয়ন্ত্রণৰ আন এখন ভেঁকো–ভাওনাৰ অৱতাৰণা কৰিবলৈ বাকী আছেই৷ মুঠৰ ওপৰত বানপানীক বিভাগটোৰ বিষয়া, ঠিকাদাৰসকলে ধন ঘটাৰ উৎসৱ হিচাপে বিবেচনা কৰাৰ মানসিকতাৰ এতিয়াও যৱনিকা পৰা নাই৷ যাৰ বাবে মুখ্যমন্ত্রীৰ নির্দেশকো তেওঁলোকে অতি সহজতে আওকাণ কৰে৷ এইবাৰো তাৰ ব্যতিক্রম নঘটিল৷ মুখ্যমন্ত্রীয়ে বান্ধি দিয়া সময়সীমালৈ কর্ণপাতেই নকৰিলে জলসম্পদৰ অভিযন্তা, বিষয়াসকলে আৰু এতিয়া বানপানীৰ বতৰ আৰম্ভ হোৱাৰ পিছত বান প্রতিৰোধ আঁচনিৰ নামত পুনৰ ধনৰ শৰাধ কৰিবলৈ লোৱা হৈছে৷ ইয়াৰ আঁৰত কাৰ কি গোপন অভিপ্রায় লুকাই আছে, সেয়া আৰু ৰাইজৰ বুজিবলৈ বাকী নাই৷ কিন্তু জলসম্পদ বিভাগৰ অৱহেলাৰ পৰিণতিত অসমৰ জনসাধাৰণে যে এইবাৰো বানৰ যাতনা ভোগ কৰিব লাগিব, তাৰ পূর্বাভাস এতিয়াই পোৱা গৈছে৷ চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি নীতিহে লৈছে এতিয়া জলসম্পদ বিভাগে৷

You might also like