নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিৰ বিধ্বংসী খহনীয়া ৰোধত বাঁহৰ জেং

নিয়মীয়া বাৰ্তা, ২৬ মেঃ চৰম দুর্যোগৰ কবলত পৰিছে লখিমপুৰ জিলা৷ ক’ৰোনা মহামাৰীৰ সংক্রমণৰ আতংকৰ মাজতে আৰম্ভ হৈছে বানৰ তাণ্ডৱ৷ ভয়াৱহ খহনীয়াৰ কবলতো পৰিছে জিলাখনৰ বহু গাঁৱৰ শ শ পৰিয়াল৷ বিশেষকৈ সোৱণশিৰি নৈৰ খহনীয়াই এফালৰ পৰা গাঁও–ভূঞ শস্য ক্ষৈত্র উছন কৰিছে৷ নিশাটোৰ ভিতৰতে গৃহহীন হৈ পৰিছে বহু পৰিয়াল৷ যোৱা তিনিটামান দিনৰ ভিতৰতে কেইবাখনো গাঁও, বহু শ হেক্টৰ শস্য ক্ষেত্র নদীৰ গর্ভত জাহ গৈছে৷ আন বহু গাঁও নিঃশেষ হোৱাৰ উপক্রম ঘটিছে৷ ঘূনাসুঁতি, হালধিবাৰী, নআলি, খগা, আজাদ, মুদৈবিল, এচাৰিকটা, কৰৈয়নী আদি এলেকাত সোৱণশিৰিয়ে খহনীয়াৰ সৃষ্টি কৰি তাণ্ডৱ চলাইছে৷ পিছে নৈখনৰ ভয়ংকৰ খহনীয়া ৰোধৰ কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ নকৰি জলসম্পদ বিভাগে বাঁহৰ জেং নাইবা দুই এটা পার্কুপাইন পেলাইছে৷ যিখন সোৱণশিৰি নৈত দুহাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ প্রকল্প নির্মাণ কৰিছে সেইখন নৈৰ খহনীয়া ৰুধিবলৈ বাঁহৰ জেং পেলোৱা কাণ্ডত ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷ লখিমপুৰ জিলা কংগ্রেছৰ সভাপতি ড০ জয়প্রকাশ দাসে এই সন্দর্ভত ক্ষোভ উজাৰি কয়– খৰালি কালত নিতাল মাৰি থকা জলসম্পদ বিভাগে বাৰিষা খহনীয়া ৰোধ, মথাউৰি মেৰামতিৰ বাবে তৎপৰতা লয়৷ এনেদৰে বাৰিষা কাম কৰা দেখুৱাই কোটি কোটি টকা লুণ্ঠন কৰা প্রক্রিয়া বহু বছৰৰ পৰা চলি আহিছে৷ বহিঃ জিলাৰ ঠিকাদাৰে কাম লৈ বেলেগৰ জৰিয়তে নামমাত্র কাম কৰি জলসম্পদৰ ধন লুণ্ঠন কৰি আহিছে৷ সোৱণশিৰিৰ খহনীয়াই এনেদৰে একাংশক ধনী কৰা বুলিও ক্ষোভ ব্যক্ত কৰি তেওঁ কয়– দুর্যোগত ৰাইজে কন্দাৰ সময়ত তেওঁলোকে হাঁহে৷ জিলাখনত বানৰ সময়ত কাম কৰা দেখুৱাই কোটি কোটি টকা লুণ্ঠন কৰা ঘটনাৰ ওপৰত চিবিআইৰ জৰিয়তে তদন্ত কৰিবলৈও ড০ দাসে চৰকাৰক দাবী জনায়৷

You might also like