ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৮০ শতাংশ পানীৰ তলত
নিয়মীয়া বাৰ্তা, ২৬ মেঃ বছৰৰ প্রথমটো বানে ৰাজ্যত ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ বানত নিতৌ জলমগ্ণ হৈছে উজনি–নামনিৰ বিস্তীর্ণ অঞ্চল৷ ঠায়ে ঠায়ে মথাউৰি–গড়কাপ্ঢানী পথ–দলং বানে উটুৱাই নিছে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৮০ শতাংশ পানীৰ তলত বাঢ়নী পানীত বুৰ গৈছে শ শ বিঘাৰ কৃষিভূমি–বহু লোকৰ বাসগৃহ৷ সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাই আতংকিত কৰি ৰখা ৰাজ্যবাসীৰ বাবে সাম্প্রতিক বান ভূতৰ ওপৰত দানহস্বৰূপ হৈ পৰিছে৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যৰ ৫খন জিলা ক্রমে লখিমপুৰ, ধেমাজি, ডিব্রুগড়, দৰং আৰু গোৱালপাৰা বানৰ কবলত৷ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া আৰু নাৰায়ণপুৰ ৰাজহ চক্রৰ অন্তর্গত কেইবাখনো গাঁও ইতিমধ্যে প্লাৱিত হৈছে৷ জিলাখনত প্রধানতঃ তাণ্ডৱৰ সৃষ্টি কৰিছে ৰঙানদী আৰু কাকৈ নৈয়ে৷
ৰাইজ প্রতিবাদমুখৰ হোৱাৰ পিছতো বন্যার্তক অধিক বিপদৰ মুখলৈ ঠেলি দি নীপকো কর্তৃপক্ষই ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়েই আছে৷ ধেমাজি জিলাৰ ধেমাজি ৰাজহ চক্রৰ অন্তর্গত ১৮খন গাঁও ইতিমধ্যে বুৰ গৈছে বানত৷ তদুপৰি জোনাই ৰাজহ চক্রৰ অধীনস্থ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী লক্ষীপথাৰ–জামুগুৰি পিএমজিএছৱাই পথৰ ওপৰেৰে দিখাৰী নদীৰ বাঢ়নী পানী বাগৰি গৈছে৷ একেদৰে ব্রহ্মপুত্রৰ বানত জলমগ্ণ হৈছে মেচাকি চাপৰিৰ কেইবাখনো গাঁও৷ ডিব্রুগড় জিলাৰ চাবুৱা, দৰং জিলাৰ দলগাঁও আৰু গোৱালপাৰা জিলাৰ বালিজানাৰ লগতে লক্ষীপুৰ ৰাজহ চক্রৰো বৃহত্তৰ এলেকা এতিয়া বানৰ কবলত৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৮০ শতাংশই বানে বুৰাই পেলোৱাৰ বাতৰি পোৱা গৈছে৷ বানৰ ফলত পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু বনৰীয়া ঘোঁৰাকে ধৰি জীৱ–জন্তুসমূহলৈ নামি আহিছে ভাবুকি৷ বানত সামগ্রিকভাৱে ৫৭৯ হেক্টৰ কৃষিভূমি আৰু ৩০,৭০১জন লোক ক্ষতিগ্রস্ত হোৱা বুলি চৰকাৰী তথ্যত প্রকাশ৷ বর্তমানপর্যন্ত গোৱালপাৰা জিলাত মুঠ ৩৩টা সাহায্য শিবিৰ মুকলি কৰা হৈছে আৰু তাত ৮,৯৪১জন বন্যার্তই আশ্রয় লৈ আছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল বানৰ সমান্তৰালভাৱে বিভিন্ন স্থানত ভয়ংকৰ ৰূপত অব্যাহত আছে গৰাখহনীয়া৷ সেইদৰে শোণিতপুৰ জিলাত জীয়াভৰলী আৰু কামৰূপ জিলাত পুঠিমাৰী নৈৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ এনে অৱস্থাত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা নুই কৰিব নোৱাৰি৷