নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভাগীয় সেৱাবিধি উলংঘাৰে অসামৰিক সেৱাৰ বিষয়াক সঞ্চালকৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ৰাজ্যৰ বিয়াগোম পশুপালন আৰু চিকিৎসা বিভাগত চলিছে চৰম অৰাজকতা৷ যি সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাত মহামাৰী আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ ১৫ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে, সেই সময়ত বিভাগটোৰ অভ্যন্তৰত চলা অৰাজকতাই কার্যতঃ অচলাৱস্থা সৃষ্টি কৰিছে৷ শেহতীয়াকৈ পশুপালন বিভাগৰ সেৱাবিধি উলংঘা কৰি এগৰাকী অসামৰিক সেৱাৰ বিষয়াক বিভাগটোৰ সঞ্চালক পদৰ দায়িত্ব দিয়াৰ পাছতে বিভাগটোত একপ্রকাৰ অৰাজকতা সৃষ্টি হয়৷

পশুপালন বিভাগৰ এক শীর্ষ সূত্রই জনোৱা মতে, পশুপালন সেৱাবিধি, ১৯৮৮ আৰু ভাৰতীয় পশু চিকিৎসা পৰিষদ, ১৯৮৪ আইন মতে পশুপালন আৰু চিকিৎসা বিভাগৰ সঞ্চালক পদত ভাৰতীয় পশু চিকিৎসা পৰিষদৰ পঞ্জীয়নভুক্ত পশু চিকিৎসা বিষয়াকহে কার্যনির্বাহ কৰিবলৈ দায়িত্ব দিব লাগে৷ পশুপালন বিভাগত চিকিৎসা সম্পর্কীয় কাৰিকৰী জ্ঞান থকা বিষয়া এগৰাকীক সঞ্চালকৰ দায়িত্ব দিয়াৰ পৰিৱর্তে অন্য সেৱাৰ বিষয়াক উক্ত পদত নিয়োগ কৰাক লৈ বিভাগটোৰ বিষয়া–কর্মচাৰীসক মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

সূত্রটোৱে লগতে জনোৱা মতে, বিভাগটোত চলি থকা এনে অৰাজকতাৰ বাবেই বিভাগটোৰ বহুসংখ্যক বিষয়াই সময় মতে পদোন্নতি নোপোৱাকৈ একেটা পদতে ৩২ বছৰ পর্যন্ত অনিচ্ছা সত্ত্বেও কার্যনির্বাহ কৰি থাকিব লগা হৈছে৷ সূত্রটোৱে জনোৱা মতে, বর্তমান অতিৰিক্ত সঞ্চালক, যুটীয়া সঞ্চালককে ধৰি বিভাগটোত মুঠ ১,১২২টা পদ খালী হৈ আছে৷ ইয়াৰ ভিতৰত অতিৰিক্ত সঞ্চালকৰ ৫টা, যুটীয়া সঞ্চালকৰ ৬টা, উপ–সঞ্চালকৰ ৪৬টা, সহকাৰী সঞ্চালকৰ ৪০টা, মহকুমা পর্যায়ৰ বিষয়াৰ ৪২টা, পশু চিকিৎসা বিষয়াৰ ৪৭টা, ক্ষেত্র সহায়কৰ ৩১০টা, তৃতীয়বর্গৰ কার্যালয় সহায়কৰ ১১০টা আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীৰ ৬১৫টা পদ খালী হৈ আছে৷ ইমান বৃহৎসংখ্যক পদ দীর্ঘদিন ধৰি খালী হৈ থকাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষই পূৰণৰ ব্যৱস্থা নকৰাত বিভাগটোত অচলাৱস্থা সৃষ্টি হৈছে আৰু বিভাগটোৰ কাম–কাজ সময় মতে সম্পাদন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷

অভিযোগ অনুসৰি, শেহতীয়াকৈ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ ১৫ সহস্রাধিক গাহৰিৰ মৃত্যু ঘটিছে সময় মতে প্রতিৰোধমূলক ব্যৱস্থা ল’ব নোৱাৰা বাবে৷ বিশেষকৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত গাহৰিবোৰৰ পৰা আক্রান্ত নোহোৱা গাহৰিবোৰ পৃথককৈ ৰখা আৰু আক্রান্ত এলেকাত ছেনিটাইজ কৰা আদি কামবোৰ সময় মতে সম্পাদন কৰাৰ লগতে গাহৰি পালকসকলৰ মাজত এইক্ষেত্রত সজাগতা সৃষ্টি কৰাত ব্যর্থ হৈছে৷ বিভাগটোত পর্যাপ্ত মানৱ সম্পদৰ অভাৱৰ কাৰণে ৰাজ্যখনৰ শেহতীয়া এই জটিল পৰিস্থিতি মোকাবিলা কৰাত সমস্যা সৃষ্টি হয়৷

বিভাগীয় মন্ত্রী অতুল বৰাই বিভাগটোৰ এই সমস্যাসমূহ সমাধানৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই বুলি অভিযোগত প্রকাশ৷ বৰাই মন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পাছতে এই সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব দিয়া হ’লে বিভাগটোত আজি এই অচলাৱস্থা সৃষ্টি নহ’লহেঁতেন৷ ইয়াৰ বিপৰীতে মন্ত্রী বৰাই শেহতীয়াকৈ কেইজনমান বিষয়াক নিলম্বন কৰিয়ে নিজৰ দায়িত্ব সামৰিছে৷ সূত্রটোৰ মতে, বিভাগটোৰ খালী পদসমূহ পূৰণ নকৰা, পদোন্নতি পাব লগা বিষয়াসকলক পদোন্নতিৰ ব্যৱস্থা নকৰা তথা সঞ্চালকৰ পদত পশু চিকিৎসা বিষয়াৰ পৰিৱর্তে অন্য সেৱাৰ বিষয়া এগৰাকীক দায়িত্বভাৰ দিয়া কার্যক ইয়াৰ বিষয়া–কর্মচাৰীসক সহজভাৱে ল’ব পৰা নাই৷ এইক্ষেত্রত অসম পশুধন আৰু পশু চিকিৎসা সেৱা সন্থাই মন্ত্রী বৰাৰ হস্তক্ষেপ বিচাৰিছে আৰু শীঘ্রেই বিভাগীয় সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাইছে৷ অন্যথা উক্ত সমস্যাসমূহ সমাধানৰ দাবীত সন্থাই আন্দোলনৰ পথ গ্রহণ কৰাৰ লগতে ন্যায়ালয়ৰো দ্বাৰস্থ হ’ব বুলি স্পষ্ট কৰি দিয়ে৷

You might also like