সংবাদ মাধ্যম আৰু ধনাত্মক চিন্তা
লকডাউনৰ আৰম্ভণিৰে পৰাই মানুহ গৃহবন্দী হৈ পৰিল, এই বন্দিত্বৰ কাল বাঢ়ি গৈ থাকিল, ক’ৰোনা মহামাৰীৰ আতংকও বাঢ়ি গৈ থাকিল৷ মানুহ ঘৰত বন্দী হৈ আছে, ঘৰৰ পৰিয়ালৰ লগত সময় কটাইছে, এই ভাল লগা অনুভূতিৰে কিছু সময় অতিবাহিত হৈ গৈছিল৷ কিন্তু মানুহ সকলো সময়তে ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰে৷ জীৱন আৰু জীৱিকা দুয়োটাৰ প্রয়োজনতে মানুহ বাহিৰলৈ যাব লাগিবই৷ কিন্তু সেয়াও হোৱা নাই৷ সীমিত পৰিমাণে কিছুসংখ্যক মানুহ বাহিৰলৈ ওলাইছে যদিও সেয়া পূর্বৰ মুকলি পৰিৱেশ নহয়, সেয়াও একধৰণৰ আতংকময় পৰিৱেশৰ মাজতে বিচৰণ৷ এই পৰিৱেশত ‘অনলাইন’ ব্যৱস্থাৰেই মানুহে যিখিনি পাৰে সামাজিক সম্পর্ক ৰক্ষা কৰিছে যদিও সেয়া সম্পূর্ণ যান্ত্রিক৷ এই সময়ত ঘৰৰ ভিতৰৰ পৰা বাহিৰৰ জগতৰ খবৰ লাভ কৰা একমাত্র উপায় বা আহিলা হৈছে সংবাদ মাধ্যম৷ বাতৰিকাকত, ৰেডি’, টিভি– এইকেইটা মাধ্যমৰ লগত মানুহৰ সম্বন্ধ দীর্ঘদনীয়া আৰু এইটো কাৰণতে এইকেইটা মাধ্যমক মানুহে অধিক নির্ভৰ কৰে৷ লকডাউনৰ গৃহবন্দী–মনবন্দী সময়ছোৱাত সংবাদ মাধ্যমে মানুহক সংবাদ দিয়াই নহয়, বহিঃবিশ্বৰ লগত সম্বন্ধ ৰখাৰ কাম কৰি মানসিক সাহস আৰু উৎসাহ জনাই উদ্দীপকৰ কাম কৰিব লাগিছিল৷ ছ’চিয়েল মিডিয়াযোগে গান–নাচ–আলোচনা আদিৰ আয়োজন কৰি কিছু কিছু লোকে এই দায়িত্ব পালন কৰিছে বা কৰি আহিছে৷ কিন্তু এইবোৰ হ’ল নতুন সংযোজন, এই নতুন অভ্যাসবোৰ আপোন হ’বলৈ আৰু ইয়াৰ যোগে মানুহে স্বাভাৱিক আনন্দ লাভৰ উৎস বুলি ভাবিব পৰা হোৱালৈ কিছু সময়ৰ প্রয়োজন হ’ব৷ কিন্তু সংবাদ–পত্রৰ স’তে মানুহৰ যি আত্মিক সম্বন্ধ আছে সেই সম্বন্ধৰ বাবেই মানুহে সংবাদ–পত্রৰ পৰা আশাৰ বাণী শুনিবলৈ বিচাৰে আৰু এই দুর্যোগৰ সময়ত মানুহৰ এই আশা অধিক হৈ পৰাটো স্বাভাৱিক কথা৷
কিন্তু এই সময়ত সংবাদ–পত্রবোৰেও একেধৰণৰ বিপদৰ সন্মুখীন হৈছে৷ লকডাউনৰ সময়তে সংবাদ–পত্রৰ মুদ্রণ স্থবিৰ হৈ গৈছিল, এতিয়াও এই পৰিৱেশৰ ভাল উন্নতি হোৱা নাই৷ আলোচনীবোৰৰ কেইখনমান প্রকাশ হ’বলৈ আৰম্ভ কৰিছে৷ কিন্তু দেশত চলা অর্থনৈতিক দুর্যোগৰ বাবে এই আলোচনী আৰু সংবাদ– পত্রই কেনেদৰে আগৰ অৱস্থালৈ ঘূৰি যাব পাৰিব সেয়াও এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ সমাজ জীৱন সম্পূর্ণ স্বাভাৱিক নোহোৱালৈকে সংবাদ–পত্র বা আলোচনীয়ে সম্পূর্ণ মুদ্রণ সংখ্যা লাভ কৰাটোত অসুবিধা হ’ব আৰু তেনে অৱস্থাত তাৰ স্বাস্থ্য ঠিকে ৰখাটোও এটা সমস্যা হ’ব৷ মাজতে কেইবাদিনো সংবাদ–পত্রত বিজ্ঞাপন দেখা নগৈছিল যদিও শেহতীয়াভাৱে বিজ্ঞাপনৰ আগমন দেখা গৈছে৷ ভৱিষ্যৎ কি ক’ব নোৱাৰি যদিও সকলোৱে আশাৰ ৰেঙনিয়েই দেখিবলৈ ইচ্ছা কৰিছে৷
অন্ততঃ মনটোক সাহস দি থাকিবলৈকেও মানুহ সংবাদ– পত্রত মূলতঃ আশাৰ পৰিৱেশ সৃষ্টি কৰা সংবাদৰ প্রতি আগ্রহী হৈছে৷ দীর্ঘদিন ধৰি আতংকৰ বাতৰিৰ মাজত দিন অতিবাহিত কৰা ৰাইজ এতিয়া ধনাত্মক পৰিৱেশৰ প্রতিহে আগ্রহী৷ কিন্তু সংবাদ–পত্রৰ ক্ষেত্রত এটা কথা কোৱা হয় যে ভাল খবৰ সংবাদ–পত্রৰ বাবে বেয়া খবৰ, কাৰণ তেনে খবৰ বিক্রী নহয়৷ এই কথাটো সত্য আছিল৷ তেতিয়াৰ সময়, পৰিৱেশ পৃথক আছিল৷ সঠিকভাৱে চলি থকা খবৰে সাধাৰণভাৱে কাকো আকর্ষণ নকৰে৷ চৰকাৰে ঠিক–ঠাকভাৱে কৰা কামে সংবাদ– পত্রক প্রলোভিত নকৰে, কৰে অন্যায়–নীতিৰ খবৰেহে৷ এয়া অতি স্বাভাৱিক কথা আছিল৷ কিন্তু ক’ৰোনাৰ আতংকই অনা এটা বিশেষ পৰিৱর্তন হ’ল মানুহ ধনাত্মক হ’বলৈ শিকিছে আৰু সেই ভাবটোক সাৰ–পানী যোগাব পৰা তথ্যহে মানুহে পঢ়িবলৈ আগ্রহ প্রকাশ কৰিব৷ এই কথাটো সংবাদ–পত্রবোৰে বুজা ভাল আৰু নুবুজিলে এটা গৱেষণাধর্মী সমীক্ষাৰে কথাটো বিশ্লেষণ কৰা উচিত৷ মানুহৰ মনৰ এই পৰিৱর্তনৰ কথা বুজিলেহে সংবাদ–পত্রই নিজৰ অস্তিত্ব ৰক্ষা কৰি সামাজিক দায়িত্ব পালন কৰি যাব পাৰিব৷