নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা আহি ক’ৰোনা পজিটিভ গোলাঘাটৰ বন্তি শইকীয়া

নিয়মীয়া বাৰ্তা, ২৮ মেঃ গুৱাহাটী, নিয়মীয়া বার্তা, বোকাখাত, ২৭ ৰাজ্যত ক্রমাৎ ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আন এক ঘটনাই বিবুধিত পেলাইছে স্বাস্থ্য বিভাগক৷ উল্লেখ্য যে দিল্লীত চিকিৎসাৰ বাবে গৈ ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা বোকাখাতৰ বন্তি শইকীয়া নামৰ মহিলাগৰাকী অসমলৈ ঘূৰি অহাৰ পাছত পুনৰ আক্রান্ত হৈছে৷ যোৱা ১০ মার্চত স্বামী অজিত শইকীয়াৰ সৈতে কেঞ্চাৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল বন্তি শইকীয়া৷ দিল্লীত থকা অৱস্থাতে বন্তি শইকীয়া আৰু স্বামীৰ লগতে কংকণ বৰা নামৰ সম্পর্কীয় এজন ক’ৰোনাত আক্রান্ত হয়৷ এনে অৱস্থাত বন্তি শইকীয়া আৰু সম্পর্কীয়জন সুস্থ হৈ উঠে যদিও স্বামী অজিত শইকীয়া দিল্লীৰ লোকনায়ক জয়প্রকাশ নাৰায়ণ চিকিৎসালয়ত মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ পাছত দিল্লীতেই ক’ভিড প্রট’কল অনুসৰি শেষকৃত্য সম্পন্ন কৰাৰ পাছত কংকণ বৰা আৰু বন্তি শইকীয়া বোকাখাতলৈ উভতি আহি কঁহৰাত কোৱাৰেণ্টাইন হৈ আছিল৷ কিন্তু শেহতীয়াকৈ বন্তি শইকীয়া পুনৰ ক’ৰোনাত আক্রান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে৷ ইতিমধ্যে মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ ইফালে, এই সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে ক’ৰোনা ভাইৰাছৰ দ্বাৰা এবাৰ সুস্থ হোৱাৰ পাছত দ্বিতীয়বাৰ আক্রান্ত হোৱাৰ সম্ভাৱনা নাথাকে যদিও বন্তি শইকীয়া আক্রান্ত হোৱা বিষয়টো আই চি এম আৰত বিশেষভাৱে পৰীক্ষা কৰা হ’ব৷ এনে ধৰণৰ ঘটনা দক্ষিণ কোৰিয়াত যথেষ্ট হৈছিল৷ পাছত গৱেষণাত স্পষ্ট হয় যে এই ধৰণে দ্বিতীয়বাৰৰ বাবে শৰীৰত দেখা দিয়া ভাইৰাছ ভুৱা৷ বন্তি শইকীয়াৰ ক্ষেত্রতো এনে ঘটনা সংঘটিত হৈছে নেকি, সেয়া পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব৷ কেতিয়াবা ১৪ দিনলৈ নিগেটিভ হোৱাৰ পাছতো ১৫ দিন বা ১৭ দিন পাছত পুনৰ পজিটিভ হোৱা দেখুৱায়৷ এনেধৰণে একাংশ ৰোগীৰ ক্ষেত্রত ভাইৰাছৰ উপস্থিতি কেতিয়াবা পজিটিভ হয় আৰু কেতিয়াবা নিগেটিভ হয়৷

You might also like