চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ বিধায়ক আমিনুল ইছলামৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে বিধায়কগৰাকীৰ। নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল বিধায়কজন। ক’ৰোনা ভাইৰাছক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দীৰ্ঘদিনে কাৰাবন্দী হৈ থকাৰ পাছত আজি জামিন লাভ কৰে।