নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ–উপেক্ষণীয় সমস্যা

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূর্ণ ৰায়যোগে প্রব্রজনকাৰী শ্রমিকৰ পৰা ৰে’ল আৰু বাছৰ ভাৰা নল’বলৈ চৰকাৰক নির্দেশ দিয়াৰ দিনাই উত্তৰ প্রদেশৰ পৰা আহিল দুটা চিন্তনীয় খবৰ৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, দিল্লী আৰু মুম্বাইত শ্রমিক হিচাপে কাম কৰি থকা দুজন যুৱকে স্বৰাজ্য উত্তৰ প্রদেশলৈ ঘূৰি অহাৰ পাছত কর্মহীন হৈ আর্থিক নাটনিৰ বাবে আত্মহননৰ পথ বাছি ল’লে৷ একেদিনাই অসমৰ ভূটান সীমান্তৰ গাঁও আটাৰীখাট খৈৰাগ্রাণ্টত দুই সন্তানৰ মাতৃয়ে আত্মহত্যা কৰাৰ বাতৰি প্রকাশ পাইছে৷ মহিলাগৰাকীৰ স্বামীয়ে কর্ণাটকত শ্রমিক হিচাপে কর্মৰত আছিল যদিও লকডাউন ঘোষণাৰ পাছতেই তেওঁ কর্মহীন হৈ পৰাত ঘৰলৈ ধন পঠিয়াব পৰা নাছিল৷ দুই সন্তানক দুবেলা দুসাঁজ খুৱাব নোৱাৰি চৰম হতাশাত মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়৷ এই দুয়োটা ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ক’ৰোনা ভাইৰাছৰ প্রকোপ কমিলেও বা লকডাউন প্রত্যাহাৰ কৰিলেও নিম্ন মধ্যবিত্ত শ্রেণীটোক অর্থনৈতিক সংকটৰ কৰাল গ্রাসৰ পৰা মুক্ত কৰাটো সহজ নহ’ব৷ কর্মৰ সন্ধানতে প্রব্রজিত শ্রমিকসকলে ঘৰ–বাৰী এৰি আন ৰাজ্যলৈ ঢ়াপলি মেলে৷ সেই শ্রমিকসকলে এতিয়া ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হোৱাৰ পাছত তেওঁলোকক পর্যাপ্ত কাম দিয়াটো বা তেওঁলোকৰ বাবে নূ্যনতম নিশ্চিত উপার্জনৰ ব্যৱস্থা কৰাটো অত্যন্ত কঠিন হৈ পৰিব৷ কিয়নো শ্রমিকসকলে কর্মৰ সন্ধানত আন ৰাজ্যলৈ যোৱাৰ পৰিৱেশ কেতিয়া ঘূৰি আহে, তাৰ কোনো নিশ্চয়তা নাই৷ বিনামূলীয়াকৈ ৰে’লেৰে ঘৰলৈ যোৱাৰ সুবিধা দিলেই যে প্রব্রজনকাৰী শ্রমিকসকলৰ সমস্যা সমাধান নহয়, সেই কথাও দৈনন্দিন ঘটি থকা সৰু সৰু ঘটনাবোৰে বুজাই দিছে৷ ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্রীয় চৰকাৰে যদি কর্মহীন শ্রমিকসকলৰ কথা গুৰুত্ব সহকাৰে বিবেচনা নকৰে আৰু যথোচিত পদক্ষেপ গ্রহণ কৰাত হেমাহি কৰে, তেন্তে অতি সোনকালেই পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ ক’ৰোনা ভাইৰাছে চৰকাৰৰ সন্মুখত থিয় কৰোৱা সমস্যাসমূহৰ ভিতৰত এইটোও হ’ল এটা অ–উপেক্ষণীয় গুৰুতৰ সমস্যা৷
মহামাৰী ক’ভিড–১৯এ অর্থনৈতিক দিশৰ পৰা ভাৰতত থকা শ্রেণী পার্থক্যক উদঙাই দিছে৷ এটা সৰু উদাহৰণৰ পৰা ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধান বুজি পোৱাটো সহজ হ’ব পাৰে৷ দিল্লীৰ এজন সুৰা সম্রাট নিজৰ কন্যাৰ পৰিয়ালক লকডাউনৰ সময়ত ভূপালৰ পৰা অনাৰ বাবে ১৮০ আসনবিশিষ্ট এখন বিমান ভাৰা কৰি ল’লে৷ ইয়াৰ বাবদ তেওঁ খৰচ কৰিলে ২০ লাখ টকা৷ এই ঘটনা এনে এটা সময়ত ঘটিছে, যেতিয়া লাখ লাখ শ্রমিকে খাদ্য আৰু আশ্রয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ খোজকাঢ়ি ঘৰমুৱা হোৱা শ্রমিকৰ বিষয়ে ধনী শ্রেণীটোৱে বিপদৰ মাজতো স্বাচ্ছন্দ্য বিচৰাৰ অৱকাশ এৰি দিব খোজা নাই৷ ভাৰতীয় সমাজৰ দুখ লগা এখন ছবি এই ঘটনাই দাঙি ধৰিছে৷ এইক্ষেত্রত চৰকাৰৰ কৰিবলগীয়া বিশেষ একো নাথাকিলেও আন এটা গুৰুত্বপূর্ণ বিষয়ত চৰকাৰে কেনে ধৰণৰ চিন্তা–চর্চা কৰিছে, তাক লৈ সাধাৰণ জনতা এতিয়া অনুসন্ধিৎসু হৈ পৰিছে৷ বিষয়টো হ’ল এয়ে যে যোৱা আঠ সপ্তাহত ভাৰতত ১০ কোটি লোকে চাকৰি হেৰুৱাইছে৷ নিবনুৱাৰ হাৰ ২৪.৩ শতাংশলৈ বৃদ্ধি পাইছে৷ এই হাৰ কমাৰ সম্ভাৱনা ক্ষীণ৷ গতিকে চৰকাৰৰ বাবে আহি আছে আন এক জটিল সমস্যা৷

You might also like