শ্বিগিকি হিনুহাৰা আৰু অন্যান্য
শ্বিগিকি হিনুহাৰাৰ বিষয়ে মই প্রথম পঢ়িবলৈ পাইছিলোঁ ২০০৫ চনত৷ তেতিয়া তেওঁৰ বয়স আছিল ৯৪ বছৰ৷ সেই বছৰতে তেওঁ ঘোষণা কৰিছিল যে ৯৫ বছৰ বয়সত তেওঁ এটা নতুন কাম আৰম্ভ কৰিব৷ তেওঁৰ মতে, মানুহে যেতিয়ালৈকে কাম কৰি থাকে আৰু নতুন নতুন কথা শিকি থাকে, তেতিয়ালৈকে মানুহ বুঢ়া নহয়৷ ৯৫ বছৰ বয়সত ভৰি দি হিনুহাৰাই কি নতুন কাম আৰম্ভ কৰিব?
তেওঁ আৰম্ভ কৰিব গল্ফ খেলিবলৈ৷
ভাল মানুহ, ভাল কাম, ভাল কথা– এইবোৰৰ উদাহৰণ দিব লগা হ’লে আমি সদায় বিদেশী মানুহৰ মুখলৈ চাওঁ৷ অসমীয়া কিতাপ আৰু বাতৰিকাকত–আলোচনী পঢ়িলে এনেকুৱা ভাব হয় যে আদর্শস্থানীয় কোনো মানুহেই যেন আমাৰ নিজৰ সমাজত নাই৷ কিন্তু প্রকৃততে সেই কথা সঁচা নহয়৷ আমাৰ আচল সমস্যাটো হ’ল– ‘সকলো আছিল সকলো আছে, নুগুণো নলওঁ গম৷’ বিদেশৰ মানুহে নিজৰ নিজৰ সমাজৰ গুণী–জ্ঞানী মানুহৰ বিষয়ে যাৱতীয় তথ্য সংগ্রহ কৰি তেওঁলোকৰ বিষয়ে প্রবন্ধ বা কিতাপ লিখে– যাতে আনেও তেওঁলোকৰ সজ আর্হি অনুসৰণ কৰি সেইবোৰ কথাক নিজৰ জীৱনত কামত লগাব পাৰে৷ কিন্তু আমি সেই কাম নকৰোঁ৷ জীৱনৰ বেছিভাগ কথাতেই আমি পৰমুখাপেক্ষী৷
শ্বিগিকি হিনুহাৰাৰ কথাৰে আৰম্ভ কৰিছোঁ যদিও মই আজি কেইজনমান স্বাস্থ্যৱান অসমীয়া মানুহৰ কথাও ক’ম৷ কিন্তু প্রথমে হিনুহাৰাৰ কথা কৈ লওঁ৷
১৯৭০ চনত শ্বিগিকিয়ে বিমানেৰে এখন চিকিৎসক সন্মিলনলৈ গৈ থাকোঁতে বিমানখন মাজবাটতে অপহৰণ কৰা হয়৷ বিমানখনত মুঠতে ১৩০জন যাত্রী আছিল৷ কমিউনিষ্ট অপহৰণকাৰীকেইজন দাবী আছিল এইটো যে বিমানখন নির্দিষ্ট গন্তব্যস্থলৰ পৰিৱর্তে লৈ যাব লাগিব উত্তৰ কোৰিয়ালৈ৷ তেওঁলোকৰ দাবী মানি নল’লে বিমানৰ আটাইবোৰ যাত্রীকে হত্যা কৰা হ’ব৷ শ্বিগিকিকে ধৰি আটাইবোৰ যাত্রীয়ে সম্পূর্ণ চাৰিটা দিন বাস কৰিব লগা হৈছিল নিশ্চিত মৃত্যুৰ ছায়াত৷ তেওঁলোকে জানিছিল যে যিকোনো মুহূর্ততে তেওঁলোকক মাৰি পেলোৱা হ’ব পাৰে৷
চাৰি দিনৰ মূৰত তেওঁলোকে অপ্রত্যাশিতভাৱে মুক্তি পালে৷ কিন্তু প্রতিমুহূর্ততে নিশ্চিত মৃত্যুৰ কাৰণে সাজু হৈ থাকিব লগা সেই চাৰিটা দিনে শ্বিগিকিৰ জীৱনটো বা জীৱনৰ প্রতি তেওঁৰ দৃষ্টিভংগীক সম্পূর্ণৰূপে সলনি কৰি দিলে৷ তেওঁ অনুভৱ কৰিলে যে ভাগ্যৰ পৰা উপহাৰ হিচাপে পোৱা জীৱনটোৰ বাকীকেইটা বছৰ তেওঁ উছর্গা কৰিব লাগিব আন মানুহৰ সেৱাৰ কাৰণে৷ তেওঁ ‘নতুন প্রবীণ নাগৰিক গোষ্ঠী’ নামৰ এটা সংস্থা গঠন কৰি বৃদ্ধ তথা প্রবীণ নাগৰিকসকলক সুন্দৰভাৱে জীয়াই থকাৰ নীতি–নিয়ম শিকাবলৈ আৰু তেওঁলোকক প্রেৰণা দিবলৈ আৰম্ভ কৰিলে৷
২০০১ চনত তেওঁ এখন কিতাপ প্রকাশ কৰিলে৷ কিতাপখনৰ তেওঁ নিজে দিয়া নামটো আছিল ইংৰাজী অনুবাদতHow to Die Well৷ কিন্তু প্রকাশকসকলে ভাবিলে যে কিতাপখনৰ নামটোHow to Live Well কৰিলেহে সি বেছি জনপ্রিয় হ’ব৷ কিতাপখন বেষ্ট ছেলাৰ হ’ল৷ এতিয়ালৈকে কিতাপখনৰ বাৰ লাখ কপী বিক্রী হৈছে৷ কিতাপখনৰ যোগেদি তেওঁ মানুহক দিব খোজা মূল বাণীটো হ’ল ঃ ‘যদি তুমি কাম কৰি থাকা, যদি তুমি নিত্য–নতুন কথা শিকি থাকা, তেন্তে তুমি কেতিয়াও বুঢ়া নহ’বা৷’
বুঢ়া নহ’বলৈ, জীৱনৰ শেষ মুহূর্ত পর্যন্ত কর্মঠ হৈ থাকিবলৈ, হূদয়ত চিৰতৰুণ হৈ থাকিবলৈ শ্বিগিকিয়ে যিটো কথাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়ে– সেইটো হ’ল শুদ্ধ মনোভাব বা জীৱনৰ প্রতি শুদ্ধ মনোভংগী৷ পুষ্টিকৰ আহাৰ আৰু ব্যায়াম– আন সকলো মানুহেই স্বাস্থ্য সাধনাৰ কাৰণে সর্বাধিক গুৰুত্ব দিয়া এই দুটা কথাৰ ওপৰত শ্বিগিকিয়ে তুলনামূলকভাৱে কম গুৰুত্ব দিয়ে৷ তেওঁৰ মতে স্বাস্থ্য আৰু কর্মশক্তি অটুট ৰাখিবলৈ মানুহক আটাইতকৈ বেছি সহায় কৰে সবল মনোভাবে, জীৱনৰ প্রতি ইতিবাচক আশাবাদী দৃষ্টিভংগীয়ে৷ তেওঁ অল্পাহাৰী৷ তেওঁৰ প্রতিদিনৰ আহাৰৰ পৰিমাণ ১৩০০ কেলৰিতকৈ বেছি নহয়৷ তেওঁ শোৱেও খুব কম সময়৷ আটাইতকৈ আচৰিত কথা এইটোহে যে তেওঁ পানী নাখায়৷ অথচ স্বাস্থ্যৰ বিষয়ে জ্ঞান দিয়া এনে এটা প্রবন্ধ বা এনে এখন কিতাপ নাই– য’ত নিতৌ ৮ গিলাচকৈ পানী খাবলৈ উপদেশ দিয়া নহয়৷
এনেকুৱা চিৰতৰুণ দীর্ঘজীৱী মানুহ আমাৰ অসমীয়া সমাজতো কেইবাজনো আছে৷ যজ্ঞেশ্বৰ শর্মাৰ মৃত্যু হৈছিল ৯৫ বছৰ বয়সত৷ জীৱনৰ শেষৰ কেইবাটাও বছৰ তেওঁ সম্পূর্ণ শয্যাশায়ী হৈ আছিল৷ তেওঁৰ চকু আৰু কাণ দুয়োটাই কাম নকৰা হৈ আছিল৷ কিন্তু বয়স বঢ়াৰ লগে লগে বাঢ়িবলৈ ধৰিছিল তেওঁৰ চিন্তাশক্তি আৰু স্মৃতিশক্তি৷ জীৱনৰ শেষৰ পাঁচটামান বছৰত তেওঁ আটাইবোৰ প্রবন্ধ লিখাইছিল শ্রুতলিপি দি৷ মোৰ মতে, আৰু আন বহুতৰ মতেও, তেওঁ সেই সময়ত শ্রুতলিপি দি লিখোৱা কেইবাটাও প্রবন্ধ আছিল তেওঁৰ জীৱনৰ সর্বশ্রেষ্ঠ সৃষ্টি (উদাহৰণস্বৰূপে– ‘নামঘোষা পঢ়োঁ’)৷ গোটেই জীৱন ধৰি তেওঁ অসমীয়া–বাংলা–ইংৰাজী ভাষাৰ অসংখ্য কিতাপ পঢ়িছিল৷ সেই বিশাল অধ্যয়নৰ পৰা আহৰণ কৰা আটাইতকৈ মূল্যৱান মণি–মুকুতাবোৰ তেওঁৰ অবিশ্বাস্য স্মৃতিশক্তিয়ে ৯৫ বছৰ বয়সলৈকে ধৰি ৰাখিছিল৷ বার্ধক্যক সম্পূর্ণৰূপে জয় কৰিছিল ৰোগগ্রস্ত পংগু শৰীৰটোক লৈ বহু বছৰ বিছনাত পৰি থকা যজ্ঞেশ্বৰ শর্মাই৷
অসমীয়া স্বাস্থ্যৱান লোকসকলৰ ভিতৰত আন যিজন মানুহৰ নাম মোৰ মনলৈ আহিছে, তেওঁ হ’ল বিখ্যাত চাহ বিজ্ঞানী স্বর্গীয় সুধীৰ চন্দ্র বৰুৱা৷ ৮৯ বছৰ বয়সলৈকে তেওঁ চাহ বাগিচাৰ উপদেষ্টা ৰূপে কাম কৰি বছৰটোত ৯ মাহ মান ভ্রমণ কৰিয়েই কটাইছিল৷ ৮৯ বছৰ বয়সলৈকে তেওঁ নিতৌ ৫–৬ মাইল খোজকাঢ়ি চাহ বাগিচাবোৰ পৰিদর্শন কৰিছিল৷ এই অমিতবীর্য মানুহজনৰ শাৰীৰিক স্বাস্থ্য যিমান ভাল, তাতোকৈ বহুগুণে বেছি ভাল তেওঁৰ মানসিক স্বাস্থ্য৷ তেওঁৰ মনটো এতিয়াও ডেকা মানুহৰ দৰেই সক্রিয় আৰু সৃষ্টিশীল৷ তেওঁ নিজেই লিখিছে– ‘মই স্থিতপ্রজ্ঞ নহওঁ৷ গতিকে কেতিয়াবা দুশ্চিন্তা আহিলে কিতাপ এখন মেলি লওঁ৷ মনৰ দুখ পাহৰি পেলাওঁ সেইদৰে৷ তদুপৰি, যদভাবীন তদ্ভাবী ভাবীচেন্নং তদন্যথা৷ অর্থাৎ যিটো নঘটিব সেইটো নঘটে, যদি কিবাটো ঘটিবই তাৰ অন্যথা নাই৷’
এনে বলিষ্ঠ জীৱন দর্শন সকলো মানুহৰ কাৰণেই অফুৰন্ত প্রেৰণাৰ উৎস হ’ব পাৰে৷ সুধীৰ চন্দ্র বৰুৱা বার্ট্রাণ্ড ৰাছেলৰ নিচিনা বিশ্ববিখ্যাত দার্শনিক নহ’ব পাৰে, কিন্তু দুয়োজনৰ জীৱন–দর্শন একে বুলি ক’ব পাৰি৷ দুয়োজনেই ঈশ্বৰ বা পৰকালক লৈ মূৰ নঘমায়৷ কিন্তু দুয়োজনেই ভাল পায় জীৱনক, মানুহক আৰু মানুহৰ মংগলৰ কাৰণে জীৱনৰ শেষ মুহূর্ত পর্যন্ত কৰি থাকিব লগা কর্মৰ আদর্শক৷
৯২ বছৰীয়া নৰেন্দ্র নাথ শর্মাই এদিন টেলিফোন কৰি মোক কৈছিল– ‘বৰগোহাঞি, হাতত একো কাম–বন নোহোৱাৰ কাৰণে মই খুব বিৰক্তি অনুভৱ কৰিছোঁ৷ মোক এটা কাম দিয়ক৷ এতিয়া মই কৰিব পৰা কামটো হ’ল– ইংৰাজী কিতাপৰ অসমীয়ালৈ অনুবাদ৷ মোক আপুনি এনে এখন কিতাপৰ নাম কওক– যিখন কিতাপ অনুবাদ কৰি মই আনন্দ পাম, আৰু যিখন কিতাপে অসমীয়া সাহিত্যৰো এটা বিশেষ অভাৱ পূৰণ কৰিব৷’
নৰেন্দ্র নাথ শর্মাই মোক সেই অনুৰোধটো কৰিবৰ সময়ত মই কল্পনাই কৰিব পৰা নাছিলোঁ যে তেওঁ ইতিমধ্যে ৯২ বছৰৰ দুৱাৰডলিত ভৰি দিছে৷ যিজন মানুহে জীৱনৰ ৯২ বছৰ বয়সত কৰিবলৈ নতুন কাম বিচাৰে, কামৰ অভাৱত হাহাকাৰ কৰি মৰে, তেওঁতকৈ বেছি স্বাস্থ্যৱান মানুহ আন কোন হ’ব পাৰে? বার্ধক্যই জীর্ণ কৰা এইবোৰ মানুহৰ শৰীৰত বাস কৰে একোজন চিৰতৰুণ মানুহ৷
এইসকল বিখ্যাত আৰু বিদগ্ধ মানুহৰ কাহিনী ইমানতে এৰি মই এতিয়া এজন অখ্যাত–জ্ঞাত আৰু নিৰক্ষৰ গাঁৱলীয়া মানুহৰ কথালৈ যাওঁ৷ তেওঁৰ নাম জালিৰাম বৰুৱা৷ মোৰ একে গাঁৱৰে মানুহ৷ জালিকাই তথা জালিৰাম বৰুৱাৰ বয়স এতিয়া প্রায় ৯৫ হৈছে৷ মোৰ জন্মৰ আগৰ পৰাই তেওঁ আমাৰ ঘৰত মোৰ দেউতাৰ প্রধান সহায়ক হিচাপে কাম কৰিছিল৷ পথাৰত হাল বোৱাৰ পৰা আৰম্ভ কৰি, সংসাৰৰ নানা সমস্যা সমাধান কৰালৈকে তেওঁ দেউতাৰ সোঁহাতৰ নিচিনা আছিল৷ ২০০২ চনত মই মোৰ জন্মভূমি ঢ়কুৱাখনালৈ যাওঁতে মোৰ বংশৰ প্রতিটো পৰিয়ালক দেখা কৰিবলৈ গৈছিলোঁ৷ এনেকৈ মোৰ এজন ভতিজাৰ ঘৰলৈ যাওঁতে, তাতে লগ পালোঁ জালিকাইক৷ তেওঁক দেখি মই উচাপ খাই উঠিলোঁ, কাৰণ তেওঁ কেতিয়াবাই মৰিল বুলি মই ভাবিছিলোঁ৷ বয়সে তেওঁৰ চেহেৰা চিনিব নোৱাৰাকৈ সলনি কৰিছে কিন্তু মই পাঁচ বছৰ বয়সত তেওঁৰ মুখত দেখা মিঠা মৰমিয়াল হাঁহিটো তেতিয়াও তেওঁৰ মুখত লাগি আছিল৷ বহুত দিন জীয়াই থকাৰ ক্লান্তি তেওঁৰ মুখত অকণো ফুটি উঠা নাছিল৷ মোৰ কুশল–বার্তা সোধাৰ পিছত, তেওঁ হাঁহি মাৰিয়েই মোক ক’লে– ‘বাপুকণ, মোৰ বয়স এতিয়া ৯০ বছৰ৷ কিন্তু মই এতিয়াও পথাৰত হাল বাওঁ৷’ মোৰ মুখত প্রশ্ণবোধক চিন দেখি তেওঁ নিজেই ক’বলৈ ধৰিলে– ‘পোহঁতে মোক খাবলৈ নিদিয়ে৷ গতিকে মই এতিয়াও পথাৰত হাল বাই, খেতি কৰি পেটৰ ভাতমুঠি মোকলাবলৈ বাধ্য হৈছোঁ৷’
মই জীৱনত লগ পোৱা প্রকৃত স্বাস্থ্যৱান মানুহবোৰৰ ভিতৰত এজন হ’ল জালিকাই৷ শাৰীৰিক, আধ্যাত্মিক– দুয়োপ্রকাৰেই৷
পুনশ্চঃ ধ্বনিকবি বিনন্দ চন্দ্র বৰুৱাক তেওঁৰ জন্মদিনত এজন পুতেকে এটা পাঞ্জাবী চোলা উপহাৰ দিলে৷ চোলাটো পিন্ধি লৈ অলপ সময় নিজৰ গাটো ঘূৰি–পকি চাই তেওঁ ক’লে– ‘এই চোলাটো পিন্ধিলে মোক বৰ বুঢ়া বুঢ়া যেন দেখাব অ’৷’
তেতিয়া তেওঁৰ বয়স হৈছিল ৯১ বছৰ৷