নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ নমুনা পৰীক্ষাৰে অসমৰ অভিলেখ; জুনৰ পৰা ৫০ মডেল হাস্পতালতো হ’ব ক’ৰোনাত আক্রান্তৰ চিকিৎসা

নিয়মীয়া বার্তা, ১ জুনঃ  ক’ৰোনাবিৰোধী যুঁজত অসমৰ স্বাস্থ্য বিভাগে বৃহৎ সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ যোৱা তিনিটা মাহত অসমে নতুন নতুন কীর্তিমান স্থাপন কৰি জনসেৱাৰ উজ্জ্বল নিদর্শন দাঙি ধৰিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্রত সম্প্রতি অসমে নিজৰ আর্হি প্রস্তুত কৰি আগুৱাই যাব বিচাৰিছে৷ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

দেওবাৰে বিয়লি গুৱাহাটীৰ এন এইচ এম কার্যালয়ত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে যোৱা ১ মার্চত সমগ্র দেশত ক’ৰোনাৰ যুঁজ আৰম্ভ হোৱাৰ সময়ত অসমে কোনো কাৰণতে ভাবিব পৰা নাছিল কিধৰণে ৰাজ্যখনে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিব, ৰোগীক ৰাখিবলৈ বিছনা, আই চি ইউ কিমান লাগিব, কোন হাস্পতালত ৰাখিব, কেনেদৰে পৰীক্ষা কৰিব৷ কিন্তু যোৱা ৯০টা দিনৰ ভিতৰত ৰাজ্যখনত ক’ভিড–১৯ ৰোগীৰ সংখ্যা বৃদ্ধি হ’লেও পৰিস্থিতিৰ মুখামুখি হোৱাত স্বাস্থ্য বিভাগ সক্ষম হৈছে৷ এটা দিনত এজন ৰোগী ওলালেই যিটো উৎকণ্ঠা সৃষ্টি হৈছিল, এতিয়া একেটা দিনতেই ১৭০জন পর্যন্ত ৰোগীক সুন্দৰকৈ স্বাস্থ্য বিভাগে মেনেজ কৰিব পাৰিছে৷ এই সময়ছোৱাত স্বাস্থ্য বিভাগৰ আত্মবিশ্বাস বাঢ়িছে৷ অসমে ইতিমধ্যে ক’ভিড–১৯ৰ জটিল সময় অতিক্রম কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ১৫ মে’ৰ পৰা ৩০ মে’ অসমৰ বাবে জটিল সময় আছিল৷ এই জটিল সময় ৰাজ্যখনে সফলতাৰে পাৰ কৰিবলৈ সক্ষম হৈছে৷

বিগত সময়ছোৱাত অসমে ১,০০,৪৮৩টা ছোৱাবৰ নমুনা পৰীক্ষা সম্পন্ন কৰাৰ কথা উল্লেখ কৰি সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে কেৰালা, পশ্চিমবংগকে ধৰি দেশৰ বহু ৰাজ্যক পিছ পেলাই অসমে ইমান বৃহৎসংখ্যক লোকৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰিবলৈ সমর্থ হৈছে৷ স্বাস্থ্যখণ্ডত কেৰালা দেশৰ ভিতৰতে আগশাৰীৰ আন্তঃগাঁথনি থকা৷ ৫০ বছৰ পূর্বৰে পৰাই কেৰালাৰ স্বাস্থ্য সেৱা উন্নত৷ কিন্তু অসমত যোৱা ৩–৪ বছৰতহে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি গঢ় লৈ উঠিছে৷ ইয়াৰ পাছতো অসমে নমুনা পৰীক্ষাত অভিলেখ স্থাপন কৰি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ সম্প্রতি ৰাজ্যখনত প্রতিদিনে ১০ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰিব পৰা অৱস্থাত উপনীত হৈছে স্বাস্থ্য বিভাগ৷

অসমৰ বাদে দেশৰ কোনো ৰাজ্যই এনেধৰণৰ জনসেৱাৰ উজ্জ্বল নিদর্শন দাঙি ধৰিব পৰা নাই বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে অহা ১২ৰ পৰা ১৪ জুনৰ ভিতৰত অসমে ২ লাখ লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ ৰাজ্যখনত এতিয়ালৈ সম্পন্ন হোৱা এক লাখ নমুনাৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২,৭৩২টা, শিলচৰ মেডিকেল কলেজ হাস্পতালত ৯,১১১টা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২২,০৫২টা, ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫,১৪৬টা, তেজপুৰ মেডিকেল কলেজ হাস্পতালত ১২,৪৫০টা, বৰপেটা মেডিকেল কলেজ হাস্পতালত ২২,০৫৪টা, লাহোৱালৰ আৰ এম আৰ চিত ১২,৯০৫টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ৪,০৩৩টা নমুনা পৰীক্ষাহে আউট ছর্চিং কৰা হৈছে৷ অহা সপ্তাহৰ ভিতৰত আৰু দুই–তিনিটা নতুন পৰীক্ষাগাৰ স্থাপন কৰা হ’ব৷ অথচ যোৱা মার্চ মাহত অসমে নমুনা পৰীক্ষাৰ বাবে পুনেৰ এন আই ভিলৈ প্রেৰণ কৰিবলগীয়া হৈছিল৷

ইতিমধ্যে এক লাখ নমুনা পৰীক্ষাৰে অসমে অভিলেখ স্থাপন কৰাৰ প্রসংগত লেবৰেটৰী টেকনিচিয়ানসকলৰ ভূমিকাৰ শলাগ লৈ মন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে নিজৰ সুৰক্ষাৰ প্রতি চিন্তা নকৰি নমুনা সংগ্রহ কৰাৰ পৰা আৰম্ভ কৰি ৰিপ’ট পর্যন্ত প্রস্তুত কৰিছে৷ ইপিনে অহা জুন মাহৰ পৰা ৰাজ্যৰ ৫০খন মডেল হাস্পতালতো ক’ভিড–১৯ৰ চিকিৎসা আৰম্ভ হোৱাৰ বিষয়ে জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি অসমে একে সময়তে ৪,২৩২গৰাকী ক’ভিড ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ সক্ষমতা গঢ়ি তুলিছে৷ হাস্পতালত ৪,২৩২গৰাকী ৰোগীক ৰখাৰ উপৰি ৫০০জনক আই চি ইউত, ৯৫৭জনক আইছ’লেচন বেডত ৰখাৰো ব্যৱস্থা গঢ়ি উঠিছে৷ সম্প্রতি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে জিলা চিভিল হাস্পতালতো ক’ভিড–১৯ ৰোগী ৰখা হৈছে৷ তদুপৰি অহা জুন মাহৰ পৰা ব্লক পর্যায়ত থকা ৫০খন মডেল হাস্পতালতো ক’ভিড আক্রান্তৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ অসমে নিজৰ আর্হি প্রস্তুত কৰি আগুৱাই যাব বিচাৰিছে৷

অসম মডেলৰ এই আর্হিৰে ক’ভিড–১৯ আক্রান্তসকলক তিনিটা স্তৰত বিভক্ত কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে৷ যথেষ্ট ছিণ্ট’মিক ৰোগীসকলক মেডিকেল কলেজ হাস্পতালত ৰখাৰ বিপৰীতে ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ, গর্ভৱতী মহিলা আৰু যিসকল লোক ছিণ্ট’মিক নহয়, কিন্তু স্পর্শকাতৰ, তেনে ব্যক্তিক জিলা হাস্পতালত ৰখা হ’ব৷ যিসকলৰ দেহত ক’ভিড–১৯ৰ লক্ষণ পৰিস্ফুট নহয়, তেওঁলোকক মডেল হাস্পতালত ৰখা হ’ব৷ স্বাস্থ্য বিভাগে ৫০খন মডেল হাস্পতাল ক’ভিড–১৯ আক্রান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সক্রিয় কৰা সম্পর্কত আজি সিদ্ধান্ত গ্রহণ কৰিছে৷ অহা ১৫–১৬ জুনৰ ভিতৰত উক্ত আদর্শ হাস্পতালকেইখন সক্রিয় হৈ উঠিব বুলি আশা কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০০খন বিছনা খালী থকাৰ পাছতো কামৰূপৰ দদৰা–শিঙিমাৰী আদর্শ হাস্পতালত ৭০জন ক’ৰোনা ৰোগীক ভর্তি কৰোৱা হৈছে৷

ইফালে সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে বাতৰি সংগ্রহৰ বাবে অসমলৈ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সাংবাদিক আহিলে তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা নহয়৷

You might also like