নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০০ কোটি লাভ কৰাৰ পিছতো তিনি বছৰে স্থবিৰ স্মার্ট চিটীৰ নির্মাণ

নিয়মীয়া বার্তা, ২ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীক দেশৰ আন আন উন্নত মহানগৰৰ দৰেই গঢ়ি তুলিবলৈ গ্রহণ কৰা স্মার্ট চিটী প্রকল্প ৰূপায়ণৰ ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ প্রায় ৪০০ কোটি টকা প্রদান কৰাৰ পাছতো বিগত তিনিটা বছৰে গুৱাহাটী স্মার্ট চিটীৰ কোনো কাম আগ নাবাঢ়িল বুলি প্রকাশ পাইছে ন্যায়ালয়ৰ মজিয়াত৷ গুৱাহাটীৰ আন্তঃগাঁথনি সন্দর্ভত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত স্মার্ট চিটী প্রকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ তথ্য প্রকাশ পাইছে৷

এই সন্দর্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অত্যন্ত গুৰুত্ব প্রদান কৰি এইবুলি কয়– ‘স্মার্ট চিটী প্রকল্পৰ ধন অব্যৱহূত হৈ থকা সত্ত্বেও এই প্রকল্পৰ অধীনত মহানগৰীখনত প্রয়োজনীয় সা–সুবিধা উপলব্ধ কৰিব পৰা নগ’ল৷ স্বাভাৱিকভাৱেই ৰাজকোষৰ এই ধনৰ মূল্য হ্রাস পাইছে আৰু এয়া ৰাজকোষৰ ধনৰ লোকচান৷’ সেয়েহে স্মার্ট চিটী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত বিলম্ব হোৱাৰ কাৰণ অৱগত কৰিবলৈ খণ্ড বিচাৰপীঠখনে স্মার্ট চিটী লিমিটেডৰ পৰিচালন সঞ্চালকক নির্দেশ দিছে৷ এই সন্দর্ভত বিগত সময়ছোৱাত লিমিটেডে গ্রহণ কৰা প্রস্তাৱসমূহৰ প্রতিলিপি দাখিল কৰিব লাগিব উচ্চ ন্যায়ালয়ত৷ উল্লেখ্য যে পৰিচালন সঞ্চালকগৰাকীয়ে যোৱা ২৬ মে’ত এখন শপতনামা দাখিল কৰিছিল৷ অৱশ্যে এই শপতনামাত উল্লেখ নকৰা কেইবাটাও বিষয় সন্দর্ভত প্রশ্ণ উত্থাপন কৰিছে খণ্ড বিচাৰপীঠখনে৷ সেয়েহে মুঠ ৫টা বিষয়ৰ ওপৰত লিমিটেডৰ পৰিচালন সঞ্চালকক পুনৰ আন এখন শপতনামা দাখিল কৰিবলৈ নির্দেশনা দিছে উচ্চ ন্যায়ালয়ে৷ পৰৱর্তী শপতনামাত গুৱাহাটীক স্মার্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে কিমান পুঁজি কেতিয়া আবণ্টন পাইছিল, সেই তথ্য সন্নিৱিষ্ট কৰিব লাগিব৷ তদুপৰি গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ হাতত বর্তমানে থকা পুঁজিৰ পৰিমাণ, মাষ্টাৰ ছিষ্টেম ইণ্ড্রিগ্রেটেড প্রজেক্টৰ বাবে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে, সেয়া ন্যায়ালয়ক অৱগত কৰিব লাগিব পৰিচালন সঞ্চালকে৷ একেদৰে গুৱাহাটীক স্মার্ট চিটী কৰিবলৈ সেৱা প্রদানকাৰী সংস্থাক আমন্ত্রণ জনোৱাৰ ক্ষেত্রত গ্রহণ কৰা তাৎক্ষণিক স্বচ্ছ প্রক্রিয়া সন্দর্ভতো সবিশেষ তথ্য প্রকাশ কৰিব লাগিব ন্যায়ালয়ৰ মজিয়াত৷

ইপিনে, দেশৰ কোনখন চহৰ স্মার্ট চিটীলৈ ৰূপান্তৰ হৈছে তথা সেই চহৰসমূহৰ গ্রেড আৰু কোন সেৱা প্রদানকাৰীয়ে প্রকল্পসমূহ ৰূপায়ণ কৰিছে, তাৰ তথ্যও সন্নিৱিষ্ট কৰিব লাগিব শপতনামাত৷ এইক্ষেত্রত স্মার্ট চিটী গঠন কৰাৰ ক্ষেত্রত সেৱা প্রদানকাৰী সংস্থাসমূহৰ সৈতে প্রত্যক্ষভাৱে মত বিনিময় কৰিবলৈ পৰিচালন সঞ্চালকগৰাকীক স্বাধীনতা প্রদান কৰিছে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ বাবে প্রয়োজনীয় কথা–বতৰাও পৰিচালন সঞ্চালকে বিত্ত বিভাগৰ প্রধান সচিবৰ সৈতে আলোচনা কৰিব পাৰিব৷ ৰীতা দাস মজুমদাৰে দাখিল কৰা ৭২/২০১৬ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনত মহানগৰীৰ যান–বাহন ব্যৱস্থা, পথসমূহৰ আন্তঃগাঁথনি আদিয়ে ঘাইকৈ গুৰুত্ব লাভ কৰিছে৷ শেহতীয়া শুনানিত চিটীবাছসমূহ ৰাখিবৰ বাবে নির্ধাৰিত স্থান চিনাক্ত কৰা হৈছে বুলি চৰকাৰী অধিবক্তাই অৱগত কৰিছে৷ এইক্ষেত্রত মহানগৰ জিলাৰ উপায়ুক্ত আৰু ৰাজহ বিভাগক পদক্ষেপ গ্রহণ কৰি নির্দিষ্ট বাছ আস্থানসমূহ নির্মাণৰ বাবে গড়কাপ্ঢানী বিভাগক যাৱতীয় ভূমি আবণ্টন কৰিবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷ একেদৰে মহানগৰীৰ ভিতৰত থকা তথা অত্যধিক ভিৰ হোৱা বজাৰ অঞ্চলসমূহৰ ওপৰতো এটা সমীক্ষা কৰা বুলি ন্যায়ালয়ক অৱগত কৰা হৈছে৷ সেই সমীক্ষাৰ প্রতিবেদন ন্যায়ালয়ত দাখিল কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশনা দিছে৷ তদুপৰি গুৱাহাটীৰ ভিতৰত থকা পাইকাৰী বজাৰসমূহ মহানগৰীখনৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ বাবে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত প্রতিবেদন দাখিল কৰিবলৈ খণ্ড বিচাৰপীঠখনে ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক নির্দেশ দিয়ে৷

আবেদনকাৰী ৰীতা দাস মজুমদাৰে ন্যায়ালয়ক অৱগত কৰা অনুসৰি ২০০৯ চনতে মাষ্টাৰ প্লেন প্রস্তুত কৰা হৈছিল৷ বহুসংখ্যক ব্যস্ত পথ বহল কৰাৰো পৰিকল্পনা কৰা হৈছিল৷ কিন্তু বিগত ১১ বছৰে এইক্ষেত্রত প্রয়োজনীয় কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ সেয়েহে গুৱাহাটী উন্নয়ন বিভাগক ব্যস্ত পথসমূহ বহল কৰাৰ ক্ষেত্রত গ্রহণ কৰিব পৰা ব্যৱস্থা কৰিবলৈ খণ্ড বিচাৰপীঠখনে নির্দেশ দিয়ে৷ ভূমিৰ অভাৱত পথ বহল কৰিব নোৱাৰিলে সেই স্থানসমূহত ফ্লাই অভাৰৰ ব্যৱস্থা কৰা সন্দর্ভতো বিভাগটোৱে ন্যায়ালয়ক অৱগত কৰিব লাগিব৷ গুৱাহাটীৰ এই আন্তঃগাঁথনি উন্নয়নৰ সমগ্র প্রক্রিয়াটোত অগ্ণিনির্বাপক বিভাগ আৰু অসম দুর্যোগ ব্যৱস্থাপনা বিভাগক জড়িত কৰিবলৈও ন্যায়ালয়ে নির্দেশ দিছে৷ কিয়নো মহানগৰীৰ বহু পথত অগ্ণিনির্বাপক বাহিনীৰ বাহনসমূহ ঠেক হোৱা বাবে চলাচলত বাধাৰ সৃষ্টি হয়৷ সেয়েহে এনে পথসমূহ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা গ্রহণৰ ক্ষেত্রতো পদক্ষেপ ল’বলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷ অহা ৪ জুনত গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব৷

You might also like