নিয়মীয়া বার্তা, ৪ জুনঃ লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত মুখামুখি অৱস্থান দুয়ো দেশৰ সেনাৰ৷ প্রকৃততে ২০১৭ চনৰ ডোকলাম সংঘাতৰ পিছত সীমান্তত ভাৰত–চীন কোনো এটা পক্ষই বৃহৎ সৈন্যৰ সমাৱেশ ঘটোৱা নাছিল৷ কিন্তু চলিত বর্ষৰ মে’ মাহৰ আৰম্ভণিতে লাডাখ সংলগ্ন এলএচিত হঠাৎ চীনৰ সৈন্যবাহিনীৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগে লগে পুনৰ উত্তপ্ত হৈ পৰে নতুন দিল্লী–বেইজিঙৰ সম্পর্ক৷ দুবাৰকৈ হোৱা হতাহতিৰ পিছত গালৱান উপত্যকাত চীনে সেনাৰ সংখ্যা বঢ়োৱাৰ সমান্তৰালভাৱে ভাৰতেও যোগ্য প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে৷ দুয়োখন দেশৰ মাজত প্রায় এমাহ ধৰি চলা সংঘাতৰ মাজতে লাডাখনৰ এলএচিত বৃহৎসংখ্যক চীনা সেনাৰ উপস্থিতি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷
এটা ৰাষ্ট্রীয় সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে বর্তমান সীমান্তত চীনৰ সৈন্যই অৱস্থান কৰি থকাটো সঁচা৷ চীনৰ দাবী– তেওঁলোকৰ সীমা ইয়ালৈ (লাডাখ) বিস্তৃত৷ ইয়াৰ বিপৰীতে ভাৰতৰ দাবী হৈছে– এয়া আমাৰ দেশৰ সীমাৰ অন্তর্ভুক্ত৷ এই বিষয়টোক কেন্দ্র কৰিয়েই এক মতভেদৰ সৃষ্টি হৈছে৷ যাৰ বাবে যথেষ্টসংখ্যক চীনৰ লোক সীমান্তলৈ আহিছে৷ কিন্তু নিজৰ তৰফৰ পৰা এইক্ষেত্রত যিখিনি কৰিব লাগে, সেইখিনি ভাৰতে কৰিছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে চীনা সৈন্যৰ এনে তৎপৰতাত কার্যতঃ বেইজিঙক সকীয়াই দিয়ে৷ তেওঁ কয়– ‘ভাৰতে কোনো দেশৰ গৌৰৱত আঘাত হানিব নিবিচাৰে৷ পিছে একে সময়তে আমাৰ নিজৰ গৌৰৱত কোনোবাই আঘাত হানিব বিচৰাটোকো সহ্য নকৰে৷’
উল্লেখ্য যে সীমান্তৰ পাংং ছ’ হ্রদৰ সমীপৱর্তী ফিংগাৰ অঞ্চল আৰু গালৱান উপত্যকাৰ ডাৰবুক–শ্বায়’ক দৌলত বেগ সংযোগী দুটা পথ নির্মাণৰ বাবে ভাৰতৰ পৰিকল্পনাৰ চীনে বিৰোধিতা কৰাক কেন্দ্র কৰিয়েই শেহতীয়া সংঘাতৰ উদ্ভৱ হৈছে৷ অনুৰূপ ধৰণে একেটা অঞ্চলতে চীনে পথ নির্মাণ কৰিব বিচৰাৰো বিৰোধিতা কৰিছে ভাৰতে৷ চীনে সৈন্য সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে পূব লাডাখত ভাৰতৰ তৰফৰ পৰাও সমৰসজ্জা গঢ়ি তোলা হৈছে৷ ইতিমধ্যে সৈন্য সঞ্চালন কৰাৰ উপৰি অত্যাধুনিক অস্ত্রসহ বহুসংখ্যক গাড়ীৰ কনভয় প্রেৰণ কৰা হৈছে বিবদমান অঞ্চলটোলৈ৷
অৱশ্যে ইয়াৰ মাজতে যোৱা মঙলবাৰে দুয়ো দেশৰ সেনাবাহিনীৰ মেজৰ জেনেৰেল পর্যায়ৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকখনত ভাৰতীয় সেনাৰ প্রতিনিধি দলক নেতৃত্ব দিছিল লেহস্থিত থ্রী মাউণ্টেইন ডিভিজনৰ জি’চিয়ে৷ সীমান্তত সংঘাতৰ উপশম বিচাৰি পৰৱর্তী বৈঠকখন অনুষ্ঠিত হ’ব লেফটেনেণ্ট জেনেৰেল পর্যায়ত৷ অহা ৬ জুনত সীমান্তৰ চুণ্ডল মলডো সেনা শিবিৰত অনুষ্ঠিতব্য এই বৈঠকখনে যথেষ্ট তাৎপর্য বহন কৰিছে৷ ভাৰতক ১৪ ক’ৰৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিঙে নেতৃত্ব দিবলগীয়া ৬ জুনৰ বৈঠকখন সন্দর্ভত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে আগতীয়াকৈ প্রকাশ কৰা প্রতিক্রিয়া এনেধৰণৰ– কূটনৈতিক আৰু সেনাবাহিনী পর্যায়ত হোৱা আলোচনাৰ মাজেৰে ডোকলাম সংঘাতৰ ওৰ পৰিছিল৷ ইতিপূর্বে এনেধৰণৰ পৰিস্থিতিৰ সমাধান সূত্র ওলাইছিল৷