নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৈৱ–বৈচিত্র্য আৰু ক’ভিড–১৯

এই বছৰৰ ৫ জুন বিশ্ব পৰিৱেশ দিৱসত আমি প্রায় সকলো ক’ভিড–১৯ অতিমাৰীৰ সংক্রমণ প্রতিৰোধৰ কাৰণে ঘৰতে আবদ্ধ হৈ আছোঁ৷ ক’ভিড–১৯ অর্থাৎ ক’ৰোনা ভাইৰাছ ৰোগ–২০১৯টো ক’ৰোনা প্রজাতিৰ ভাইৰাছে সংঘটিত কৰা এবিধ ৰোগ৷ ক’ৰোনা প্রজাতিৰ এটা ভাইৰাছে ২০০৩ চনত ছার্ছ SARS) অর্থাৎ ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিনড্রম Severe Acute Rspriratory Syndrome) আৰু এটা ভাইৰাছে ২০১৩ চনত মার্ছ MERS) অর্থাৎ মিডল ইষ্ট ৰেছপিৰেটৰী ছিনড্রম Middle East Respiratory Syndrome) সংঘটিত কৰিছিল৷ ক’ভিড–১৯ ৰোগ সংঘটন কৰা ক’ৰোনা ভাইৰাছটো ছার্ছ, মার্ছ সংঘটিত কৰাকেইটাতকৈ বেলেগ৷ ক’ৰোনা ভাইৰাছবোৰ জুন’টিক Zoonotic) অর্থাৎ ইহঁতে জন্তুৰ পৰা মানুহলৈ ৰোগ বিয়পায়৷ প্রতিবছৰে জন্তুৰ পৰা মানুহলৈ সংক্রমিত ভাইৰাছজনিত ৰোগৰ দ্বাৰা প্রায় ১০০ কোটি মানুহ আক্রান্ত হয় আৰু বহু নিযুতৰ মৃত্যু হয়৷ বর্তমান নতুনকৈ আৱির্ভাৱ হোৱা সংক্রামক ৰোগৰ ৭৫ শতাংশই জুন’টিক৷
ক’ভিড–১৯ অতিমাৰীয়ে আমাক মনত পেলাই দিছে যে মানুহৰ স্বাস্থ্য গ্রহটোৰ স্বাস্থ্যৰ লগত সম্পর্কিত৷ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে, আমি যদি বন্য আৱাস ভূমিবোৰৰ প্রতি আমাৰ ব্যৱহাৰ সলনি নকৰোঁ, অধিক ভাইৰাছৰ প্রাদুর্ভাৱৰ বিপদ–শংকা আমাৰ আছে৷ ভৱিষ্যতে জুন’টিক ৰোগৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ হ’লে আৱাসভূমিৰ ক্ষতি, খণ্ডিতকৰণ, অবৈধ বেহা, প্রদূষণ, বহিৰাগত প্রজাতিৰ আগ্রাসন আৰু ক্রমবর্ধিত ৰূপত হৈ থকা জলবায়ুৰ পৰিৱর্তন ইত্যাদি পৰিস্থিতি–তন্ত্র আৰু বন্যজীৱলৈ অহা সকলোবোৰ ভাবুকি নিয়ন্ত্রণ কৰিব লাগিব৷
জৈৱ–বৈচিত্র্যৰ গুৰুত্ব উপলব্ধি কৰোঁ আহক ঃ
২০২০ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হৈছে– ‘জৈৱ–বৈচিত্র্য উদ্যাপন কৰক’ Celebrate biodeversity)৷ কিন্তু জৈৱ–বৈচিত্র্যৰ গুৰুত্বপূর্ণ অস্তিত্ব আমি উপলব্ধি কৰিলেহে উদযাপনৰ পর্যায় আহি পৰিব৷ জৈৱ–বৈচিত্র্য হৈছে, সৰল ভাষাত, বিভিন্ন ধৰণৰ উদ্ভিদ, বিভিন্ন ধৰণৰ পানী, বিভিন্ন ধৰণৰ অণুজীৱ আৰু সিহঁতৰ বিভিন্ন ধৰণৰ বাসস্থানৰ অর্থাৎ পৰিস্থিতি তন্ত্রৰ সমষ্টি৷ সমৃদ্ধ জৈৱ–বৈচিত্র্যৰে সুস্থ পৰিস্থিতি তন্ত্রই মানুহৰ জীয়াই থকাৰ বুনিয়াদ গঢ়ে৷ এনে পৰিস্থিতি তন্ত্র অর্থাৎ সামগ্রিক পৰিৱেশে মানৱ জীৱন বিভিন্ন উপায়েৰে বর্তাই ৰাখে বায়ু বিশুদ্ধ কৰি, পুষ্টিকৰ খাদ্যবস্তুৰ যোগান পর্যাপ্ত কৰি, বনৌষধি আৰু কেঁচামাল যোগান ধৰি আৰু দুর্যোগ সংঘটন হ্রাস কৰি৷ কিন্তু আমি প্রকৃতিৰ যত্ন নলওঁ৷ ব্রাজিল, আমেৰিকা যুক্তৰাষ্ট্র আৰু অষ্ট্রেলিয়াত অকল্পনীয় ৰূপত বনজুই লাগিছে, আফ্রিকাৰ অন্তৰীপত ফৰিঙৰ অগ্রাসন হৈছে, প্রবাল–প্রাচীৰ ধ্বংস হৈছে– এই সকলোবোৰৰে আমি সাক্ষী৷ সদ্যহতে সংক্রমিত হৈ থকা ক’ভিড–১৯ অতিমাৰী, যিটো জন্তুৰ পৰা মানুহলৈ সংক্রমিত হোৱা ভাইৰাছজনিত ৰোগৰ শেহতীয়া প্রাদুর্ভাৱ, সেইটোৱে আমাক দেখুৱাইছে কেনেকৈ গ্রহটোৰ স্বাস্থ্য আমাৰ স্বাস্থ্যৰ লগত সম্পর্কিত৷ জৈৱ–বৈচিত্র্য আৰু পৰিস্থিতি তন্ত্র সেৱাৰ আন্তঃচৰকাৰী বিজ্ঞান নীতি মঞ্চৰ–২০১৯ চনৰ ৰিপ’টত কৈছে –’Bio-diversity-the essential variety of life-forms on earth-continues to decline in every region of the world, significantly reducing nature’s capacity to contribute to people’s well being. This alarming trend endangers economics, livelihoods, food security and the quality of life of people everywhere-according to four landmark Science reports written by more than 550 leading experts from over 100 countries.’ (IPBES-2019) (ভাবার্থ ঃ জৈৱ বৈচিত্র্য– পৃথিৱীৰ বৈচিত্র্যপূর্ণ জীৱসমষ্টি পৃথিৱীৰ প্রতিটো প্রান্ততে অৱক্ষয় হৈ আছে, ফলত মানৱ কল্যাণৰ বাবে পৃথিৱীৰ সামর্থ্য লক্ষণীয়াভাৱে হ্রাস পাইছে৷ এই সংকটজনক ঘটনাপ্রৱাহে ‘অর্থনীতি, জীৱন–যাপন প্রণালী, খাদ্যৰ নিৰাপত্তা আৰু সকলো স্থানতে মানুহৰ জীৱনৰ গুণগত মান বিপদাপন্ন কৰিছে)৷
জৈৱ–বৈচিত্র্যৰ সংজ্ঞা প্রথম আগবঢ়োৱা হৈছিল ১৯৯২ চনত ব্রাজিলৰ ৰি’–ডি জেনেৰি’ত অনুষ্ঠিত হোৱা ভূমি শীর্ষ সন্মিলনত৷ সংজ্ঞাটো হৈছে– ‘পৃথিৱী পৃষ্ঠৰ যিকোনো পৰিৱেশত থকা জীৱ–প্রজাতিসমূহৰ জিনগত, প্রজাতিগত বিভিন্নতাৰ লগতে পৰিস্থিতিতান্ত্রিক বিভিন্নতাই হৈছে জীৱবৈশিষ্ট্য৷’ ইংৰাজী’Biological Diversity’ শব্দটো ১৯৮৫ চনত ডব্লিউ জি ৰজেনে(W.G. Rosen) প্রয়োগ কৰিছিল৷ ৰাষ্ট্রসংঘই প্রতিবছৰৰ ২২ মে’ তাৰিখটো ‘আন্তর্জাতিক জৈৱ–বৈচিত্র্য দিৱস’ হিচাপে উদ্যাপন কৰি আহিছে৷ ২০১১ চনৰ পৰা ২০২০ চনলৈ, এই দশকটো ৰাষ্ট্রসংঘই আন্তর্জাতিক জৈৱ–বৈচিত্র্য দশক হিচাপে ঘোষণা কৰিছে৷ সেয়েহে ২০২০ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম লোৱা হৈছে– ‘জৈৱ–বৈচিত্র্য উদ্যাপন কৰক’৷
আন্তর্জাতিক উদ্যাপন কেন্দ্র, কলাম্বিয়া ঃ
প্রতিবছৰে বিশ্ব পৰিৱেশ দিৱস প্রায় ১৪৩খনতকৈ অধিক ৰাষ্ট্রই নিজাববীয়াকৈ উদ্যাপন কৰে যদিও আন্তর্জাতিকভাৱে এখন ৰাষ্ট্রত মূল সভাখন অনুষ্ঠিত হয়৷ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ আন্তর্জাতিক উদ্যাপন কেন্দ্র কলাম্বিয়া, জার্মানীয়ে সহযোগিতা আগবঢ়াব৷ কলাম্বিয়া বিশ্বৰ এখন অন্যতম ‘মেগা জৈৱ–বৈচিত্র্য’ৰ ৰাষ্ট্র৷ সমগ্র বিশ্বৰ ১০ শতাংশ জৈৱ–বৈচিত্র্য বহন কৰে কলাম্বিয়াই৷ যিহেতু কলাম্বিয়া আমাজান বর্ষাৰণ্যৰ এটা অংশ, চৰাই আৰু অর্কিডৰ ক্ষেত্রত কলাম্বিয়াৰ স্থান বিশ্বত প্রথম৷ উদ্ভিদ, পখিলা, নির্মল পানীৰ মাছ আৰু উভচৰৰ বিচিত্রতাৰ ক্ষেত্রত দ্বিতীয়৷ ৩৫০০ প্রকাৰৰ অর্কিড আৰু পৃথিৱীৰ মুঠ চৰাইৰ ১৯ শতাংশ কলাম্বিয়াত আছে৷ ইয়াৰ চৰকাৰে জৈৱ–বৈচিত্র্য সংৰক্ষণত অগ্রাধিকাৰ দিয়ে৷
জৈৱ–বৈচিত্র্য বিলুপ্তিৰ কাৰকসমূহ ঃ
জৈৱ–বৈচিত্র্যৰ আন্তঃচৰকাৰী বিজ্ঞাননীতি আৰু জি’–৬ ৰিপ’র্টে শেহতীয়াকৈ ৫টা মূল কাৰক চিনাক্ত কৰিছে৷ সেইকেইটা হৈছে–
(ক) স্থলভাগৰ অপপ্রয়োগ- আমাৰ খাদ্য আৰু সম্পদৰ প্রয়োজনীয়তাৰ কাৰণে আমি ভূমি খণ্ডৰ অপপ্রয়োগ কৰিছোঁ আৰু সমগ্র পৃথিৱীজুৰি প্রাকৃতিক আৱাসভূমিবোৰ ধ্বংস কৰিছোঁ৷ গ্রহটোৰ বৰফমুক্ত অঞ্চলৰ ২৬ শতাংশ চৰণীয়া পথাৰ হিচাপে, শস্যপথাৰৰ ৩৩ শতাংশ পশুধনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছোঁ৷ বর্তমান পৃথিৱীৰ স্থলভাগৰ পৃষ্ঠীয় তৰপৰ এক তৃতীয়াংশ অম্লী ভৱন, প্রদূষণ আৰু অন্য বহন অক্ষম ভূমি পৰিচালনা অভ্যাসৰ পৰিপ্রেক্ষিতত অপক্ষয়িত হৈছে৷
(খ) উদ্ভিদ আৰু প্রাণীৰ মাত্রাধিক উপভোগ- মাছ মৰা, গছ কটা, বন্য জীৱৰ চিকাৰ ইত্যাদিকে ধৰি সম্পদৰ মাত্রাধিক উপভোগে, সৰু–ডাঙৰ সকলো জীৱৰে স্থিতি বিপদাপন্ন কৰি তুলিছে৷ আইকনিক জীৱবোৰো সাৰি যোৱা নাই৷ গ্রহটোৰ আটাইতকৈ অন্যায়ভাৱে ৰপ্তানি হোৱা প্রাণীবোৰৰ ভিতৰত এটা হৈছে বনৰৌ Rangolin) আৰু আনটো হৈছে বেলুগা তিমি Beluga Sturgeon)৷ বেলুগা তিমি ৰপ্তানি হয় কেভিয়াৰ Caviar) অর্থাৎ লোণত প্রস্তুত কৰা কণীৰ কাৰণে৷ দৰিদ্রতাই মানুহক চোৰাং চিকাৰ, অবৈধ বৃক্ষ উচ্ছেদ, এইবোৰ কামৰ কাৰণে কেতিয়াবা বাধ্য কৰে যদিও মানুহে জৈৱ–বৈচিত্র্যক নিজৰ অবিচ্ছেদ্য অংশ হিচাপে গ্রহণ কৰিলে এনে অবৈধ কামবোৰৰ পৰা নিশ্চয় বিৰত থাকিব৷
(গ) প্রদূষণ- প্রদূষণ জৈৱ–বৈচিত্র্যৰ কাৰণে এটা প্রধান আৰু ক্রমবর্ধিত ভাবুকি নির্মল পানী আৰু সাগৰীয় বাসস্থানত বিধ্বংসী প্রভাৱৰ জৰিয়তে৷ এতিয়া সাগৰৰ পানীত ভাহি আছে প্রায় পাঁচশ ত্রিলিয়ন ডাঙৰ–সৰু প্লাষ্টিকৰ টুকুৰা৷ প্লাষ্টিককণাতো আছেই৷ এইবোৰে সাগৰীয় আৱর্জনাৰ ৬০–৯০ শতাংশ গঠন কৰে৷ মুক্ত আৱর্জনাৰ দ’মবোৰে উদ্ভিদ আৰু প্রাণীক আক্রান্ত কৰে৷ আনহাতে কীটনাশক, ৰাসায়নিক সাৰ আৰু অন্য ৰাসায়নিক পদার্থই মৌমাখি, পখিলাৰ দৰে পৰাগযোগকাৰী আৰু বাদুলিৰ দৰে অনিষ্টকাৰী পতংগৰ ভক্ষকবোৰৰ অনিষ্ট সাধন কৰে৷
(ঘ) বহিৰাগত আগ্রাসনকাৰী প্রজাতি- বহিৰাগত প্রজাতিবোৰে পৰজীৱী বা প্রতিযোগীৰ ৰূপত ক্রিয়া কৰি, আৱাসভূমি সলনি কৰি, স্থানীয় প্রজাতিৰ লগত সংকৰণ ঘটায় আৰু বিভিন্ন ৰোগ কঢ়িওৱাৰ ফলত জৈৱ–বৈচিত্র্যৰ কাৰণে ভীতিগ্রস্ততাৰ সৃষ্টি কৰে৷ গোলকীকৰণে বাণিজ্য আৰু পর্যটনৰ মাধ্যমেৰে জীৱ প্রজাতিবোৰৰ নিজস্ব পৰিসৰ অতিক্রমি আগমন–নির্গমন বৃদ্ধি কৰিছে, ফলত জৈৱ–বৈচিত্র্যৰ স্বাভাৱিক জীৱন প্রক্রিয়া ব্যাহত হৈছে৷
ঙ) জলবায়ুৱে অনা সংকট- জলবায়ু পৰিৱর্তন আৰু বায়ুমণ্ডলৰ চূড়ান্ত উষ্ণতা বৃদ্ধিয়ে স্বাভাৱিক বাসস্থানসমূহৰ ক্ষতি কৰি জৈৱ–বৈচিত্র্যৰ বিলুপ্তি ঘটাইছে৷ উদাহৰণস্বৰূপে সাগৰীয় উষ্ণতাই সাগৰীয় বৰফৰ গলন ঘটাইছে অক্ষত বৰফ প্রবাহত মেৰু ভালুক টিকি থকাটো জটিল, ছীলমাছ Seal) আৰু মাছখোৱা চৰাইবোৰৰো টিকি থকাটো জটিল, আনহাতে মহাসাগৰীয় অম্লধর্মিতাই প্রবাল প্রাচীৰবোৰ বর্ণহীন কৰিছে৷ এটা সমীক্ষাই দেখুৱাইছে যে ২০৫০ চনৰ ভিতৰত প্রতি ৬টা প্রজাতিৰ ১টালৈ বিলুপ্তিৰ ভাবুকি আহিব, যদিহে বর্তমানৰ বায়ুমণ্ডলীয় উষ্ণতা একেধৰণে থাকে৷

জৈৱ–বৈচিত্র্য আৰু দিহিং পাটকাইৰ কয়লাৰ মুক্ত খনন-

ক’ভিড–১৯ সংক্রান্তীয় লকডাউন চলি থকা অৱস্থাতে যোৱা ১৭ এপ্রিলত কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী প্রকাশ জাভাড়েকাৰৰ পৌৰোহিত্যত, নেচনেল ব’ড ফৰ ৱাইল্ডলাইফৰ ষ্টেণ্ডিং কমিটীৰ বৈঠকত, অসমৰ–ৰুণাচল প্রদেশৰ সীমান্তৱর্তী দিহিং পাটকাইৰ সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত চালেকি এলেকাত কয়লাৰ মুক্তখননৰ অনুমতি প্রদান কৰা হয়৷ এইটোও জৈৱ–বৈচিত্র্যৰ প্রতি এক ভয়ানক ভাবুকি৷ উল্লেখ্য যে দিহিং পাটকাই হস্তী ৰিজার্ভৰ ভিতৰতে থকা বন্যপ্রাণীৰ সংৰক্ষিত বনাঞ্চলখনত চীনদেশীয় বনৰৌ, বৰবাদুলি, মালয় দেশীয় ডাঙৰ কের্কেটুৱাৰ দৰে দুষ্প্রাপ্য প্রজাতিৰ জীৱ থকাৰ উপৰি, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলখন দেশৰ একমাত্র সংৰক্ষিত বন্যপ্রাণীৰ অভয়াৰণ্য, যিখন সোণালী মেকুৰী, নাহৰফুটুকী আৰু লতামাকৰি বাঘ, দীঘলনেজীয়া মেকুৰী আদি বহু আপুৰুগীয়া প্রাণীৰ বসতিস্থল৷ বনাঞ্চলখন দুর্লভ প্রজাতিৰ উদ্ভিদকুলৰ দ্বাৰাও সমৃদ্ধ৷ তদুপৰি অসম–ৰুণাচল সীমান্তৱর্তী অঞ্চলটো বনৰীয়া হাতীৰ মুক্ত বিচৰণথলী৷ কয়লাৰ মুক্ত খনন হ’লে অঞ্চলটোত নিশ্চিতভাৱে জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক পৰিৱেশ ধ্বংস হ’ব৷ হস্তী ৰিজার্ভৰ ক্ষতিগ্রস্ত হ’ব, হস্তী–মানুহৰ সংঘাত তীব্রতৰ হ’ব৷

বিশ্ব পৰিৱেশ দিৱস, জনগণৰ দিৱস- বিশ্ব পৰিৱেশ দিৱস যিহেতু জনগণৰ দিৱস, সেয়েহে এই দিৱস উদ্যাপনৰ লক্ষ্য হৈছে– জনগণক উৎসাহিত কৰা, নিজৰ মতামত শক্তিশালী কৰিবলৈ৷ নাগৰিকসকলে নিজ নিজ চৰকাৰক যাতে বাধ্য কৰাব পাৰে প্রকৃতিক ৰক্ষণাবেক্ষণৰ লগতে প্রদূষণ নির্মূল কৰিবলৈ, চৰকাৰী প্রতিশ্রুতি ৰক্ষা কৰিবলৈ আৰু পৰিৱেশ সম্বন্ধীয় নীতিবোৰৰ পৃষ্ঠপোষকতা নিশ্চিত কৰিবলৈ৷ কোম্পানীবোৰে যোগান ব্যৱস্থাৰ, কৃষি সম্বন্ধীয় লগতে শিল্পজাত উৎপাদন প্রক্রিয়াৰ বহনক্ষম বিকাশ ঘটাব লাগিব, যাতে পৰিৱেশ বিঘ্ণিত নহয়৷ সমাজৰ প্রতিজনৰ লক্ষ্য হ’ব লাগে জৈৱ–বৈচিত্র্যৰ বিলুপ্তি প্রতিৰোধ কৰিবলৈ, কেনেকৈ ক্ষয়প্রাপ্ত পৰিস্থিতি তন্ত্র উদ্ধাৰ আৰু সংৰক্ষণ কৰিব পাৰি৷ এক নিযুত উদ্ভিদ আৰু প্রাণীপ্রজাতি বিলুপ্তিৰ পথত– কিছুমান দশকটোৰ ভিতৰতে৷
বিশ্ব অর্থনীতি জৈৱ–বৈচিত্র্যৰ লগত জটিল ৰূপত সাঙোৰ খাই আছে৷ জৈৱ–বৈচিত্র্যই বিশ্ব অর্থনীতিলৈ প্রতিবছৰে ১২৫ৰ পৰা ১৪০ ত্রিলিয়ন আমেৰিকান ডলাৰ যোগান ধৰে, যিটো সমগ্র বিশ্বৰ ঘৰুৱা উৎপাদনৰ ১১/২ গুণতকৈ বেছি৷ আমি খোৱা আহাৰ, পি খোৱা পানী, শ্বাস–প্রশ্বাসত লোৱা বায়ুভাগ প্রকৃতিয়ে যোগান ধৰে৷ যিহেতু এই পৃথিৱীত মানুহৰ জনসংখ্যা ১০০০ কোটি (১০ বিলিয়ন) হ’বলৈ গৈ আছে, আমি প্রকৃতিৰ অনিষ্ট সাধন নকৰি প্রকৃতিৰ অৱদানৰ মূল্য উপলব্ধি কৰিবই লাগিব৷ আমি বন্যজীৱ আৰু বন্য পৰিৱেশবোৰ সংৰক্ষণ আৰু উদ্ধাৰ কৰিব লাগিব৷ আমাৰ খাদ্য উৎপাদন পদ্ধতি, আমাৰ খাদ্যাভ্যাস সলনি কৰিব লাগিব৷ পৰিৱেশ হিতৈষী আন্তঃগাঁথনিৰ বিকাশ ঘটাব লাগিব আৰু অর্থনীতিক প্রকৃতিৰ সংৰক্ষকৰ ৰূপলৈ পৰিৱর্তন কৰিব লাগিব৷ আমি যে জৈৱ–বৈচিত্র্যৰ কথা, পৰিৱেশৰ কথা চিন্তা নকৰোঁ সেইটো প্রমাণিত হ’ল ক’ৰোনা ভাইৰাছৰ আৱির্ভাৱৰ পিছত৷ ক’ভিড–১৯ অতিমাৰীয়ে সেইটো আমাক সোঁৱৰাই দিলে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ কাৰণে মাত্র দুমাহ মানুহ লকডাউনত থাকোঁতেই বায়ুপ্রদূষণ ৮০ শতাংশ কমি গ’ল গংগা–যমুনা–ব্রহ্মপ্ পানী নির্মল হৈ গ’ল আৰু বন্যপ্রাণীবোৰেও নিৰাপত্তা অনুভৱ কৰিলে৷ প্রকৃতিয়ে যেন নিজেই ক’ৰোনা ভাইৰাছৰ মাধ্যমেৰে বিশ্ব পৰিৱেশ শোধিত কৰিলে৷

  • ড০ অমিয়া ৰাজবংশী
You might also like