নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনতো বহিঃ ৰাজ্য ফেৰতৰ তাণ্ডৱ-উদ্ভণ্ডালি-অসভ্যালি

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমলৈ আহিবলৈ আৰম্ভ কৰাৰ লগে লগে ৰাজ্যত ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বাছ, ব্যক্তিগত বাহন, ৰে’ল আৰু বিমানেৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা যাতে সামাজিক সংক্রমণ নঘটে, তাৰ বাবে কঠোৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ কিন্তু বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা একাংশ লোকে কৰা উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্রম কৰাত আতংকিত হৈ পৰিছে ৰাজ্যবাসী৷ নানান অভিযোগেৰে বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্রসমূহত থকা বহিঃৰাজ্যৰ পৰা অহা লোকসকলে আৰক্ষী–প্রশাসনক সহযোগিতা কৰাৰ বিপৰীতে উদ্ভট আচৰণেৰে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে এনে বিভিন্ন ঘটনা পোহৰলৈ আহিছে৷ যোৱানিশাও ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হ’ল কোৱাৰেণ্টাইনত থকা লোকৰ উদ্ভণ্ডালিৰ ঘটনা৷

বঙাইগাঁও জিলাৰ ৰঙাপানীস্থিত কোৱাৰেণ্টাইন কেন্দ্রত খাদ্যসামগ্রীক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রাপ্ত তথ্য অনুসৰি, ৰঙাপানীৰ পৰমেশ্বৰ মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্রত বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকক ৰখা হৈছে৷ যোৱানিশা খাদ্যসামগ্রী যোগান ধৰাৰ পিছত বিভিন্ন অভিযোগেৰে এই লোকসকলে প্রশাসনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ উদ্ভণ্ডালিৰ চৰম সীমা অতিক্রম কৰি কোৱাৰেণ্টাইন কেন্দ্রটোৰ লোকসকলে ৰান্ধনীৰ গাত ঢ়ালি দিয়ে গৰম দাইল৷ তদুপৰি কেন্দ্রটোত নিয়োজিত মহিলা ৰান্ধনীক অশ্রাব্য গালি–গালাজ কৰাৰ লগতে কোৱাৰেণ্টাইন কেন্দ্রটোত থকা লোকসকলে ডেক্স–বেঞ্চ ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৰৱর্তী সময়ত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ এই ঘটনাক লৈ শংকিত হৈ পৰিছে স্থানীয় লোকসকল৷ তেওঁলোকৰ মতে নিয়মীয়াভাৱে কোৱাৰেণ্টাইন কেন্দ্রটোত সুষম আহাৰ যোগান ধৰি অহা হৈছে৷ ইফালে, যোৱানিশা গুৱাহাটী মহানগৰীৰ আন এটা কোৱাৰেণ্টাইন কেন্দ্রতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

জানিব পৰা মতে, গুৱাহাটীৰ বৰাগাঁওস্থিত এন ই এফ ল কলেজত থকা একাংশ লোকে নিশা কোৱাৰেণ্টাইন কেন্দ্রটোৰ গেটৰ তলা ভাঙি বাহিৰলৈ ওলাই আহে৷ কোৱাৰেণ্টাইন কেন্দ্রটোত থকা এজন লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি খবৰ ওলোৱাৰ পিছতে ইয়াৰ আৱাসীসকলে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰে৷ নিশাৰ ভাগতে কোৱাৰেণ্টাইন কেন্দ্রটোত থকা আৱাসীসকলে ছেনিটাইজ কৰিবলৈ দাবী উত্থাপন কৰে৷ পৰৱর্তী সময়ত প্রশাসনে কোৱাৰেণ্টাইন কেন্দ্রটো ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে৷ কিন্তু ছেনিটাইজ কৰিবলৈ যোৱা লোকসকলক একাংশ আৱাসীয়ে খেদি পঠিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তদুপৰি এই লোকসকলে আন কেইবাটাও অভিযোগ উত্থাপন কৰি কোৱাৰেণ্টাইন কেন্দ্রত নিশা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷

পৰৱর্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ মুম্বাইৰ পৰা অহা প্রায় ১৮৬জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ইফালে, কৰিমগঞ্জৰ বিলবাৰী শ্রীৰামকৃষ্ণ হায়াৰ ছেকেণ্ডাৰী স্কুলত কোৱাৰেণ্টাইন কৰি ৰখা একাংশ ব্যক্তি নিশা ওলাই অহাত আতংকৰ সৃষ্টি হয়৷ বিভিন্ন অভিযোগেৰে এই লোকসকল কোৱাৰেণ্টাইন কেন্দ্রটোৰ পৰা ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰে৷ অৱশ্যে আৰক্ষীয়ে তেওঁলোকক ওভতাই আনি পুনৰ কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে৷ সৰভোগৰ বৰনগৰ কলেজতো কোৱাৰেণ্টাইনত থকা একাংশ লোকে প্রতিবাদ সাব্যস্ত কৰে৷ ১৪ দিন অতিক্রম কৰাৰ পিছতো এই লোকসকলক কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা যাবলৈ অনুমতি নিদিয়াত প্রতিবাদমুখৰ হৈ পৰে এই লোকসকল৷ এই লোকসকলে প্রতিবাদ কৰিবলৈ কোৱাৰেণ্টাইন কেন্দ্রটোৰ পৰা ওলাই আহে৷

কেৱল সেয়াই নহয়, প্রায়বোৰ কোৱাৰেণ্টাইন কেন্দ্রতে থকা লোকসকলে সামাজিক দূৰত্বৰ নীতি–নিয়ম মানি নচলাত পৰৱর্তী সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কিছুদিন পূর্বে লখিমপুৰত একাংশ ক’ৰোনা আক্রান্তই চিকিৎসালয়ৰ পৰা বাহিৰলৈ ওলাই অহাত আতংকৰ সৃষ্টি হৈছিল৷ বোকাজানতো দয়ানন্দ বিদ্যা নিকেতনত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা একাংশ আৱাসী পলাই যাবলৈ চেষ্টা কৰা কার্যই সমগ্র অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল৷ শেহতীয়াকৈ ধাৰাবাহিকভাৱে ঘটা এনে ঘটনাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে৷ কিয়নো বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ অধিকাংশই ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

বিশেষকৈ ক’ৰোনাৰ হটস্পট হিচাপে চিহ্ণিত হোৱা মুম্বাই, চেন্নাই, দিল্লী আদি স্থানৰ পৰা অহা লোকসকলৰ অধিকাংশৰ শৰীৰত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ যাৰ বাবে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাত ৰখাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে যাতে এই লোকসকলে গাঁৱে–ভূঞে গৈ মাৰাত্মক এই ভাইৰাছৰ সংক্রমণ বিয়পাব নোৱাৰে৷ গণ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা এই পদক্ষেপক চৰম ভেঙুচালি কৰি কোৱাৰেণ্টাইনত থকা লোকসকলে কৰি অহা উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্রম কৰাত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰা হৈছে৷ নিজৰ দায়িত্ববোধৰ প্রতি অকণমানো সচেতন নোহোৱা এই লোকসকলৰ কাণ্ডই ৰাজ্যখনক অধিক ভয়াৱহতাৰ দিশে ঠেলি দিব বুলিও মত প্রকাশ কৰিছে সচেতন লোকসকলে৷

You might also like