উদ্বিগ্ন স্বাস্থ্যমন্ত্রী গুৱাহাটীত আৰম্ভ ক’ৰোনাৰ সামাজিক সংক্রমণ
নিয়মীয়া বাৰ্তা ১১ জুনঃ ৰাজ্যৰ ভিন্ন প্রান্তত ক’ৰোনা আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ সময়তে ৰাজধানী চহৰ গুৱাহাটীত ট্রেভেল হিষ্ট্রী নথকা কেইবাজনো লোক আক্রান্ত হোৱা ঘটনাই চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক৷ ক্রমাৎ এনে লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ আঁৰত গুৱাহাটীত সামাজিক সংক্রমণৰ সম্ভাৱনাই দেখা দিছে৷ আনকি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বুধবাৰে এই কথা স্বীকাৰ কৰি কয় যে গুৱাহাটীৰ সামাজিক সংক্রমণৰ বিষয়টো এটা চিন্তাৰ কাৰণ হৈ পৰিছে৷ ১৩জন লোকৰ সংক্রমণৰ উৎস স্পষ্ট হোৱা নাই৷ সেয়েহে সমগ্র বিষয়টো গভীৰভাৱে পৰীক্ষা কৰাৰ প্রয়োজন আছে৷ মন কৰিবলগীয়া যে বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীৰ ৫টা অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ বিশেষকৈ গুৱাহাটীৰ সদাব্যস্ত পাণবজাৰ আৰু কেইবাটাও গুদাম তথা প্রতিষ্ঠানেৰে ভৰপূৰ বিষ্ণুপুৰ–ফটাশিল অঞ্চলৰ পৰা ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ আনকি ভৰলুমুখৰ শান্তিপুৰত এজন ৰিক্সাচালক ক’ভিড–১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে৷ সমান্তৰালভাৱে গুৱাহাটীৰ আর্য হাস্পতালৰ চিকিৎসক এজনো ক’ৰোনা আক্রান্ত ৰোগী এজনক স্বাস্থ্য পৰীক্ষা কৰাত আক্রান্ত হ’বলগীয়া হৈছে৷ চিকিৎসকজন বাস কৰা খ্রীষ্টানবস্তিৰ অমৰাৱতী পেলেচ নামৰ এপার্টমেণ্টটো কালি প্রশাসনে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ তদুপৰি বিষ্ণুপুৰৰ মিথুন দাস নামৰ লোক এজনো ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে৷ এই ঘটনাসমূহে গুৱাহাটীত সামাজিক সংক্রমণ আৰম্ভ হোৱাৰ ইংগিত দিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি মহানগৰীৰ কেইবাটাও কনটেইনমেণ্ট জ’ন ভ্রমণ কৰি পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রীগৰাকীয়ে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা পাণবজাৰৰ হৰিসভা অঞ্চলত উপস্থিত হৈ স্থানীয় লোক আৰু ব্যৱসায়ীসকলৰ লগত বার্তালাপ কৰাৰ লগতে অঞ্চলটোৰ পৰা সামাজিক সংক্রমণ সংঘটিত হৈছে নেকি, সেই বিষয়েও পর্যালোচনা কৰে৷ পাছত সাংবাদিকৰ আগত এই সন্দর্ভত তেওঁ কয়– পাণবজাৰৰ হৰিসভা অঞ্চলৰ জৈন ফার্মা নামৰ এক প্রতিষ্ঠানৰ লগত জড়িত দুজন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ একেদৰে হৰিসভাৰ ১০০ মিটাৰ ব্যাসার্ধৰ সংস্পর্শলৈ অহা তৃতীয়জন লোক আক্রান্ত হৈছে৷ এই সমগ্র অঞ্চলটোত ক’ৰোনা ভাইৰাছ কঢ়িয়াই ফুৰা কোনোবা আছে অথবা ভাইৰাছটো ইয়াত ঘূৰি ফুৰিছে৷ যিহেতু পাণবজাৰৰ এই অঞ্চলত মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ লোকে অথবা ব্যৱসায়ীয়ে দৰব ক্রয় কৰিবলৈ আহে, গতিকে এই অঞ্চলৰ পৰা সংক্রমণ ঘটিছে নেকি, সেই বিষয়টো পৰীক্ষাৰ প্রয়োজন আছে৷ সেয়েহে এই অঞ্চলটোৰ বিভিন্নজনৰ পৰা ছোৱাবৰ নমুনা সংগ্রহ কৰিব লাগিব আৰু ৭ দিনৰ বাবে কঠোৰ কনটেইনমেণ্ট জ’ন ঘোষণা কৰিব লাগিব৷ উল্লেখ্য যে যোৱা সপ্তাহত গীতামন্দিৰ, নুনমাটিত দুজনকৈ ব্যক্তিৰ ট্রেভেল হিষ্ট্রী নথকাকৈ ক’ৰোনাত আক্রান্ত হোৱাৰ লগতে এজন বাইক চোৰ আক্রান্ত হোৱাৰ আঁৰত উদ্ধাৰ হোৱা নাছিল উৎস৷ সমান্তৰালভাৱে কালি শান্তিপুৰত ক’ৰোনা আক্রান্ত হিচাপে চিনাক্ত হোৱা ৰিক্সাচালকজনৰো উৎস ধৰা পৰা নাই৷ তদুপৰি আর্য হাস্পতালৰ চিকিৎসক ডাঃ বুলন ফুকনে যিজন লোকক চিকিৎসা কৰি ক’ৰোনাত আক্রান্ত হৈছিল, সেই লোকজন হ’ল অমৰীলাল যাদৱ৷ জ্বৰ–কাহত আক্রান্ত হোৱাৰ পাছত পৰীক্ষা কৰাত ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছিল এই লোকজন৷ লক্ষণীয়ভাৱে অমৰীলাল যাদৱ আক্রান্ত হোৱাৰ উৎসও অস্পষ্ট হৈ আছে৷ সমগ্র বিষয়টোক লৈ যথেষ্ট বিবুধিত পৰা স্বাস্থ্য বিভাগে গুৱাহাটী মহানগৰীত সামাজিক সংক্রমণ ঘটিছে নেকি, সেই বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ বাবে বুধবাৰে এক বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়– গুৱাহাটীত আক্রান্ত ১৩জন লোকৰ উৎস স্পষ্ট হোৱা নাই৷ সেয়েহে এই লোককেইজনৰ বিষয়ে খৰচি মাৰি পৰীক্ষাৰ প্রয়োজন আছে৷ স্বাস্থ্য বিভাগে এই সন্দর্ভত সকলো দিশ পৰীক্ষা কৰি এক সিদ্ধান্ত গ্রহণ কৰিব৷ ১৩জন লোকৰ অস্পষ্ট উৎসৰ বাবে মহানগৰীৰ ক’ভিড সংক্রমণ এটা চিন্তাৰ বিষয় হৈ আছে৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ হেতু জিলা প্রশাসনে এতিয়ালৈ ৪৩টা অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ অৱশ্যে ইয়াৰে ১৯টা অঞ্চলৰ পৰা শেহতীয়াকৈ কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷ সামাজিক সংক্রমণ সৃষ্টিৰ সম্ভাৱনাৰ বিষয়টোক লৈ উদ্ভৱ হোৱা জটিলতাৰ মাজতে আজি মন্ত্রী ড০ শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) উপস্থিত হৈ চিকিৎসকসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকতে ক’ভিড আক্রান্ত নোহোৱা ৰোগীসকলক চিকিৎসা প্রদানৰ বিষয়টোক লৈ বিস্তৃত আলোচনা কৰা হয়৷ বৈঠকতে সাধাৰণ ৰোগীৰ চিকিৎসাৰ বাবে বিশেষ প্রট’কল প্রস্তুত কৰাৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকৰ অন্তত সাংবাদিকক মন্ত্রীগৰাকীয়ে কয়– জি এম চি এইচলৈ ক’ৰোনা আক্রান্ত নোহোৱা ৰোগীসকলে চিকিৎসাৰ বাবে অহাৰ পাছত ক’ভিড পৰীক্ষাৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব লগা হয়৷ যাৰ বাবে জটিল অৱস্থাত থকা ৰোগীয়ে সমস্যাৰ সন্মুখীন হয়৷ এই দিশবোৰৰ প্রতি লক্ষ্য ৰাখি জৰুৰীকালীন ৰোগীক প্রথমতে চিকিৎসা আৰু পাছত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা সন্দর্ভত আজি সিদ্ধান্ত গ্রহণ কৰা হয়৷ আন ৰোগীসকলৰ ক্ষেত্রত যাতে দুঘণ্টাৰ ভিতৰতে ক’ভিড টেষ্ট সম্পূর্ণ হয়, তাৰ বাবেও প্রট’কল প্রস্তুত কৰা হ’ব৷ তেওঁ কয়– ক’ভিড–১৯ পৰিৱেশৰ সমান্তৰালকৈ সাধাৰণ জীৱনযাত্রাও চলি থাকিব লাগিব, ৰোগীৰ পৰীক্ষাও চলি থাকিব লাগিব৷ যিহেতু তিনি মাহ পাৰ হৈ গ’ল, গতিকে ভয়–শংকা আঁতৰাই ৰাখি নতুন পর্যায়ত চিন্তা কৰিব লাগিব৷