নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত সংঘাত

সীমান্তৰ সংঘাতে অৱশেষত সংঘর্ষলৈ পর্যবসিত হ’ল৷ ভাৰত–চীনৰ লাডাখ সীমান্তত অতি শেহতীয়াকৈ ব্যাপক উত্তেজনাই বিৰাজ কৰিছিল৷ কিন্তু কোনোৱে ভবা নাছিল যে এই উত্তেজনা বা সংঘাতে এটা সময়ত ৰক্তক্ষয়ী সংঘর্ষত পৰিণত হ’ব৷ পিছে নভবাটোৱেই হ’লগৈ৷ প্রতিৰক্ষা বিশেষজ্ঞসকলে ইমান দিনে মত পোষণ কৰি আহিছিল যে পৃথিৱীৰ যিমানবোৰ আন্তর্জাতিক সীমান্ত আছে, তাৰ ভিতৰত আটাইতকৈ শান্ত সীমান্তই হ’ল ভাৰত–চীন সীমান্ত৷ অৱশ্যে ইতিপূর্বে ১৯৬২ চনত দুয়োখন দেশৰ মাজত যুদ্ধৰ সূচনা হৈছিল৷ বহুচর্চিত এই যুদ্ধৰ পিছত চীনে ভাৰতৰ মাটিত আগ্রাসন অব্যাহত ৰাখিলেও ১৯৭৫ চনপর্যন্ত কোনোধৰণৰ ৰক্তক্ষয়ী সংঘাতৰ সূত্রপাত ঘটা নাছিল৷ ১৯৭৫ চনত অৰুণাচল প্রদেশৰ চীন টুলুং–লায়ট আছাম ৰাইফল্ছৰ টহলদাৰী বাহিনীৰ ওপৰত আক্রমণ চলাই চীনা সৈন্যই হত্যা কৰিছিল চাৰিজনকৈ ভাৰতীয় সেনাক৷ ইয়াৰ পিছত যোৱা সোমবাৰে লাডাখ সীমান্তত ভাৰতীয় সেনাৰ ওপৰত চলোৱা আক্রমণে কার্যতঃ আন্তর্জাতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ প্রকৃততে লাডাখৰ পৰা অৰুণাচলপর্যন্ত ভাৰত–চীন সীমান্তৰ দৈর্ঘ্য হৈছে প্রায় ৩,৩৮০ কিলোমিটাৰ৷ ভাৰতৰ স্বাধীনতাৰ সময়ত বা চীনত কমিউনিষ্ট শাসন প্রৱর্তনৰ সময়ৰ আগলৈকে দুয়োখন দেশৰ মাজৰ সীমান্ত ইমান ব্যাপক নাছিল৷ কিয়নো সেই সময়ত ইয়াৰ অধিকাংশ এলেকাই আছিল তিব্বতৰ অন্তর্ভুক্ত৷ তেতিয়া তিব্বত বেইজিঙৰ প্রত্যক্ষ নিয়ন্ত্রণত নাছিল৷ ১৯৫৯ চনত তিব্বত সম্পূর্ণৰূপে চীনৰ নিয়ন্ত্রণাধীন হোৱাৰ লগে লগে ভাৰত–চীন সীমান্ত বিস্তৃত হৈ পৰে৷ প্রকৃতার্থত ইয়াৰ পিছৰে পৰা আৰম্ভ হয় ভাৰত–চীন সংঘাত৷ তিব্বত চীনৰ নিয়ন্ত্রণাধীন হোৱাৰ ঠিক তিনি বছৰ পিছতেই সূচনা হৈছিল বেইজিং আৰু নতুন দিল্লীৰ প্রত্যক্ষ সংঘাত৷ যাৰ পৰিণতি ১৯৬২ চনৰ যুদ্ধ৷ প্রতিৰক্ষা বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে যে ১৯৭৫ চনৰ পিছত ভাৰত–চীন সীমান্তত বিগত সময়ছোৱাত কোনোধৰণৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত নহ’লেও দুয়োখন দেশৰ কূটনৈতিক সম্পর্ক উন্নত নোহোৱাৰ বাবেই অশান্তিৰ কাৰক ৰূপে পৰিগণিত হৈ আহিছে৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে আজিপর্যন্ত ভাৰত–চীনৰ মাজত প্রকৃত নিয়ন্ত্রণ ৰেখা নির্ধাৰণ নহ’ল৷ যাৰ বাবেই দুয়োখন দেশৰ মাজত সংঘাত মৰিষণ হোৱা নাই৷ লাডাখৰ দক্ষিণে হিমাচল প্রদেশ, তাৰ দক্ষিণ–পূর্বৰ উত্তৰাখণ্ড অথবা উত্তৰ–পূব ভাৰতৰ ছিকিম আৰু অৰুণাচল প্রদেশৰো সংলগ্ণ হৈ আছে চীন সীমান্ত৷ এই সীমান্তৰো কোনো নির্দিষ্ট সীমা দুয়োখন দেশৰ মাজত চিহ্ণিত হোৱা নাই৷ ইয়াৰ বাবেই দুয়োখন প্রতিৱেশী ৰাষ্ট্রৰ মাজত সংঘাত অব্যাহত আছে৷ প্রধানতঃ ইয়াৰ বাবেই বিগত সময়ছোৱাত দুয়োখন দেশৰ মাজত ভূখণ্ডক লৈ সৃষ্টি হৈ আহিছে মতানৈক্য৷ প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ পৰিস্থিতিৰেই সুযোগ লৈছে বেইজিং প্রশাসনে৷ সীমান্ত স্পষ্টভাৱে চিনাক্ত নোহোৱাৰ বাবেই বাৰম্বাৰ পিপল্ছ লিবাৰেচন আর্মীয়ে আগ্রাসন চলাই অহাৰ বিপৰীতে ভাৰতীয় সেনায়ো প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰি আহিছে৷ যাৰ পৰিণতিতে যোৱা সোমবাৰৰ নিশাৰ ঘটনাৰ হয়তো সূত্রপাত ঘটিল৷ এনেধৰণৰ সংঘাতে যে পৰিৱর্তিত পৰিস্থিতিত পুনৰ সংঘর্ষৰ ৰূপ লাভ নকৰিব, সেয়া ন দি ক’ব নোৱাৰি৷ কিয়নো যেতিয়ালৈকে দুয়োখন দেশৰ মাজৰ সীমান্ত স্পষ্টভাৱে চিনাক্ত কৰা নহয়, তেতিয়ালৈকে আগ্রাসন অব্যাহত থকাটো প্রায় নিশ্চিত৷ এনে অৱস্থাত কূটনৈতিক তথা আন্তর্জাতিক মঞ্চত আলোচনাৰ মাধ্যমেৰে গ্রহণ কৰা সিদ্ধান্তহে অতি গুৰুত্বপূর্ণ হ’ব৷ অর্থনৈতিক দিশৰ পৰা এই মুহূর্তত চীন আৰু ভাৰত উভয়ৰে বাবে যুদ্ধ কাম্য নহয়৷ ইয়াৰ পিছতো যদি সীমান্তত আগ্রাসী কার্যকলাপেৰে চীনে যুদ্ধক হাতবাউল দিব বিচাৰে, তেন্তে ইয়াৰ আঁৰত বেইজিঙৰ গোপন অভিসন্ধি থকাটো নিশ্চিত বুলি ধৰি ল’ব লাগিব৷

You might also like