নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান অগ্নিকাণ্ডত ধ্বংস ১,২১০ হেক্টৰ কৃষিভূমি–৪৭০ হেক্টৰ চাহ খেতি

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ  তেল কোম্পানী আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি প্রকৃতিপ্রদত্তভাৱে চহকী বৃহত্তৰ বাঘজানবাসীয়ে হেৰুৱালে কি? বিগত ১৪ দিন ধৰি বাঘজানৰ আকাশত হো–হোৱাই উৰি ফুৰা অইল গেছখাদৰ বিষাক্ত গেছ, চৌদিশে কাণতাল মৰা শব্দ আৰু আকাশচুম্বী একুৰা দাউদাউকৈজ্বলি উঠা প্রচণ্ড জুই, ক’লা ধোঁৱাই যে বাঘজানৰ পাৰিপার্শ্বিকতাত প্রচণ্ডভাৱে আঘাত হানিছে সেয়া সহজে অনুমেয়৷বৃহত্তৰ অঞ্চলটোৰ মানুহ বাদেই, তৰু–তৃণ, গছ–লতিকাকে ধৰি আন জীৱকুলেও সুস্থ অক্সিজেনৰ অভাৱত চাটিফুটি পৰা পৰিলক্ষিত হৈছে৷

 মানৱসৃষ্টৰ ভুলৰ পৰিণতিতেপৰিৱেশত পৰা এনে তীক্ষ্ণ আঁছোৰত জীৱকুলে হেৰুৱাইছে উৱাদিহ৷ কৃষিপ্রধান অঞ্চলটোৰ ভূমিৰ উর্বৰা শক্তিও দীর্ঘকাললৈ নাশ হোৱাৰ সম্ভাৱনা অধিক৷ অর্ধেক শস্য শ্যামলা কৃষিভূমিৰ ওপৰত খাদৰ পৰা নির্গত গেছ মিহলি কনডেনছেট তেলৰ ক’লা চামনি৷ ঘটনাস্থলীৰ পৰা প্রায় এক–ডেৰ কিঃমিঃ নিলগলৈকে গছ–পাত, চাহগছ আদিত বৰষুণৰ টোপালৰ দৰে তেলৰ বিৰিঙণি স্পষ্ট৷ এতিয়া চৌদিশে খেতিৰ ব্যস্ততাৰ সময়তে এই দুর্যোগত শিবিৰবাসী হৈ নীৰৱে চকুলো টুকিছে বাঘজানবাসীয়ে৷ কোনো কোনোৱে বছৰৰ বাৰটা মাহেই খেতি কৰি জীৱন নির্বাহ কৰি অহা কৃষিভূমিত বিয়পি পৰা কনডেনছেট তেলৰ বিৰূপ প্রভাৱত সকলো জ্বলি যোৱাত মূৰে–কপালে হাত দিব লগা হৈছে খেতিয়কসকলে৷ ইফালে, বর্তমানৰ পৰিস্থিতিলৈ চাই বিঘাই বিঘাই নষ্ট হোৱা খেতিপথাৰত পুনৰ ফচলে প্রাণ পাবনে, সেই লৈও সন্দেহ কৃষিজীৱীসকলৰ৷ এনে সময়তে বাঘজানবাসীৰ দুখ–দুর্দশাৰ বুজ ল’বলৈ যোৱা কৃষিমন্ত্রী অতুল বৰাই পৰিস্থিতি অধ্যয়ন কৰি কৈছে যে ক্ষতিগ্রস্ত কৃষিপথাৰসমূহ দীর্ঘকাললৈ খেতিৰ বাবে উপযোগী নহ’ব৷ ইয়াৰ বাবে দীর্ঘম্যাদী পৰিকল্পনাৰ আৱশ্যক৷

   এতিয়া মাথোঁ চৌদিশে তেল–গেছ আৰু জুইৰ উত্তাপৰ মাজত খাটিখোৱা মানুহৰ নীৰৱ উচুপনি৷ বাঘজানৰ দূষিত পৰিৱেশে জৈৱ–বৈচিত্র্যত চহকী স্থানীয় মাগুৰি মতাপুং বিল, জলাশয়ৰ মাছ–কাছ আৰু পৰিভ্রমী পক্ষীৰ অস্তিত্বলৈও সংকট নমাই আনিছে৷ নিশাৰ ভাগতো বাঘজানৰ আকাশত চৰাইবোৰে অস্থিৰভাৱে ঘূৰি ফুৰাৰ লগতে বহু মৃত মাছ–কাছ আৰু শিহু পানীত ওপঙি থকা প্রত্যক্ষ কৰি আহিছে স্থানীয় ৰাইজে৷ বাঘজানৰ গেছ খাদৰ পৰা অহর্নিশে নির্গত প্রচণ্ড শব্দ আৰু বায়ু প্রদূষণৰ ফলত কাষৰীয়া লোকৰ সৈতে সহাৱস্থান কৰিবলৈ শিকা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ বনৰীয়া ঘোঁৰাকে ধৰি অন্য বন্য জন্তুৰ মাজতো একেই অস্থিৰতাই ছানি ধৰাত সিহঁত লোকচক্ষুৰ পৰা আঁতৰি নিৰাপদ স্থানলৈ যোৱা বুলি কাষৰীয়া লোকে জানিবলৈ দিছে৷ বাঘজান গাঁৱৰ শেষ সীমাতে আছে ২০০৫ চনতে খনন কার্য আৰম্ভ কৰা অইলৰ গেছ কূপ–৫ ৷ আনহাতে, উত্তৰ দিশে অনন্ত নলা তথা ব্রহ্মপুুত্রৰ সিপাৰে জৈৱ–বৈচিত্র্যৰে ভৰপূৰ ৰাষ্ট্রীয় উদ্যান ডিব্রু–ছৈখোৱা৷ জানিব পৰা মতে,বাঘজানৰ শব্দ প্রদূষণে এই উদ্যানখনক স্পর্শ কৰিছে যদিও প্রকৃতিৰ আন্তৰিকতাতে হয়তো বিষাক্ত তেল–গেছৰ প্রৱাহে সম্পূর্ণৰূপে চুব পৰা নাই জৈৱ–বৈচিত্র্যৰে ভৰপূৰ এই উদ্যানখনক৷ কিয়নো ব্রহ্মপুুত্রৰ পানীৰ ওপৰত বলি থকা বতাহজাকে অইলৰ খাদৰ পৰা নির্গত গেছখিনি দক্ষিণ–পশ্চিমফালে উৰুৱাই নিয়াত অর্থাৎ মাগুৰি মতাপুং বিল আৰু নতুন গাঁৱত বিৰূপ প্রভাৱ পৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

 ইফালে, অইল ইণ্ডিয়াৰ গেছ খাদৰ অগ্ণিকাণ্ডত বৃহত্তৰ বাঘজানবাসীৰ যে বিস্তৰ ক্ষতিসাধন হৈছে সেই কথা খোদ তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ে প্রস্তুত কৰি উলিওৱা প্রকৃত ক্ষতিগ্রস্তৰ তালিকাৰ পৰাই অনুমান কৰিব পাৰি৷ চৰকাৰী তালিকা অনুসৰি ডুমডুমা আৰু তিনিচুকীয়া ৰাজহ চক্রৰ অধীনৰ বাঘজান গাঁও, দীঘলটৰং গাঁও, বাঘজান এন চি গাঁও, বাঘজান কৰোৱাবস্তি এলেকা, বাঘজান গাঁৱৰ কচুৱনি, কৰোৱা ২নং আৰু ৩নং ৱার্ড, নাগবংশী আৰু কৰোৱাবস্তিৰ অর্ধেক অংশ, বেজলিবস্তি এলেকা আৰু কাষৰীয়া গটঙৰ ৰঙাগডা নতুন গাঁৱৰ প্রায় ২ হাজাৰ পৰিয়াল আৰু প্রায় ১১,০২০গৰাকী লোক ক্ষতিগ্রস্ত লোকৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ ইয়াৰে ৩,১৬০গৰাকী খেতিয়ক আৰু ৫১গৰাকী মাছমৰীয়া ক্ষতিগ্রস্ত হৈছে৷ তালিকা অনুসৰি নষ্ট হৈছে ১,২১০ হেক্টৰ কৃষিভূমি আৰু ৪৭০ হেক্টৰ ক্ষুদ্র চাহ বাগিচা৷ ৮গৰাকী মৎস্যপালক আৰু ০.৮৬ হেক্টৰ জলাশয়ৰ ক্ষতিসাধন হৈছে৷ অগ্ণিকুণ্ডত জাহ গৈছে ২৫টাকৈ বাসগৃহ৷ ১৩টাকৈ অস্থায়ী শিবিৰত ১,৫১০টা ক্ষতিগ্রস্ত পৰিয়াল আৰু ৮,৫৪০গৰাকী পুৰুষ–মহিলা, শিশু–বৃদ্ধ একলগে বাস কৰিছে৷ বাঘজান গেছ খাদ–৫ৰ কাষৰীয়া অঞ্চলৰ দহ বিঘা মুকলি কৃষিভূমিতে দুবিঘা মাটিত আঠিয়াকল, মালভোগ কল, জাহাজী কলৰ খেতি কৰাৰ লগতে বাকী আঠ বিঘাত লাউ, জিকা, অমিতা, ভেণ্ডি, জাতিলাউ, কোমোৰা, তিতা কেৰেলা, ধুন্দুলি, ডাংবদি , মাটিমাহ আদি খেতি কৰিছিল স্থানীয় যুৱক তিনিজনে৷ এই খেতি ৰপৰা প্রতিদিনে গড হিচাপত প্রায় এক কুইণ্টলকৈ ভেণ্ডি, ডাংবদি, তিতা কেৰেলা আদি উৎপাদন লাভ কৰিছিল৷ ধুন্দুলি প্রতিদিনে প্রায় ৬০–৭০ কিলো আৰু লাউ প্রতিদিনে লাভ কৰিছিল প্রায় ১০০টাকৈ৷ উৎপাদিত সামগ্রীৰ পৰা প্রতিদিনেই যুৱককেইজনে লাভ কৰিছিল ১২–১৩ হাজাৰকৈ টকা অর্থাৎ মাহেকত লক্ষাধিক টকা আয় কৰিছিল এই কৃষিভূমিৰ পৰা৷ ইয়াতে নিযুক্ত হৈ আন ৬গৰাকী শ্রমিকেও পৰিয়াল পোহপাল দিছিল৷ কিন্তু খাদৰ পৰা নির্গত তেল–গেছৰ বিৰূপ প্রভাৱ আৰু ৯ জুনৰ সর্বনাশী জুইকুৰাত জ্বলি ভস্মীভূত হ’ল কৃষিৰ সমুদায় ফচল৷ অইল ইণ্ডিয়া অধ্যুষিত অঞ্চলৰ যদিও অইলৰ চাকৰিৰ প্রতি আকর্ষিত নহৈ কৃষিকর্মত ধৰা যুৱককেইজনৰ সন্মুখত এতিয়া অন্ধকাৰ প্রতিচ্ছবি৷

 কিছুদিন পূর্বে সম্পূর্ণ অসমীয়া পৰম্পৰা ৰীতি–নীতিৰে তামোল–পাণৰ শৰাই লৈ শিবিৰবাসী দুর্ভগীয়া ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্রী আৰু পেড্র’লিয়াম মন্ত্রীক এই দুর্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ প্রার্থনা জনাইছিল বাঘজানবাসীয়ে৷ অসমীয়াৰ এই পৰম্পৰা তেওঁলোকে আঁঠু লৈ গ্রহণ কৰাৰ বিপৰীতে পৰম্পৰা মানি চলা গ্রাম্য সমাজখনতেএতিয়া পৰম্পৰা ভংগ কৰিবলৈ বাধ্য এই দুর্যোগৰ ক্ষণত৷ এনে এক অনিশ্চয়তা আৰু শংকাৰে আৱৰা অস্থিৰ পৰিৱেশ আৰু বাস্তৱ প্রতিচ্ছবিয়ে যেন কৈ গ’ল ভুল ক’ত হ’ল? ইয়াৰ পাছতো বাঘজান ঘটনাৰ মূল দোষী উচিত তদন্তৰ আওতালৈ আহিব নে পুনৰ আন এবাৰ বাঘজানে চকুলো টুকিব? সেইটোৱে এই সময়ৰ বৃহৎ প্রশ্ণ৷

You might also like