বিশ্বাসঘাতকতাতে সীমাবদ্ধ নহয় গালৱানৰ সংঘর্ষ
লাডাখত চীনে অধিক আক্রমণাত্মক ৰূপত আগ্রাসন চলোৱাৰ পিছত ভাৰতে এতিয়া সীমান্তত নিজৰ নিৰাপত্তা কৌশল পর্যালোচনা কৰাটো অত্যন্ত জৰুৰী বুলি বিবেচিত হৈছে৷ সাধাৰণ দৃষ্টিত চাবলৈ গ’লে গালৱান উপত্যকাত তেজৰ নৈ বোৱাই চীনে ভাৰতক বিশ্বাসঘাতকতা কৰিলে৷ বিশ্বাসঘাতকতা বুলি ক’লে ইয়াৰ বিপৰীত প্রতিক্রিয়াৰ প্রবল প্রৱণতা জাগ্রত হ’বই৷ ইয়াৰ বাবেই দেশৰ জনসাধাৰণৰ মাজত আৱেগিক প্রতিক্রিয়া পৰিলক্ষিত হৈছে৷ এই আৱেগৰ সৈতে সুৰ মিলাই ৰাজনৈতিক নেতাসকলেও ২০জনকৈ ভাৰতীয় সেনা জোৱানৰ মৃত্যুৰ প্রত্যুত্তৰ উচিতভাৱে দিয়া হ’ব বুলি দাবী কৰিছে৷ কিন্তু গোটেই ঘটনাটো বিস্তৃতভাৱে চালিজাৰি চালে ইয়াক কেৱল বিশ্বাসঘাতকতাৰ এক ঘটনাতে সীমাবদ্ধ কৰিব নোৱাৰি৷ ১৯৬২ চনত চীনে দেখ দেখকৈ বিশ্বাসঘাতকতা কৰি ভাৰত আক্রমণ কৰিছিল পূর্ণ শক্তিৰে৷ অৰুণাচল প্রদেশ পাৰ হৈ চীন সেনাই তেজপুৰ পর্যন্ত আগ্রাসন চলাইছিল৷ কিন্তু ১৯৬২ আৰু ২০২০ চনৰ মাজত আকাশ–পাতাল প্রভেদ আছে৷ শেহতীয়া এই আগ্রাসনক কেৱল বিশ্বাসঘাতকতা বুলি ক’লে ভুল কৰা হ’ব৷ কাৰণ এই আগ্রাসনৰ আঁৰত চীনৰ গভীৰ অভিসন্ধি লুকাই আছে৷ গতিকে গালৱান উপত্যকাৰ ৰক্তাক্ত সংঘর্ষৰ পিছতো এনে ঘটনা যে পুনৰ সংঘটিত নহ’ব তাৰ কোনো নিশ্চিয়তা দিব পৰা নাযায়৷ এনে কাৰণতে ভাৰতে সীমান্তত নিৰাপত্তা কৌশল সলনি কৰাটো অত্যন্ত প্রয়োজনীয়৷ চীনৰ সৈতে সীমান্তত চলি থকা বিবাদৰ সৈতে ভাৰত–পাকিস্তানৰ বিবাদক একে শাৰীতে ৰাখিব নোৱাৰি৷ কাৰণ ভাৰত–পাক সীমান্তত আই এছ আইৰ পৰা সন্ত্রাসবাদীলৈ বিভিন্ন গোটে ষড়যন্ত্র ৰচি আহিছে৷ ইয়াৰ বিপৰীতে লাডাখ বা ভাৰত–চীন সীমান্তৰ অন্য স্থানত পিপলছ লিবাৰেচন আর্মী আৰু ভাৰতীয় সেনাৰ বাদে আন কোনো উপস্থিত নাথাকে৷ তদুপৰি ২৭ বছৰৰ পূর্বে কৰা চুক্তি অনুসৰি দুয়োপক্ষৰ সেনাই লাইন অৱ এক্সুৱেল কণ্ড্রোলত (এলএচি) অস্ত্র–শস্ত্রৰে সজ্জিত হৈ নাথাকে৷ এনে পৰিস্থিতিত চীনৰ শীর্ষ ৰাজনৈতিক নেতৃত্বৰ সেউজ সংকেত অবিহনে চীনা সৈন্যই সীমান্তত আগ্রাসন চলাব বুলি বিশ্বাস কৰিব নোৱাৰি৷ তথাপি সীমান্তত শান্তি ৰক্ষাৰ স্বার্থক ভাৰতে সর্বাধিক অগ্রাধিকাৰ দিব লাগিব৷ উল্লেখ্য যে সীমান্তত শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ বাবেই চীন আৰু ভাৰতৰ মাজত ১৯৯৩ চনৰ পৰা কেইবাখনো চুক্তি স্বাক্ষৰিত হৈছে৷ সীমান্তত দুয়োপক্ষৰ সৈন্যৰ মাজতো মাজে–সময়ে বুজাবুজিৰ জৰিয়তে শান্তিৰ স্বার্থত বহুতো সিদ্ধান্ত লৈ থকা হৈছে৷ ভাৰত–চীনৰ এই বুজাবুজিৰ মূল উদ্দেশ্যে হ’ল– সীমান্তত স্থিতাৱস্থা অব্যাহত ৰাখি দুয়োখন দেশে যাতে আন্তঃৰাষ্ট্রীয়, আঞ্চলিক আৰু দ্বিপাক্ষিক বিষয়সমূহত বন্ধুত্বপূর্ণভাৱে আগবাঢ়ি যাব পাৰে তাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰে৷ সীমান্তত সৰুসুৰা আগ্রাসন চলি থাকিলেও যোৱা ২৭ বছৰে এই বুজাবুজিয়ে মূল উদ্দেশ্য সাধনত আশানুৰূপ অৰিহণা আগবঢ়াই আহিছিল৷ কিন্তু শেহতীয়া কার্যকলাপৰ পৰা এটা বদ্ধমূল ধাৰণাৰ সৃষ্টি হৈছে যে ঝি জিনপিঙৰ নেতৃত্বত চীনে ইতিমধ্যে নিজৰ স্থিতি সলনি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভাৰতেও ইয়াৰ বাবে সাজু হ’ব লাগিব৷
সীমাবিবাদক বাদ দি আৰু বিভিন্ন বিষয়তো ভাৰত–চীনৰ শত্রুতা থাকিলেও বাণিজ্যিক আৰু অন্যান্য দিশৰ বাবে দুয়োখন দেশে পৰস্পৰক গুৰুত্ব দি আহিছে৷ বিবাদ আৰু মতপার্থক্যৰ মাজতো দুয়োখন দেশে স্বাভাৱিক সম্পর্ক অটুট ৰাখিবলৈ সক্ষম হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰ পিছত চীন–ভাৰতৰ সম্পর্কই নতুন ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছিল৷ কিয়নো গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকাৰ সময়তে বেইজিঙৰ সৈতে এক সুসম্পর্ক গঢ়ি উঠিছিল মোদীৰ আৰু তেওঁ মুখ্যমন্ত্রী হিচাপে চাৰিবাৰকৈ চীন ভ্রমণ কৰিছিল৷ প্রধানমন্ত্রী হোৱাৰ পিছতো তেওঁ ৫বাৰকৈ চীন ভ্রমণ কৰিলে৷ প্রকৃততে প্রধানমন্ত্রী হোৱাৰ পিছত ভাৰতলৈ নৰেন্দ্র মোদীয়ে আমন্ত্রণ জনোৱা প্রথমজন প্রভাৱশালী বিদেশী ৰাষ্ট্রপ্রধান আছিল ঝি জিনপিং৷ এনে প্রেক্ষাপটত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পর্ক অধিক মধুৰ হৈ পৰিব বুলি এক বিশ্বাসৰ সৃষ্টি হৈছিল৷ মাত্র ৮ মাহৰ পূর্বে ঝিক প্রধানমন্ত্রী মোদীয়ে দাক্ষিণাত্যৰ মাল্লাপুৰমত দিয়া আতিথ্যৰ সময়ত দুয়োজন ৰাষ্ট্রনেতাৰ মাজত দেখা পোৱা অন্তৰংগতাই এই বিশ্বাস আৰু দৃঢ় কৰি তুলিছিল৷ গতিকে গালৱান উপত্যকাৰ ঘটনাক বিশ্বাসঘাতকতা বুলি অভিহিত কৰাটো সহজ৷ কিন্তু চীনৰ এই নতুন ৰূপত আগ্রাসনৰ আঁৰত থকা কাৰণবোৰ ভাৰতে পর্যালোচনা কৰি অধিক দৃঢ় পদক্ষেপ ল’ব লাগিব৷ ইয়াৰ ভিতৰত সীমান্তত ভাৰতে আন্তঃগাঁথনি উন্নত কৰাৰ বাবে যিবোৰ পদক্ষেপ গ্রহণ কৰিছে সেইবোৰ দৃঢ়তাৰে আগবঢ়াই নিব লাগিব৷