চিদলীত ১০৮ এম্বুলেঞ্চৰ কৰ্মচাৰী-আৰক্ষীৰ পৰস্পৰ দুৰ্ব্যৱহাৰৰ অভিযোগ, ব্যৱস্থা গ্ৰহণ নকৰালৈ অঞ্চলটোত ১০৮ সেৱা বন্ধ ঘোষণা
নিয়মীয়া বাৰ্তা, ২৩ জুন: চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত চিদলীত ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীয়ে নিশা কৰ্তব্যৰত অৱস্থাত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
চিৰাং জিলা ১০৮ এম্বুলেঞ্চ সন্থাৰ সভাপতি সমৰ দৈমাৰী আৰু সাধাৰণ সম্পাদক জগদীপ শৰ্মাই ঘটনাৰ বিষয়ে অৱগত কৰি জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ লগতে ১০৮ কৰ্মচাৰী সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বাবে আহ্বান জনাইছে ।
ঘটনাৰ বিৱৰণী মতে যোৱা নিশা কৰ্তব্য পালন কৰি শান্তিপুৰ স্বাস্থ্য কেন্দ্ৰৰ ১০৮ এম্বুলেঞ্চ খনৰে কাজলগাঁও অভিমুখে আহি থকা অৱস্থাত প্ৰায় ১১:৩০ বজাত জগদীপ শৰ্মা আৰু এজন সহকৰ্মীক চিদলী আৰক্ষীৰ এটি দলে বাটতে ৰখাই নানা প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে। তাৰ পাছত দ্বিতীয় বাৰৰ বাবে সুন্দৰী তালাচী চকীত অ’চিৰ নিৰ্দেশ বুলি কৈ তালচী চকীত কৰ্তব্যৰত আৰক্ষীয়ে বহু দেৰিলৈ ৰখাই থয়। এই ঘটনাৰ ফলত নিৰাপত্তাহীনতাত ভোগা ১০৮ এম্বুলেঞ্চ কৰ্মচাৰী সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উপযুক্তক অভিযোগ দিয়াৰ উপৰিও দোষী আৰক্ষী বিষয়া জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত চিদলী, ৰুণিখাটা, শান্তিপুৰ আদি কৰি বৃহত্তৰ অঞ্চলটোত ১০৮ এম্বুলেঞ্চ সেৱা বন্ধ ৰাখিব বুলি চিৰাং জিলা ১০৮ এম্বুলেঞ্চ সন্থাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
আনহাতে জিলা খনত এম্বুলেঞ্চ আদি কৰি বিভিন্ন বাহনত নিশাৰ ভাগত কাঠ,বন্য জীৱ-জন্তুৰ লগতে বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহ হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে । কালি নিশা এখন বাহনক আৰক্ষীয়ে বাটত ৰখাইছিল। গাড়ী খন ১০৮ এম্বুলেঞ্চ বুলি নিশ্চিত হৈ আৰক্ষীয়ে গাড়ীৰ ভিতৰত ৰোগী আছে নেকি টৰ্চৰ পোহৰ নিক্ষেপ কৰি চোৱা মাত্ৰেই আৰোহীদ্বয়ে আৰক্ষীক ওলোটাই ধমক দিয়ে বুলি চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথে অভিযোগ কৰে। এম্বুলেঞ্চ আৰোহীদ্বয়ে সেই সময়ত মাস্ক আৰু ডিঙিত পৰিচয় পত্ৰ পিন্ধা নাছিল । যাৰ ফলত তেওঁলোকৰ নাম তথা প্ৰকৃত পৰিচয় জানিবলৈ বিচৰা সময়ত এম্বুলেঞ্চৰ আৰোহীদ্বয়ে আৰক্ষীক সহযোগ কৰাৰ বিপৰীতে দুৰ্ব্যৱহাৰ কৰে বুলিও এই প্ৰতিবেদকক জানিবলৈ দিয়ে । সেই মূহুৰ্ততে ঘটনাৰ বিষয়ে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে জিলা আৰক্ষী অধীক্ষকক বিতং ভাৱে জানিবলৈ দিয়ে বুলিও প্ৰকাশ কৰে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে জিলা খনৰ অন্তৰ্গত আমগুৰিত এজন চিকিৎসকক আৰক্ষী বিষয়াই শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱা ঘটনাৰ পাছত জিলা খনৰ আৰক্ষী বিষয়া তথা অন্যান্য জোৱান সকলে কৰ্তব্য পালনৰ সময়ত যথেষ্ট সজাগ হোৱাটো পৰিলক্ষিত হৈছে । তাৰ মাজতে দুই একে আৰক্ষীক অপবাদ দিবলৈ চেষ্টা কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰো তথ্য পোৱা গৈছে ।