আমি হাঁহিবলৈ পাহৰিছোঁ
‘জগতৰ বর্তমান পৰিস্থিতিত ‘লেম্পোন্’ অর্থাৎ ব্যক্তিগত বিদ্রূপাত্মক ৰচনা নিলিখাকৈ থকাটো একেবাৰে অসম্ভৱ হৈ উঠিছে৷’ কথাষাৰ কৈছিল ৰোমান কবি জুভেনালে, প্রায় দুহাজাৰ বছৰৰ আগতে৷ ৰোম সাম্রাজ্যৰ কি বিশেষ পৰিস্থিতিলৈ লক্ষ্য কৰি জুভেনালে এই কথাষাৰ কৈছিল সেই কথা ইতিহাসৰ ছাত্রসকলেহে ভালকৈ জানিব কিন্তু সাহিত্যৰ ইতিহাস মেলি চালে দেখা যায় যে দেশে দেশে যুগে যুগে সদায় এনে একোটা পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে– যি পৰিস্থিতিত সমাজৰ পাপ, অনাচাৰ, দুর্নীতি আৰু ভণ্ডামিৰ বিৰুদ্ধে তীব্র ব্যংগবাণ নিক্ষেপ কৰাৰ প্রয়োজন অপৰিহার্য বুলি অনুভৱ কৰা হৈছে৷ প্রাচীন গ্রীচত আর্চিলোকাছৰ পৰা আৰম্ভ কৰি আৰিষ্টফানিছলৈকে, ৰোমত গেয়াচ্ লুচিয়াছৰ পৰা জুভেনাল আৰু লুচিয়ানলৈকে, নৱ–জাগৃতিৰ যুগত ‘ৰে’নার্ড ফক্স’ৰ স্রষ্টাসকলৰ পৰা আৰম্ভ কৰি উল্ৰিখ্ ভন্ হাটনলৈকে, তাৰ পিছৰ যুগবোৰত স্পেইনৰ ছার্ভেণ্টিছ্, ইংলেণ্ডৰ ছুইফ্ট, জার্মানীৰ হাইনে, ফ্রান্সৰ ভল্টেয়াৰ আৰু মলিয়াৰ আদিৰ পৰা বর্তমান যুগৰ জর্জ বার্নার্ড শ্বলৈকে এনে কিছুমান লোকে তীব্র ব্যংগবাণেৰে সমাজৰ অনাচাৰ আৰু ভণ্ডামিক আক্রমণ কৰাৰ পথ বাছি লৈছে– যিসকল লোকক বিশ্ব–সাহিত্যৰ অবিনাশী কীর্তি–স্তম্ভ বুলি গণ্য কৰা হয়৷
মানুহৰ বহুতো সংজ্ঞাৰ ভিতৰত এটা তাৎপর্যপূর্ণ সংজ্ঞা হ’ল এয়েই যে মানুহ এটা হাঁহিব পৰা প্রাণী Man is a laughing animal.) অর্থাৎ সকলো প্রাণীৰ ভিতৰত কেৱল মানুহেহে হাঁহিব পাৰে৷ হায়েনায়ো হাঁহে বুলি বহুতে কয়, কিন্তু মানৱীয় অর্থত হাঁহি বুলিলে যি বৈচিত্র্যময় ধাৰণা আমাৰ মনলৈ আহে– হায়েনাৰ হাঁহি সেই ধৰণৰ হাঁহি নিশ্চয় নহয়৷ যিকোনো অসংগতিপূর্ণ পৰিস্থিতিয়েই আমাৰ মনত হাঁহিৰ উদ্রেক কৰে৷ অৱশ্যে আনন্দ অনুভৱ কৰিলেও আমি স্বতঃস্ফূর্তভাৱেই হাঁহোঁ, কিন্তু বয়সীয়া মানুহে জীৱনত যিমানবাৰ হাঁহে তাৰ হেতু বা কাৰণ বিশ্লেষণ কৰিলে দেখা যাব যে স্বাভাৱিক বা প্রত্যাশিক অৱস্থাৰ লগত বাস্তৱ ঘটনাৰ যেতিয়াই সংঘর্ষ হয় বা অসংগতিপূর্ণ পৰিস্থিতিৰ উদ্ভৱ হয়, তেতিয়াই আমি হাঁহোঁ, বিদ্রূপ কৰোঁ, কৌতুক অনুভৱ কৰোঁ৷ সৰু ল’ৰাই যেতিয়া বয়সীয়া মানুহৰ দৰে কথা কয়, আমি তেতিয়া হাঁহোঁ চুৰিয়াৰ লগত কোনোবাই যেতিয়া নেক্টাই মাৰে, আমি হাঁহোঁ বিলাতী কায়দাৰে খাবলৈ বহি কোনোবাই যেতিয়া কাটা–চামুচৰ ভুল ব্যৱহাৰ কৰে, আমি হাঁহোঁ৷ অর্থাৎ হাঁহি মানেই একপ্রকাৰৰ প্রচ্ছন্ন সমালোচনা৷
কোনো অৱস্থাতেই সমাজ বা ব্যক্তি নিখুঁত আৰু সম্পূর্ণ হ’ব নোৱাৰে৷ গতিকে সমালোচনাৰ প্রয়োজন সদায় থাকে৷ কিন্তু আন সকলো প্রকাৰৰ সমালোচনাতকৈ ব্যংগ–সমালোচনা কেইবাটাও কাৰণত অধিক ফলপ্রসূ আৰু বাঞ্ছনীয়৷ প্রথমতে– ই অধিক মানৱীয়৷ দ্বিতীয়তে– ই আঘাত কৰাৰ লগে লগে আনন্দও দিয়ে৷ অন্ততঃ দ্রষ্টা বা শ্রোতা বা পাঠকসকলক৷ তৃতীয়তে– ই অধিক মর্মঘাতী, অতএব সর্বাধিক কার্যকৰী৷ ৰাবেলা বা ভল্টেয়াৰৰ একোটা ব্যংগবাণে হাঁহিত মানুহৰ পেটু নাড়ী ছিঙিও সমাজৰ যিমানখিনি জঞ্জাল একে কোবতে চাফ কৰি দিব পাৰে, গোমোৰামুখীয়া বিশ্বকোষ প্রণেতাসকলৰ বা পণ্ডিতসকলৰ লাখ লাখ নীতিবাক্যয়ো সিমানখিনি কাম কৰিব নোৱাৰে৷ ইত্যাদি কাৰণতে প্রতিভাৱান সংস্কাৰকসকলে সমাজক নির্মল কৰিবলৈ যুগে যুগে ব্যংগ–সমালোচনাৰ আশ্রয় লৈ আহিছে৷
অসমীয়া সাহিত্যও ব্যংগ–সমালোচনাত একেবাৰে দুখীয়া নহয়৷ অসমীয়া সাহিত্যৰ আধুনিক যুগৰ সূচনাৰ সময়তেই হেমচন্দ্র বৰুৱা আৰু গুণাভিৰাম বৰুৱাই ব্যংগবাণ হাতত তুলি লৈছিল, সত্যনাথ বৰায়ো সেই তূণ পূর্ণ কৰাত কিছু বৰঙণি আগবঢ়াইছিল, অৱশেষত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত পৰি সেই অস্ত্রই লাভ কৰিছিল শানিত ক্ষুৰধাৰ৷ জেফ্রে নামৰ এজন চিন্তাশীল লোকে কৈ গৈছে যে ব্যংগ–সমালোচনা হোৱা উচিত চোকা তৰোৱালৰ দৰে– যাতে সি একে ঘাপতে কাটিব পাৰে কৰতৰ নিচিনাকৈ সি মঙহ থেঁতালি থেঁতালি কটা উচিত নহয়৷ লক্ষ্মীনাথ বেজবৰুৱাৰ কিছুমান ব্যংগাস্ত্র অৱশ্যে কৰত হৈয়েই ৰৈছিল কিন্তু এটা বিষয়ে কোনো সন্দেহ নাই যে তেওঁৰ কথাৰ কোবত হাঁহিৰ জোকাৰণিত মানুহৰ সর্বশৰীৰ যেনেকৈ কঁপি উঠিছিল, সেই কঁপনিত সমাজতো এটা সৰু–সুৰা ভূমিকম্পৰ সৃষ্টি হৈছিল৷ বেজবৰুৱাৰ পিছতো ঘাইকৈ মহীচন্দ্র বৰাৰ ৰচনাত আৰু কিছু পৰিমাণে হলিৰাম ডেকাৰ ৰচনাত অসমীয়া ব্যংগবাণ ব্যৱহাৰযোগ্য অৱস্থাত মামৰে নধৰাকৈ আছিল৷ কিন্তু যোৱা বহু বছৰ ধৰি আমি এটা কথা অতি দুখেৰে সৈতে লক্ষ্য কৰিছোঁ যে আমি অসমীয়া মানুহবোৰে হাঁহিবলৈ, ঠাট্টা–তামাচা কৰিবলৈ, কৌতুক অনুভৱ কৰিবলৈ একেবাৰে পাহৰি গৈছোঁ৷
সমাজৰ অন্যায়, অনাচাৰ বা অসংগতি যে আমাৰ চকুত নপৰে এনে নহয়, সেইবোৰ যে আমি সমালোচনা নকৰোঁ এনেও নহয়, কিন্তু আমি সমালোচনা কৰোঁ খঙত জ্বলি–পকি বা মুখ ক’লা কৰি হাস্যৰসৰ অমোঘ অস্ত্র প্রয়োগ কৰাৰ কথা আমি প্রায় পাহৰিয়েই গৈছোঁ৷ ‘কুমাৰ শ্রীমধুসূদন’ বা ‘ভল্ভলীয়াৰ’ দৰে দুই–এজনে এৰাধৰাকৈ এই চেষ্টা কৰি আছিল৷ কিন্তু তেওঁলোকৰ কৌতুক সৃষ্টিৰ চেষ্টা সাহিত্যতকৈ সাংবাদিকতাৰ প্রয়োজনতহে বেছিকৈ হোৱাত সি আমাৰ ৰস–তৃষ্ণা নিবাৰিত কৰিব পৰা নাই আৰু সামাজিক সমালোচনাৰো অমোঘ অস্ত্রত পৰিণত হৈ উঠা নাই৷ দুই–এজন ডেকা লেখকৰ ৰচনাত মাজে মাজে তীব্র বিদ্রূপ বা বক্রোক্তি দেখা যায় আকাশবাণীৰ দেওবৰীয়া নাট্যানুষ্ঠানত শ্রোতাক হঁহুৱাবৰ কাৰণেও প্রাণান্তিক চেষ্টা কৰা হয় কিন্তু হিউমাৰৰ অভাৱত প্রথমবিধ ৰচনা কেৱল কটূক্তি বা ভর্ৎসনা Invective) হৈয়েই থাকে, আৰু প্রকৃত কলা–ৰূপ বা সাহিত্যিক সৌন্দর্যৰ অভাৱত দ্বিতীয়বিধ ৰচনাৰ বেছিভাগেই হয় কেৱল বহুৱালী Clowning)৷ দেশৰ বর্তমান পৰিস্থিতিত– বিশেষকৈ সমাজৰ সর্বক্ষেত্রৰে নেতৃস্থানীয় লোকসকলৰ বান্দৰামী আৰু ভণ্ডামি দেখি দেখি জুভেনালৰ দৰে আমিও অনুভৱ কৰিছোঁ যে এই সময়ত লেম্পোন্ নিলিখাকৈ থকা অসম্ভৱ৷ অথচ আচৰিত কথা এয়ে যে অসমীয়া ভাষাত ব্যংগ–সাহিত্যৰ অস্তিত্ব নোহোৱাহে হৈ আহিছে৷ ই ভালৰ লক্ষণ নহয়৷ জাতি হিচাপে ই আমাৰ কিবা এটা মানসিক ব্যাধি বা দৈন্যৰ কথাহে প্রকাশ কৰিছে৷ আমাৰ সমাজৰ প্রতিভাশালী জনদিয়েক লেখকক ব্যংগবাণ হাতত তুলি ল’বলৈ আমি আহ্বান জনালোঁ৷ চার্চিলে কোৱাৰ দৰে–To lash the vices of a guilty age– এই অপৰাধী যুগটোৰ অনাচাৰ–নীতিক তীব্রভাৱে আঘাত কৰিবলৈ ব্যংগবাণৰ অতিশয় প্রয়োজন হৈ পৰিছে৷