গালৱানত এলএচিৰ দুয়োপাৰে ব্যাপক নির্মাণকার্য চীনৰ; সংঘর্ষস্থলীত নতুনকৈ সাজিলে গৃহ
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ লাডাখত চীনে আগ্রাসী মনোভাবেৰে সীমান্তৰ পৰিস্থিতি অশান্ত কৰি তোলাৰ ৰণকৌশলৰ পৰা এতিয়াও পিছহুঁহকি যোৱা নাই৷ সীমান্তলৈ পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ কথা ক’লেও কার্যক্ষেত্রত সম্পূর্ণ বিপৰীত স্থিতি গ্রহণ কৰিছে বেইজিঙে৷
সোমবাৰে ভাৰত আৰু চীনৰ সেনা বিষয়া পর্যায়ৰ বৈঠকত গালৱান উপত্যকাৰ লগতে লাডাখৰ সীমান্তলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সহমতত উপনীত হোৱাৰ দুদিনৰ ভিতৰতে বেইজিঙৰ কূটকৌশল পুনৰ পোহৰলৈ আহিছে৷ ভাৰতৰ ওপৰত দুইতৰপীয়া আক্রমণ চলাই চীনৰ প্রতিৰক্ষা আৰু বিদেশ মন্ত্রালয়ে ১৫ জুনৰ সংঘর্ষৰ বাবে সম্পূর্ণৰূপে ভাৰতীয় সেনাক দোষাৰোপ কৰাৰ বিপৰীতে এল এ চিত শান্তিৰ স্বার্থত সেনা প্রত্যাহাৰৰ সলনি পিপলছ লিবাৰেচন আর্মীয়ে সেনা সঞ্চালন বৃদ্ধিহে কৰিছে৷ আনকি ১৫ জুনৰ সংঘর্ষস্থলীতে নতুনকৈ নির্মাণকার্য আৰম্ভ কৰিছে চীনা সৈন্যই৷ গালৱান উপত্যকাৰ উক্ত অঞ্চলটোত চীনা সেনাৰ উপস্থিতিও ব্যাপক হাৰত বৃদ্ধি পাইছে৷ উপগ্রহ চিত্রত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ মার্কিন মহাকাশ প্রযুক্তি প্রতিষ্ঠান মাক্সাৰে প্রকাশ কৰা উপগ্রহ চিত্রত স্পষ্ট হৈছে যে সীমান্তৰ সিপাৰে পি এল এই ব্যাপক হাৰত সেনাৰ সমাৱেশ ঘটাইছে৷ কেৱল সেয়ে নহয়, এল এ চিৰ দুয়োপাৰে চীনা সেনাই চলোৱা নির্মাণকার্য উপগ্রহ চিত্রত স্পষ্ট হৈ পৰিছে৷ ১৫ জুনৰ ৰক্তাক্ত সংঘর্ষ হোৱা পেট্র’ল পইণ্ট ১৪ত চীনা সৈন্যৰ আগ্রাসন স্পষ্ট হৈ পৰিছে মাক্সাৰে প্রেৰণ কৰা ছেটেলাইট ইমেজত৷ উক্ত স্থানতে গালৱান নদীৰ ওপৰত চীনা সৈন্যই এটা কালভার্টৰ নির্মাণ সম্পূর্ণ কৰিছে৷
