নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৩ বছৰত ভৰি দিলে ছুপাৰষ্টাৰ মেছিয়ে

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বিশ্ব ফুটবলৰ অন্যতম শ্রেষ্ঠ খেলুৱৈ লিঅ’নেল মেছি বুধবাৰে ৩৩ বছৰীয়া হয়৷ ২০০৪ চনৰ পৰা বার্চিলোনাৰ হৈ খেলি অহা আর্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে দলীয় সতীর্থৰ সৈতে কেম্প নৌত জন্মদিন উদ্যাপন কৰে৷ আর্জেণ্টিনাৰ ৰ’ছাৰিঅ’ চহৰত জন্মগ্রহণ কৰা মেছিয়ে ১৭ বছৰ ৩ মাহ বয়সতে বার্চিলোনাৰ হৈ প্রথমখন মেচ খেলাৰ সুযোগ পাইছিল৷

২০০৫ চনত তেওঁ বার্চিলোনাৰ হৈ প্রথমটো গ’ল কৰিছিল৷ এতিয়ালৈকে স্পেনিছ দলটোৰ হৈ তেওঁ ১০বাৰ লা–লিগাৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ৪বাৰ উৱেফা চেম্পিয়নছ লীগ, ৬বাৰ কোপা ডেল ৰেঅ’ৰ খিতাপতো মেছিয়ে চুম্বন দিছে৷ লা–লিগাত সর্বাধিক গ’লৰ অধিকাৰী মেছিয়ে এতিয়ালৈকে স্পেইনৰ জনপ্রিয় ফুটবল প্রতিযোগিতাখনত ৪৪০টা গ’লেৰে বিশ্বৰ অজস্র ফুটবলপ্রেমীৰ হূদয় জয় কৰিছে৷ লা–লিগাত তেওঁ ৩৬বাৰ হেটট্রিক অর্জনৰো বিৰল অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷

বার্চিলোনাৰ হৈ ৭২২খন মেচ খেলি মেছিয়ে সকলো প্রতিযোগিতাত সামগ্রিকভাৱে ৬২৯টা গ’ল কৰিছে৷ ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫ আৰু ২০১৯ত আর্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে ফিফাৰ বর্ষশ্রেষ্ঠ সন্মান বেলন ডি’ৰ বঁটা অর্জন কৰিবলৈ সক্ষম হৈছে৷

You might also like