মহানগৰীত ৩৬৬ ভূমিস্খলনপ্রৱণ অঞ্চল, উদ্বেগজনকভাৱে বৃদ্ধি ভূমিস্খলনৰ ঘটনা
নিয়মীয়া বার্তা, ২৮ জুনঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা ১৭খন পাহাৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা৷ কাহিলিপাৰাত ভূমিস্খলনৰ ফলত পাহাৰৰ শিল খহি এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই মহানগৰবাসীক শোকাহত কৰি তোলাৰ সময়তে এনে ঘটনা যিকোনো মুহূর্ততে গুৱাহাটীৰ আন আন অঞ্চলতো সংঘটিত হোৱাৰ শংকা ঘনীভূত হৈ পৰিছে৷ মহানগৰীৰ পাহাৰ অঞ্চলত জধে–মধে কৰা খনন, সুপৰিকল্পনাৰ অভাৱ, বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷
বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ মালিগাঁও, পাণ্ডু, কাহিলিপাৰা, বামুণীমৈদাম, নুনমাটি, খাৰঘুলি, কামাখ্যা মন্দিৰ পথকে ধৰি কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ কামৰূপ (মহানগৰ) জিলা প্রশাসনে গুৱাহাটীত ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰিছে৷প্রতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলনপ্রৱণ অঞ্চলসমূহত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিবলগীয়া হৈছে৷ শৰণীয়া পাহাৰ, মালিগাঁও, নৰকাসুৰ, ফটাশিল আমবাৰী, খাৰঘুলি, চূনচালি, নুনমাটি, নাৰেংগী, যোৰাবাটকে ধৰি মহানগৰীৰ ১৭খন পাহাৰত ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল প্রশাসনে চিনাক্ত কৰাৰ পিছতো ভূমিস্খলন ৰোধৰ বাবে সুদূৰপ্রসাৰী ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷
বাৰিষা বৰষুণ হ’লেই এই অঞ্চলসমূহত সৰু–বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ প্রশাসনে প্রতি বছৰে তির্পালেৰে ঢ়াকি পাহাৰ খনন ৰোধৰ চেষ্টা চলাই আহিছে৷ ভূমিস্খলন সংঘটিত হোৱাৰ পিছত উক্ত অঞ্চলটো ছীল কৰিয়েই প্রশাসন আৰু দুর্যোগ প্রশমন বিভাগে দায়িত্ব সামৰিছে৷ ফলশ্রুতিত প্রতি বছৰে ভূমিস্খলনত গুৱাহাটী মহানগৰীত জীৱন আৰু সম্পত্তিৰ হানি হৈছে৷ ২০১৪ চনৰ পিছত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ঘটনাত ১৪জনৰো অধিক লোকে প্রাণ হেৰুৱাইছে৷ ইয়াৰ উপৰি বহু লোক আহত হোৱাৰ লগতে ভূ–সম্পত্তি হানি হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মহানগৰীৰ চৌপাশ আগুৰি থকা পাহাৰসমূহত দিনক দিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা৷ বিভিন্ন পাহাৰত হকে–বিহকে খনন কৰি একাংশ লোকে ঘৰ বন্ধাৰ বাবেও ভূমিস্খলনৰ সমস্যাই ক্রমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ভূমিস্খলন ৰোধৰ বাবে কেতবোৰ ব্যৱস্থা ঘোষণা কৰে যদিও সময়ত এইসমূহ কার্যকৰী নকৰাৰ বাবে ভূমিস্খলনে প্রতি বছৰে মহানগৰীত ত্রাসৰ সৃষ্টি কৰিছে৷
অৱশ্যে কিছু অঞ্চলত জিলা প্রশাসনে সজাগতামূলক অভিযান চলোৱাৰ লগতে ভূমিস্খলনপ্রৱণ অঞ্চলসমূহৰ একাংশ বাসগৃহত জাননী আঁৰি দি সাৱধানে থাকিবলৈ নির্দেশনা দি আহিছে৷ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ভূমিস্খলনৰ ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰ, জিলা প্রশাসন আৰু দুর্যোগ প্রশমন বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷