বঙাইগাঁৱৰ উপায়ুক্তৰ কার্যালয় তিনিটা বেংক বন্ধ
নিয়মীয়া বার্তা, ৩০ জুনঃ বঙাইগাঁও জিলাৰ আবকাৰী অধীক্ষকগৰাকীৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই প্রশাসনে জিলা উপায়ুক্তৰ কার্যালয় বন্ধ ঘোষণা কৰি সাময়িকভাৱে উপায়ুক্তৰ কার্যালয় জিলা পৰিষদৰ কার্যালয়ৰ পৰা অস্থায়ীভাৱে চলোৱাৰ ব্যৱস্থা কৰিছে৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আজি উপায়ুক্ত কার্যালয়ৰ প্রতিগৰাকী বিষয়া–কর্মচাৰীৰ ছোৱাব সংগ্রহ কৰে৷ তদুপৰি উপায়ুক্তৰ কার্যালয়টো ছেনিটাইজ কৰা হয়৷ একেদৰে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক অজাগৰণ বসুমতাৰী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত আৰক্ষী বেটেলিয়নটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি জোৱানসকলক বাহিৰলৈ যোৱাটো নিষিদ্ধ কৰাৰ লগতে বাহিৰৰ লোকৰ প্রৱেশো নিষিদ্ধ কৰিছে৷ উল্লেখ্য যে বসুমতাৰীৰ সংস্পর্শলৈ অহাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ ডিআইজি ৰৌনাক আলী হাজৰিকা, বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, উপ–আৰক্ষী অধীক্ষক মৈত্রী ডেকা কোৱাৰেণ্টাইনত আছে৷ ইপিনে, বঙাইগাঁও চহৰত থকা ইউকো বেংক, এছবিআই আৰু ইণ্ডিয়ান বেংকৰ শাখা তিনিটা প্রশাসনে বন্ধ কৰি দিছে৷ ক’ভিড–১৯ত আক্রান্ত দুজনকৈ লোকে বেংক তিনিটাত প্রৱেশ কৰাৰ বাবেই প্রশাসনে সতর্কতামূলক ব্যৱস্থা হিচাপে তিনিওটা বেংক বন্ধ কৰি দিছে৷ বেংককেইটাৰ বিষয়া–কর্মচাৰীসক কোৱাৰেণ্টাইন কৰা হৈছে৷ আনহাতে, বঙাইগাঁও ৰে’লৱে ষ্টেচনত স্ক্রীনিঙৰ কামত নিয়োজিত চহৰখনৰ লেচুতোলাৰ এজন শিক্ষক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শিক্ষকগৰাকীয়ে ৪০গৰাকীৰো অধিক কণ কণ ছাত্র–ছাত্রীক টিউচন কৰাৰ পৰিপ্রেক্ষিতত সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷
সেইদৰে জিলাখনৰ বইটামাৰীৰ সৃষ্টিপাৰাৰ দুজনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাত জিলা প্রশাসনে নতুনকৈ তিনিটা কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ একেদৰে অভয়াপুৰীৰ ক’ৰোনা আক্রান্ত লোক এজনে বঙাইগাঁও বৰবজাৰৰ ৰাজকুমাৰ আগৰৱালাৰ অট্টালিকাত থকাৰ পৰিপ্রেক্ষিতত প্রশাসনে সেই অঞ্চলটোও কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে চিলাৰায় বজাৰখনো বন্ধ কৰি দিছে৷
শিশু–মহিলাসহ চিৰাঙত আজি ১৩গৰাকী ক’ভিডত আক্রান্ত
এটি ৯ বছৰীয়া শিশু আৰু এগৰাকী মহিলাসহ আজি চিৰাঙত ১৩গৰাকী ব্যক্তিৰ দেহত ক’ভিড–১৯ ধৰা পৰে৷ আক্রান্তসকল হৈছে– ভূৰ তিনিআলিৰ অজয় মুছাহাৰী (১৮), শান্তিপুৰ নাকেডৰাৰ ফুলুংগা ব্রহ্ম (২২), বাসুগাঁও খাগ্রাবাৰীৰ মুজাম্মল হুছেইন (২০), ঢ়ালিগাঁও ছাটিপুৰৰ মফিজুদ্দিন মিঞা (২৯), ছোট নীলিবাৰীৰ চন্দন দৈমাৰী (২২), বাসুগাঁও উলুবাৰীৰ ৰহিমুদ্দিন আলী (২০), শালমাৰীৰ দীনেশ বসুমতাৰী (২৮), ৰুণীখাটা পূব গোলাঝোৰাৰ দৈমালু বসুমতাৰী (২৩), ৰুণীখাটা গৰছিংপাৰাৰ দানচৌৰাং মুছাহাৰী (২৬), ২নং গৰাইমাৰীৰ ছাদ্দাম হুছেইন (১৮) আৰু ছিডলী টাংগাবাৰীৰ ধর্মেশ্বৰ ৰায় (২৬)৷ জিলাখনত এতিয়ালৈ ২৩গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷
ডাঁহীত বানৰ আতংকৰ মাজতে ক’ভিড–১৯ৰ গণ সংক্রমণৰ শংকা
দৰং জিলাৰ ডাঁহী মৌজাৰ বৃহত্তৰ ডাঁহী–জনাৰামচৌকা বানত আক্রান্ত হোৱাৰ সময়তে কেওটপাৰা গাঁৱৰ এজন লোকৰ দেহত ধৰা পৰে ক’ভিড–১৯৷ ওদালগুৰিৰ বাসিন্দা তথা গুৱাহাটীত মেডিকেল ৰিপ্রেজেণ্টিভ হিচাপে কর্মৰত তপন শর্মাৰ দেহত ক’ভিড–১৯ ধৰা পৰাৰ পাছতেই দৰং জিলাত তীব্র আতংকৰ সৃষ্টি হৈছে৷ কাৰণ তপন শর্মা কালি গাঁওখনত থকা শহুৰেক অম্বিকা দেৱ শর্মাৰ ঘৰলৈ অহাৰ লগতে জনাৰামচৌকাৰ কেইবাখনো দোকানত বজাৰ–সমাৰ কৰাৰ লগতে এঘৰত গৈ চাহ–জলপানো খাইছিল৷ তদুপৰি সপত্নীক শহুৰেকৰ ঘৰলৈ অহা তপন শর্মাই বানৰ বাবে গাড়ী দুখন আন দুঘৰত ৰখাই থৈছিল৷ ফলত অঞ্চলটোত ক’ভিড–১৯ৰ গণ সংক্রমণৰ আশংকাই দেখা দিছে৷
বোকাখাতত পুনৰ ১৩গৰাকীৰ দেহত ক’ভিড–১৯
বোকাখাত আৰু কাজিৰঙাত কোৱাৰেণ্টাইন কেন্দ্র আৰু হোম কোৱাৰেণ্টাইনত থকা ১৩গৰাকী লোকৰ দেহত আজি পুনৰ ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷
বিশ্বনাথৰ বেংক বিষয়া বিজয় শংকৰৰ সংস্পর্শলৈ অহা ৬গৰাকীৰ দেহত ক’ভিড–১৯, পূজাৰীও আক্রান্ত
বিশ্বনাথত ক’ৰোনাৰ গণ সংক্রমণৰ বাহক ৰূপে চিহ্ণিত হোৱা গুৱাহাটীত কর্মৰত ষ্টেট বেংকৰ বিষয়া বিজয় শংকৰ দাসৰ সংস্পর্শলৈ অহা বিশ্বনাথৰ পূজাৰী টেক নাথ ধুংগানাৰ দেহত ধৰা পৰিছে ক’ভিড–১৯৷ ইয়াৰ লগে লগে বেংক বিষয়াগৰাকীৰ সংস্পর্শলৈ অহা ৬গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ ইপিনে, বিশ্বনাথৰ স্বাস্থ্যকর্মী এগৰাকীৰ বাসগৃহত আশ্রয় লোৱা লক্ষী প্রসাদ টাইডৰ দেহতো ক’ভিড–১৯ ধৰা পৰাৰ পাছত মহকুমা চিকিৎসালয়খনতো হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইতিমধ্যে প্রশাসনে মহকুমা অসামৰিক চিকিৎসালয়খনৰ ২নং চৰকাৰী আৱাসটো তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
হাওৰাঘাটত সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ মৃত্যুক লৈ আতংক
হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তর্গত ডেনগাঁও ডুংথুই টামাই ভেৰাং গাঁৱৰ বাবু হাঞ্চে (৩০) নামৰ যুৱকজনৰ মৃত্যুক লৈ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে৷ যোৱা ১৪ জুনত ক’ভিড–১৯ত আক্রান্ত যুৱকজনক হাস্পতালত ভর্তি কৰোৱাৰ পাছত যোৱা ২৫ জুনত তেওঁৰ দেহত নিগেটিভ ৰিপ’ট লাভ কৰাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ পৰহি নিজ গৃহত উপস্থিত হোৱাৰ পাছত নিশাৰ ভাগত যুৱকজনৰ মৃত্যু হোৱা ঘটনাই আতংকৰ সৃষ্টি কৰে৷ যুৱকজনৰ হূদৰোগত আক্রান্ত হৈ মৃত্যু হোৱা বুলি প্রশাসনে প্রকশ কৰিছে৷
কমলপুৰ আদর্শ চিকিৎসালয়ত চিকিৎসাধীন ৰোগী ক’ভিডত আক্রান্ত, চিকিৎসকসহ ৪গৰাকী হোম কোৱাৰেণ্টাইন
কামৰূপ জিলাৰ কমলপুৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ চিকিৎসাধীন এগৰাকী ৰোগীৰ দেহত পৰৱর্তী সময়ত ক’ৰোনা পজিটিভ ধৰা পৰে৷ যোৱা ২৪ জুনত এক দুর্ঘটনাত গুৰুতৰভাৱে আহত ৰঙিয়া ৰাজহ চক্রৰ অন্তর্গত আঠাৰা নিৱাসী তথা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কর্মচাৰী জাফৰ আলী (৫৮) নামৰ লোকজন চিকিৎসালয়খনত ভর্তি হয়৷ প্রাথমিক চিকিৎসা প্রদানৰ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতাললৈ প্রেৰণ কৰে৷ পৰৱর্তী পর্যায়ত জাফৰ আলীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাত কমলপুৰৰ আদর্শ চিকিৎসালয়খন প্রশাসনে ছেইনটাইজ কৰাৰ লগতে চিকিৎসকসহ ৩৪গৰাকী কর্মচাৰীৰ ছোৱাব সংগ্রহ কৰে৷ জাফৰ আলীক চিকিৎসা প্রদান কৰা চিকিৎসক কিশোৰ পাটোৱাৰী, প্রবীণা দেৱীৰ লগতে সেই সময়ত আলীৰ সংস্পর্শলৈ অহা জিএনএম কুসুম ডেকা আৰু ড্রেছাৰ মুকুট ডেকাক হোম কোৱাৰেণ্টাইনত থকাৰ নির্দেশ দিছে৷
মঙলদৈ চিৰা বজাৰ কনটেইনমেণ্ট জ’ন ঘোষণা
মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঘোষ ছুইটছ নামৰ মিঠাইৰ দোকানত মুন্নাছ আলী ওৰফে শর্মা নামৰ এজন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত প্রশাসনে প্রতিষ্ঠানখন বন্ধ কৰি দি কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷
গোগামুখত দ্রুত গতিত গণ সংক্রমণ
গোগামুখত কেইদিনমান পূর্বে তেল ডিপোৰ এগৰাকী কর্মচাৰীৰ দেহত ক’ভিড–১৯ ধৰা পৰাৰ পাছতেই সেই কর্মচাৰীজনে বসবাস কৰা অঞ্চলটোৰ শিশুকে ধৰি কেইবাগৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ বর্তমানলৈ সেই ঘটনাৰ বাবে আক্রান্তৰ সংখ্যা ২৭জনলৈ বৃদ্ধি পাইছে৷ জিলা প্রশাসনে সমগ্র অঞ্চলটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
নগাঁৱত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত ৩৫গৰাকী
নগাঁও জিলাত নতুনকৈ ৩৫গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে জিলাখনত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ৬১৭গৰাকীলৈ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে ক’ৰোনাত আক্রান্ত এগৰাকী লোক সুস্থ হৈ উঠাৰ ফলত আজি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷