নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাই কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৪জুলাইঃ জোনাইত আজি মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্য সূচী ৰূপায়ন কৰি৷ মুৰ্কংচেলেক ব্লক কমিটিৰ নিজা অস্হায়ী কাৰ্য্যলয়ত শতাধিক সদস্যই হাতে হাতে নানা চৰকাৰ বিৰুদ্ধী শ্লগান লিখা প্লেকাৰ্ড লয় অৱস্থান ধৰ্ণা কাৰ্যসূচী পালন কৰে৷

মুখ্যমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অ এন জি চি ব্যক্তিগতকৰণ বন্ধ কৰক, আদি চৰকাৰ বিৰুদ্ধী প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ এই ধৰ্ণা কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুশীল পেগুৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি সোনকালে পেট্ৰল ডিজেল, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ সমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়৷ ৰাজ্য জুৰি কৰুণাৰ মহামাৰীৰ আৰু বানে সংহাৰী ৰূপ লোৱাৰ সময়তে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে৷ সেই কাৰণে কংগ্ৰেছ দলে চৰকাৰক এই মূল্য বৃদ্ধি জনাই প্ৰতিবাদী কাৰ্যসূচী লোৱা বুলি মন্তব্য কৰে৷ ধৰ্ণা কাৰ্যসূচীৰ শেষত জোনাই ৰাজহ চক্ৰ বিষয়াৰ হাতত এখনি স্মাৰকপত্ৰ জমা দিয়ে৷

You might also like