নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত নৈশ পাৰ্টিত যুৱতীৰ মৃত্যু: পাৰ্টিত অংশ গ্ৰহণ কৰা দুজন যুৱক আটক; আৰক্ষীৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা, ৯ জুলাই: সন্ধিয়া হলে নৈশ পাৰ্টি, আৰু এই পাৰ্টি উপভোগ কৰা একাংশ উশৃংখল যুৱক এই বাৰ বিপদ পৰিল। একাংশ যুৱক যুৱতীয়ে নৈশ ক্লাবৰ দৰে অপ সংস্কৃতিৰে ক’ৰুনা মহামাৰীৰ প্ৰাদুৰ্ভাবৰ মাজতে পুৱতি নিশা ‍১২-১ বজালৈকে নিচাজাতীয় দ্ৰব্য সেৱন কৰি সমগ্ৰ অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাৰ মাজতে আজি পুৱতি নিশা প্ৰায় ২.৩০ বজাত নৈশ পাৰ্টিত এগৰাকী যুৱতীৰ মৃত্যু হয়।

২৩ বছৰীয়া যুৱতী গৰাকী চিলাপথাৰ অকাজান গাঁৱৰ টানিয় ৰেগণ বুলি স্থানীয় ৰাইজে সদৰী কৰিছে। পাৰ্টি চলি থকাৰ মাজতে যুৱতী গৰাকীৰ মৃত্যু হয়। মৃত অৱস্থাত যুৱতী গৰাকীক এৰি নৈশ পাৰ্টি এৰি সকলোৱে পলায়ন কৰে। আৰক্ষীয়ে নৈশ পাৰ্টিত বিচৰা অংশ গ্ৰহণ কৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

যুৱতী গৰাকীক হত্যা কৰাৰ অভিযোগত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত গোচৰ ৰুজু কৰিছে। পৰিকল্পিত হত্যা নে ? আন কিবা কাৰন আছিল। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ঘটনটোৰ লগত জড়িত নুমল পেগু আৰু লাচিত পেগু নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। 390/30 নং 320/34 ভাৰতীয় দণ্ড বিধিৰ অধীনত চিলাপথাৰ থানাত এটি গোচৰ ৰুজু হৈছে ।

You might also like