বিটিচিত দল বাগৰা ৰাজনীতিৰ ধুম
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ বিটিচি পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবে দিন–তাৰিখ থিৰাং কৰা হৈছিল যদিও ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে নির্বাচন স্থগিত ৰখা হৈছে৷ কিন্তু ৰাজনৈতিক দলসমূহে বিটিচি নির্বাচনক লৈ যথেষ্ট তৎপৰতাৰে নির্বাচনী প্রচাৰ চলাই গৈছে৷ তাৰ সমান্তৰালভাৱে দল বাগৰা ৰাজনীতিৰ ধুম উঠিছে বিটিচিৰ প্রতিটো সমষ্টিতে৷ আজি ৬নং কচুগাঁও সমষ্টিৰ ধর্মীয় সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ ক্রমে আহামেদপুৰ, ঘোনাপাৰা, পাইটালপাৰা আৰু টেৰাংৰভিটা আদি গাঁৱৰ পৰা ইউ পি পিএল আৰু গণ সুৰক্ষা পার্টী ত্যাগ কৰি প্রায় পাঁচ শতাধিকৰ অধিক পুৰুষ–মহিলা বি পি এফত যোগদান কৰে৷ দল ত্যাগ কৰি দলত নতুনকৈ যোগদান কৰাসকলক ফুলাম গোমোচা আৰু দলীয় পতাকাৰে আদৰি লয়৷কচুগাঁও সমষ্টিৰ টি চি এল চিৰ প্রাক্তন সভাপতি মহেশ্বৰ বসমুতাৰীৰ নেতৃত্বত যোগদান কৰাসকলে সংবাদ মাধ্যমৰ আগত কয়, বি পি এফৰ সভাপতি তথা বি টি চিৰ প্রাক্তন চীফ হাগ্রামা মহিলাৰীক ভালপাই আমি বি পি এফত যোগদান কৰিলোঁ৷ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ কিছু মন্তব্যত ক্ষুব্ধ হৈ আজি ইউ পি পি এল ত্যাগ কৰি বি পি এফত যোগদান কৰিলোঁ বুলি কয়৷
আনহাতে, গণ সুৰক্ষা পার্টীৰ কর্মকর্তাসকলে দল ত্যাগ কৰা সম্পর্কে কয় যে গণ সুৰক্ষা পার্টীৰ স্থিতি বি টি চি অঞ্চলত সুবিধাজনক নহয়, সেই হেতুকে এই দল ত্যাগ কৰি বি পি এফত যোগদান কৰিলোঁ আৰু এই দলৰ হৈ হাডে–হিমজুৱে কাম কৰি আমাৰ কচুগাঁও সমষ্টিৰ প্রার্থী হাগ্রামা মহিলাৰীক বিপুল ভোটত জয়ী কৰাম, এয়া হ’ব আমাৰ লক্ষ্য৷সমষ্টিটোৰ গৰম বজাৰৰ সমীপত অনুষ্ঠিত দলত যোগদান কৰা কার্যসূচীত কচুগাঁও ব্লক বি পি এফৰ সভাপতি অজয় সৰকাৰ, আৰ এম চিৰ উপ–সভাপতি ফজৰ আলীৰ উপৰি বি পি এফৰ নেতা–কর্মী উপস্থিত আছিল৷ উল্লেখযোগ্য বিষয় যে কচুগাঁও সমষ্টিত ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰ খহনীয়াই দল দুটা যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তাৰে ইংগিত বহন কৰিছে সচেতন মহলে৷