নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ত আক্ৰান্ত হৈ অসম আৰক্ষীৰ এজন হাবিলদাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১০জুলাইঃ অসম আৰক্ষীৰ এজন হাবিলদাৰৰ মৃত্যু।ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় লোকজনৰ। মৃত লোকজন 16 IRBnৰ হৰেশ্বৰ নাথ বুলি জানিব পৰা গৈছে। ৭ জুলাইত ক’ভিডৰ অবস্থিতি ধৰা পৰিছিল কোনো লক্ষণ নাছিল ৫৩ বছৰীয়া লোকজনৰ । IITG COVID care চেণ্টাৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ। অসম আৰক্ষীয়ে টুইটাৰযোগে শোক প্ৰকাশ কৰে লোকজনৰ মৃত্যুত।

You might also like