জোনাইৰ ডেকাপামত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ যোৱা নিশা সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত চিলাপথাৰৰ দিগন্ত সোনোৱাল(২৮) নামৰ এজন স্বাস্থ্য বিভাগৰ অস্থায়ী চালকৰ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে ৷ চিলাপথাৰ জলকীয়া সূতীৰ কমলা সোনোৱালৰ পূত্ৰই কিছুমাহৰ পৰা জোনাইত কভিড-১৯ৰ ক্ষেত্ৰত অস্থায়ী গাড়ী চালক হিচাপে কৰ্মৰত হৈ আছিল ৷
কালি বিভাগৰ কভিড-১৯ৰ ছৱাব টেষ্টিঙৰ ফলাফল লৈ দুই সহকৰ্মীৰ সৈতে লাহোৱালৰ পৰা আহি থকা এ এচ ০১ইউ/৪৭৪৭ নম্বৰৰ এখন ইনভা গাড়ীৰে উভতি অহাৰ সময়তে নিশা প্ৰায় ৯ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডেকাপাম আমলখিত বিপৰীতমুখী এন এল ০১ এ বি/৩৫৩৩ ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে ৷ ঘটনাটোত চালক দিগন্ত সোনোৱাল(২৮) থিতাতে মৃত্যু হয় ৷ সহযাত্ৰী চালক ভৃগুৰাম পাংগিঙ (৩৮) আৰু স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অনিতা দলেৰ স্বামী বাবু দলে (৩২) বৰ্তমান আহত ডিব্ৰুগড়ত চিকিৎসাধীন ৷ ইপিনে আজি বিয়লি দিগন্তৰ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে শোকাচ্ছন্ন হৈ পৰে অঞ্চলটো ৷
নিজা ঘৰৰ চৌহদতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰে ৷ অমায়িক যুৱকজনৰ অকাল মৃত্যুত গাঁৱখনত কান্দোনৰ ৰুল উঠে ৷ কৰুনা ভাইৰাছৰ বিৰুদ্ধে সামান্য মাননিৰে অতি নিষ্ঠা সহকাৰে কৰ্তব্য কৰি অকাল মৃত্যুক সাবতি লোৱা দিগন্তৰ আকস্মিক বিয়োগত অজ্ঞান হৈ পৰিছে পত্নী ৷ দুটি শিশু সন্তানক এক মাত্ৰ উপাৰ্জনক্ষম লোক জনৰ অকাল মৃত্যুত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ অকাল বৈধব্যক সাবতি লোৱা দিগন্তৰ দূৰ্ভগীয়া পত্নীয়ে দুই এটা ডিমা শিশু সন্তান লৈ কলৈ যাব কি খাব ৷ মৰ্মন্তুদ ঘটনাটোকলৈ সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ (আকছু) হৈ চন্দন সোনোৱালে গভীৰ শোক প্ৰকাশ কৰিছে ৷
শোক সন্তপ্ত পৰিয়ালৈ সমবেদনা জনাই মৃতকৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰিছে ৷ দূৰ্ভগীয়া দিগন্তৰ পৰিয়ালটোৰ বাবে এককালীন সাহাৰ্য্য লগতে বিধৱা পত্নীক কোনো কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ ইপিনে জোনাই মহকুমা স্বাস্থ্য কৰ্মীসকলেও চিকিৎসা বিষয়া ডাঃ কিশোৰ কামানৰ নেতৃত্বত এক শোক সভা অনুষ্ঠিত কৰি নিহতৰ আত্মাৰ সদগতি কমনা কৰাৰ লগতে আহত কেইজনৰ শীঘ্ৰে আৰোগ্য কামনা কৰে ৷