বোকাজানত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাবে আহত এজন লোকক বিধায়ক ডাঃ নোমল মমিনৰ প্ৰাথমিক চিকিৎসা প্ৰদান
- বোকাজানত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ
- এজনৰ গুৰুত্বৰভাবে আহত
- বিধায়ক ডাঃ নোমল মমিনৰ প্ৰাথমিক চিকিৎসা প্ৰদান
নিয়মীয়া বাৰ্তা, ১২জুলাইঃ বোকাজানত আজিও অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ। বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে মানুহৰ বাৰীত, ঘৰ অথবা কৃষি পথাৰত উপদ্রপ চলাই সাধাৰণ ৰাইজ তথা কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে। আজি কেইবাদিনো ধৰি বোকাজান বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত মাটিপুল, গুৰুংমাটি, ঘৰিয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ আদি অঞ্চলত ৫ -১০জনীয়া এটা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি দোকান-ঘৰ ভাঙি নষ্ট কৰাৰ লগতে প্ৰতিদিনে বাৰীৰ ফচল নষ্ট কৰি আহিছে। নিশাৰ ভাগত হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত কাষৰ অৰণ্যৰ পৰা ওলাই আহে জনাঞ্চললৈ। যাৰ বাবে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। আজি নিশা প্ৰায় ৮ মান বজাত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি অঞ্চলত ১০ জনীয়া হাতীৰ দলটোৰে মুখা মুখি হয় ঘৰলৈ গৈ থকা অৱস্হাতে ৰাজেশ যাদৱ নামৰ ব্যক্তিজন।হাতীৰজাকটো সন্মুখত দেখি দিগবিদিক হেৰাই ৰাজেশে পলাই যাবলৈ লৈতে হাতীৰ জাক টোৱে আক্ৰমণ কৰে আৰু ৰাজেশ গুৰুত্বৰভাবে আঘাটপাপ্ত হয়।
ইফালে স্হানীয় ৰাইজে ৰাজেশক বোকাজান অসামৰিক চিকিৎয়ালৈ লৈ যায়। এই ঘটনাৰ বিষয়ে জানিব পাৰি বোকাজান সমষ্টিৰ চিকিৎসক বিধায়ক ডাঃ নোমল মমিন চিকিৎসালয়ত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ৰাজেশক নিজে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসা প্ৰদান কৰিবৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষক আহ্বান জনায়।
যি সময়ত বন্যহস্তী আৰু মানুহৰ সংঘাতে চৰম ৰূপ পাইছে, ভুক্তভোগী সাধাৰণ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ শৰণাপন্ন হ’বলগীয়া হৈছে, সেই সময়তে বিভাগটোৰ অসহায় অৱস্থা প্ৰকট হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওচৰত। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বনবিভাগে বন্যহস্তী খেদিবলৈ যে অপৰাগ সেয়া জিলাখনত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতে প্ৰমাণ কৰে৷ জিলাখনৰ সচেতন ৰাইজে অভিযোগ কৰি কয় যে কাৰ্বি আংলং বনবিভাগৰ হাতত সৰ্বসাধাৰণ জনসাধাৰণক বন্যহস্তীৰ পৰা ৰক্ষা কৰিব পৰাকৈ তথা চোৰাংচিকাৰীৰ হাতৰ পৰাও এই অবুজ প্ৰাণীটোক ৰক্ষা কৰিবলৈ কোনো আধুনিক অস্ত্ৰ-শস্ত্ৰ নাই, যাৰবাবে এই বন্যহস্তী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ লগতে নিৰীহ গঞাঁৰ জীৱন আৰু সম্পত্তিৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে।