গুৱাহাটীৰ ‘ছলিড ৱে’ষ্ট ট্রিটমেণ্ট’ প্রকল্প সন্দর্ভত
পৃথিৱীৰ য’তেই মানুহৰ বসতি হৈছে, তাতেই আৱর্জনাৰো উৎপাদন হোৱাটো অনিবার্য৷ আৱর্জনা উৎপাদন কৰাটো কেৱল গুৱাহাটীবাসী অথবা অসমবাসীৰ বাবে আছুতীয়া কথা নহয়৷ কিন্তু দেশৰ আৰু পৃথিৱীৰ উন্নত স্থানসমূহত আৱর্জনাৰ ব্যৱস্থাপনাৰ হেতু যিবিলাক কার্যপ্রণালী গ্রহণ কৰি অহা হৈছে, অসমত তেনে ব্যৱস্থাৱলীৰ অভাৱ আজিপর্যন্ত দূৰ হোৱা নাই৷ ফলত আৱর্জনাৰ সমস্যাত আমাৰ ৰাজ্যখন আকণ্ঠ নিমজ্জিত হৈ ৰোৱা দেখা গৈছে৷ বিশেষকৈ অসমৰ নগৰীয়া অঞ্চলসমূহত আৱর্জনাই এক বিকট ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ মূলতে আছে আৱর্জনা ব্যৱস্থাপনাৰ অভাৱ৷ নগৰ–মহানগৰবাস্ গৃহস্থালিসমূহত দৈনিক উৎপন্ন হোৱা বিভিন্ন প্রকাৰৰ জাবৰ–জোঁথৰ পেলাবলৈ উপযুক্ত ঠাইৰ নাটনি৷ পৃথিৱীৰ প্রতিখন নগৰ–মহানগৰীৰ বেলিকা একেই কথা৷ সকলো ঠাইতে আৱর্জনাৰ সৃষ্টি হ’বই৷ কিন্তু সেই বুলি সকলো মহানগৰবাসীয়ে বাট–পথ, নলা–নর্দমা কিম্বা অন্যান্য ৰাজহুৱা স্থানত আৱর্জনা নিক্ষেপ নকৰে৷ তেওঁলোকে কর্তৃপক্ষসমূহে নির্দিষ্ট কৰি দিয়া স্থানতহে বিশেষ নীতি–নিয়মৰ মাজেৰে সেই কাম সমাধা কৰা দেখা যায়৷ আৱর্জনা নিক্ষেপণৰ ফলত কোনো ৰাজহুৱা স্থান যাতে কলুষিত হৈ নপৰে, সেই কথাৰ প্রতি সততে দৃষ্টি ৰখা হয়৷ এই বিষয়ত কর্তৃপক্ষসমূহ যিমান সজাগ, জনসাধাৰণো সমানে সচেতন৷ পিছে আমাৰ ইয়াত দৃশ্যপট সম্পূর্ণ পৃথক৷ আমাৰ গৰিষ্ঠসংখ্যক মানুহৰ কাৰণে পানী ওলাই যাবলৈ সজা নর্দমাৰ লগতে ৰাজহুৱা পথসমূহেই হৈছে একো–একোটা উন্মুক্ত ডাষ্টবিন ক’বলৈ গ’লে অধিকাংশ ভাৰতীয় মানুহে ডাষ্টবিনৰ ব্যৱহাৰ এতিয়ালৈকে শিকা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান নামৰ কার্যসূচী ঘোষণা কৰাৰ পৰা ইতিমধ্যে পাঁচ বছৰৰো অধিক কাল উকলি গৈছে৷ কিন্তু চৰকাৰৰ পক্ষৰ পৰা এনে এক আদৰণীয় পদক্ষেপ গ্রহণ কৰাৰ পাছতো স্বচ্ছতা সন্দর্ভত দেশবাসীৰ মনলৈ কিবা ইতিবাচক পৰিৱর্তন অহা বুলি আমি আশ্বস্ত হ’ব পৰা নাই৷ কিয়নো সন্মুখতে ডাষ্টবিন একোটা থকা অৱস্থাতো নিষিদ্ধ স্থানতহে আমাৰ মানুহে জাবৰ–জোঁথৰ দলিয়াই দিবলৈ ভাল পায়৷ ইয়াৰ প্রমাণ বিচাৰি আপুনি বা মই বেছি দূৰলৈ যাবৰ আৱশ্যকেই নহয়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র গুৱাহাটীৰ এটা মর্যাদাসম্পন্ন ৰাজহুৱা অনুষ্ঠান তথা বিনোদন কেন্দ্র৷ এই কলাক্ষেত্রৰ চৌহদটোত দুকুৰিৰো অধিক ডাষ্টবিন স্থাপন কৰা হৈছে৷ কিন্তু তাৰ পাছতো ইয়াৰ সযত্নপালিত বননিকেইডৰাত দর্শকসকলে খোৱা পানীৰ বটলৰ পৰা গুটখাৰ পেকেটলৈকে দলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে৷ এয়াই হৈছে স্বচ্ছতা সন্দর্ভত আমাৰ সাধাৰণ দেশবাসীৰ দৃষ্টিভংগী৷ যেতিয়ালৈকে ভাৰতীয় জনসাধাৰণ এনে ৰুগ্ণ মানসিকতাৰ পৰা মুক্ত নহ’ব, সেইপর্যন্ত ভাৰতত স্বচ্ছতা অভিযান হৈ ৰ’ব এক অর্থহীন কচৰৎ৷ প্রকৃতপক্ষে দেশখনৰ ভৌতিক বাতাৱৰণটো নিকা কৰিবলৈ যোৱাৰ পূর্বে দেশবাসীৰ মনবিলাক নিকা কৰি তোলাটো অধিক প্রয়োজনীয় বুলি মই বিশ্বাস কৰোঁ৷
এতিয়া কথা হ’ল, আমাৰ দেশ তথা ৰাজ্যখনৰ ডাষ্টবিন থকা ঠাইবিলাকৰ ওপৰত বর্ণোৱাৰ দৰে অৱস্থা৷ তেনেহ’লে ডাষ্টবিন নথকা স্থানসমূহৰ কথা চিন্তা কৰকচোন৷ কিছু বছৰ পূর্বে তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত মই গুৱাহাটী পৌৰ নিগমৰ পৰা কেইটামান প্রশ্ণৰ উত্তৰ বিচাৰিছিলোঁ৷ ইয়াৰে প্রথম প্রশ্ণটোৰ উত্তৰত নিগম কর্তৃপক্ষই মোক জনাইছিল যে মহানগৰখনত স্থাপন কৰা মুঠ ডাষ্টবিনৰ সংখ্যা ৯৪৫টা৷ যিখন মহানগৰীৰ জনসংখ্যা পঁচিছ লাখৰ ওচৰা–উচৰি, তেনে এখন ঠাইত ডাষ্টবিনৰ উক্ত সংখ্যা এপাচি কচু শাকত এটা জালুকৰ দৰে হোৱা নাইনে? তাৰ বিষম পৰিণতিও আমাৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই৷ মহানগৰ কর্তৃপক্ষই যোগান ধৰা এমুঠিমান ডাষ্টবিনত জাবৰৰ টোপোলা উপচি পৰি সিবোৰৰ কাষৰীয়া ঠাইবিলাকত একোটা নৰকসদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ তাৰ কাষেৰে পাৰ হৈ যোৱা পথচাৰীসকলে ডাষ্টবিন একোটাৰ পৰা অহা দুর্গন্ধৰ পৰা ৰক্ষা পাবলৈ নাকত ৰুমাল ল’বলগীয়া হৈছে৷ এয়ে হৈছে বর্তমান গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ দৃশ্যপট এই প্রাদেশিক ৰাজধানীখনত আজিও আৱর্জনা নিষ্কাশনৰ সেই আদিম পদ্ধতিয়েই অব্যাহত আছে৷ এই সন্দর্ভত দেশ আৰু বিদেশৰ নগৰ–মহানগৰসম্ কেনে পদ্ধতি অৱলম্বন কৰা হয়, তাৰ একো প্রতিফলন গুৱাহাটীত দৃষ্টিগোচৰ নহয়৷ আমাৰ আৱর্জনা নিষ্কাশন পদ্ধতিটোৰ সবাতোকৈ ত্রুটিপূর্ণ দিশ হৈছে একে ঠাইতে সকলো প্রকাৰৰ আৱর্জনা মিহলি হৈ থকাটো৷ অলপতে অষ্ট্রেলিয়া ভ্রমণ কৰি অহা এগৰাকী বিশিষ্ট মহিলাই মোক ক’লে সেই দেশৰ মহানগৰসমূহত কিদৰে উৎসতে আৱর্জনা পৃথকীকৰণ segregation) পদ্ধতি অনুসৰণ কৰা হয়৷ তাৰ বাবে প্রতিটো বাসগৃহৰ সন্মুখত চাৰিটাকৈ ভিন্ন ৰঙৰ ডাষ্টবিন ৰখাটো বাধ্যতামূলক৷ তাৰে কোনটো ডাষ্টবিনত কি প্রকাৰৰ আৱর্জনা থ’ব লাগিব, সেই কথা পৌৰ কর্তৃপক্ষই নির্দিষ্ট কৰি দিছে৷ প্রতিঘৰ গৃহস্থয়ো সেই নিয়ম কঠোৰভাৱে মানি নির্দিষ্ট ৰঙৰ ডাষ্টবিনত এক নির্দিষ্ট প্রকাৰৰ আৱর্জনাহে নিষ্কাশনৰ বাবে থৈ আহে৷ এই নিয়ম মানি চলা হেতুকে পৌৰ আৱর্জনাসমূহ সংসাধন Process) কৰাটো কর্তৃপক্ষসমূহৰ বাবে সহজ হৈ পৰে৷ কিন্তু তাৰ বিপৰীতে আমাৰ ইয়াত একোটা ডাষ্টবিনতে ভুক্তাৱশেষৰ পৰা পুৰণ ব্লেডলৈকে একে ঠাই কৰি পেলোৱাৰ নিয়ম চলি আহিছে৷ ফলত পৌৰ আৱর্জনাৰ পুনঃব্যৱহাৰকৰণ recyeling) সম্ভৱ হৈ উঠা নাই৷ উদাহৰণস্বৰূপে আৱর্জনাৰ দুটা উপাংশলৈ বিশেষভাৱে আঙুলিয়াব পাৰি৷ সকলো প্রকাৰৰ প্লাষ্টিকজাত সামগ্রী যদি এটা বিশেষ কক্ষত নিক্ষেপৰ নিয়ম কৰা হয়, তেনেহ’লে সেই প্লাষ্টিকৰ অর্থপূর্ণ পুনঃব্যৱহাৰ সম্ভৱপৰ৷ তেনে প্লাষ্টিকজাত আৱর্জনাৰ পুনঃব্যৱহাৰ কৰিMasticasphalt নামৰ দ্রব্য তৈয়াৰ কৰিব পাৰি, যিটো পথ পকীকৰণত ব্যৱহূত হয়৷ দ্বিতীয়তে জৈৱ আৱর্জনাৰ পৰা উৎপন্ন মিথেন গেছেৰে বিদ্যুৎ উৎপাদন কৰাৰ প্রযুক্তি একো নতুন কথা নহয়৷ তৃতীয়তে আমি প্রত্যেকেই দৈনন্দিন জীৱনত বহু পৰিমাণৰ ধাতৱ তথা কাঁচৰ দ্বাৰা নির্মিত সামগ্রী ব্যৱহাৰ কৰোঁহঁক৷ লক্ষণীয়ভাৱে উল্লিখিত দুয়োবিধ সামগ্রীয়েই পুনঃব্যৱহাৰৰ যোগ্য৷ এনেদৰে সকলো ধৰণৰ কাগজৰ পুনঃব্যৱহাৰৰ প্রযুক্তি সুলভ হৈ উঠিলে এইবিধ দ্রব্য আৱর্জনা হিচাপে গণ্যই নহ’লহেঁতেন৷
ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈ উঠিছে যে আমাৰ বেছিভাগ পেলনীয়া বস্তুৰে পুনঃব্যৱহাৰ সম্ভৱপৰ৷ কিন্তু তাৰ বাবে আমাক লাগে উপযুক্ত প্রযুক্তি৷ যিবিলাক প্রযুক্তি সমগ্র বিশ্বই ইতিমধ্যে গ্রহণ কৰিছে, সেই একেই প্রযুক্তি আমাৰ দেশত (বিশেষকৈ আমাৰ ৰাজ্যত) এতিয়াও উপলব্ধ নোহোৱাৰ কাৰণ যথার্থতে দুর্বোধ্য হৈ ৰৈছে৷ এই বিষয়ৰ সত্যাসত্য জানিবলৈ হ’লে বেছি দূৰলৈ যাবৰ আৱশ্যকেই নহয়৷ সম্প্রতি মধ্যপ্রদেশৰ ইন্দোৰ গোটেই দেশৰ ভিতৰতে সবাতোকৈ নিকা চহৰ হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ গুৰিতে আছে মহানগৰখনৰ কর্তৃপক্ষই আৱর্জনাৰ পুনঃব্যৱহাৰৰ অর্থে আহৰণ কৰা সমর্থতা৷ উল্লেখ্য যে ইন্দোৰৰ পৌৰ নিগমে ঘৰুৱা আৱর্জনাৰে এবিধ ইটা তৈয়াৰ কৰাৰ প্রযুক্তি কামত লগোৱাৰ ফলতে মহানগৰখন প্রায় আৱর্জনাশূন্য হৈ পৰিছে৷ কথা হৈছে, আৱর্জনাক সম্পদলৈ ৰূপান্তৰিত কৰাটো যদি ইন্দোৰৰ পক্ষে সম্ভৱ হ’ব পাৰে, একেটা বিষয় গুৱাহাটীকে ধৰি অসমৰ নগৰ–মহানগৰসম্ পক্ষে প্রযোজ্য নোহোৱাৰ কি কাৰণ থাকিব পাৰে? ক’বলৈ হ’লে বিগত দিনবিলাকত অসমৰ পৌৰ কর্তৃপক্ষসমূহে আৱর্জনা নিষ্কাশনৰ যি আওপুৰণি পদ্ধতি অৱলম্বন কৰি আহিছে, তাৰ ফলত ৰাজ্যখনৰ সামগ্রিক পৰিৱেশ অতি দুখ লগা ধৰণে ক্ষতিগ্রস্ত হৈছে৷ আজিৰ পৰা প্রায় আঢ়ৈ দশক পূর্বে মোৰ এগৰাকী প্রয়াত শিক্ষাগুৰু সমুদ্রদেৱ ফুকনে এদিন মোক প্রশ্ণ কৰিলে – সুমন্ত, পুৱতি নিশাৰ সেই উৎকট দুর্গন্ধটো তুমি অনুভৱ কৰিছাঁনে? (উল্লেখ্য যে ফুকন ছাৰ আৰু মই গুৱাহাটীৰ একেটা অঞ্চলতে প্রায় এক কিলোমিটাৰৰ ব্যৱধানত বসবাস কৰি আছিলোঁ৷) তেখেতৰ প্রশ্ণৰ উত্তৰত মই কৈছিলো – ‘হয় ছাৰ, সেই গোন্ধটোৱে মাজনিশা মোক প্রায়েই অতিষ্ঠ কৰি তোলে৷ পাছত সেই দুর্গন্ধৰ উৎস অনুধাৱন কৰি নিশ্চিত হৈছিলোঁ যে পৌৰ নিগমে আৱর্জনা নিক্ষেপন ক্ষেত্র হিচাপে ব্যৱহাৰ কৰা চচল এলেকাৰ ঠাইডোখৰৰ পৰাই ইয়াৰ উৎপত্তি৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল – সেই মাটিডোখৰ ৰাজ্য চৰকাৰে ভূপেন হাজৰিকা ন্যাসৰ নামত পট্টন কৰিছিল৷ সেয়ে প্রয়াত ভূপেনদাই কথাটো জানিব পাৰি এদিন গভীৰ আক্ষেপেৰে কৈছিল বোলে গুৱাহাটী পৌৰ নিগমে জাবৰ পেলাবলৈ মোৰ মাটিডোখৰহে বিচাৰি পালেনে? তাৰ পাছত পৌৰ নিগম কর্তৃপক্ষই আৱর্জনা নিক্ষেপণৰ বাবে চচলৰ পৰিৱর্তে পামহিৰ পিনে এডোখৰ ঠাই বিচাৰি উলিয়াইছিল৷ কিন্তু চচলেই হওক বা পামহি, এনে একোখন আৱর্জনা নিক্ষেপণ ক্ষেত্রই প্রায় চাৰি কিলোমিটাৰ ব্যাসার্ধৰ একোটা বৃহৎ অঞ্চলত ভয়ংকৰ বায়ু প্রদূষণৰ সৃষ্টি কৰে৷ কিন্তু অত্যন্ত পৰিতাপৰ কথা এয়ে যে অসমৰ পৌৰ কর্তৃপক্ষসমূহে এনে মাৰাত্মক প্রদূষণৰ বিষয়টো দশক দশকজুৰি সমূলি উপেক্ষা কৰি গৈছে৷ এইটো কেৱল গুৱাহাটীৰ ক্ষেত্রতে ঘটা নাই, যোৰহাট, তিনিচুকীয়া আদিৰ নাগৰিকসকলো একে দুর্দশাৰ বলি হোৱা আমি দেখিবলৈ পাইছোঁ৷ বছৰদিয়েক পূর্বে যোৰহাটৰ পৌৰ কর্তৃপক্ষই এটা জনবহুল এলেকাত এনেদৰে আৱর্জনা নিক্ষেপ কৰাৰ বিৰুদ্ধে এলেকাটোৰ ৰাইজে তীব্র প্রতিবাদ জনাইছিল৷ বিগত দুমাহমানৰ ভিতৰত মই দেখিবলৈ পাইছোঁ যে যোৰহাট নগৰৰ পৰা সকলো ডাষ্টবিন অন্তর্ধান হৈছে৷ ডাষ্টবিনবিলাকৰ অবর্তমানত নগৰখনৰ কর্তৃপক্ষই ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও সেই ব্যৱস্থা সমূলি ব্যর্থ হোৱা দেখা গৈছে৷ হঠাৎ পূর্বৰ ডাষ্টবিনবিলাক প্রত্যাহাৰ কৰাত যোৰহাট নগৰখনক এক অভূতপূর্ব কদর্যতাই গ্রাস কৰি পেলাইছে৷ যোৰহাট পৌৰ কর্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তই আমাক স্তম্ভিত কৰিছে৷
এনেতে দুদিন আগে দুজন বন্ধুৱে মোক ফোন যোগে একেটা খবৰকে দিলে (দুয়ো এটা চৰকাৰী প্রতিষ্ঠানৰ সঞ্চালক পর্যায়ৰ বিষয়া)৷ খবৰটো আছিল এয়ে, গুৱাহাটীৰ বর্ণিহাটত এটাSolid Waste Treatment Plant স্থাপন কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষ অগ্রসৰ হৈছে৷ কথাটো শুনি উল্লসিত হোৱাৰ পৰিৱর্তে মই উদ্বিগ্ণতাহে অনুভৱ কৰিলোঁ৷ তাৰ কাৰণ হ’ল, বর্ণিহাট ইতিমধ্যে এক জনবহুল অঞ্চলত পৰিণত হৈছে৷ যোৰাবাটৰ পৰা শ্বিলঙলৈ যাওঁতে বর্ণি (ডিগাৰু) নদীৰ দলংপর্যন্ত ৰাষ্ট্রীয় পথটোৰ কাষে পৰা অংশটো অসমৰ অন্তর্গত৷ আনহাতে খানাপাৰাৰ কইনাধৰাৰ পৰাই পথটোৰ সোঁকাষৰ অঞ্চলটো মেঘালয়ৰ অন্তর্ভুক্ত৷ এই গোটেই বাটছোৱা চাৰি–লে’নযুক্ত হোৱাৰ পাছতো যোৰাবাটৰ আশে–পাশে যান–জঁট কমা নাই, বৰঞ্চ দিনক–দিনে বাঢ়িছেহে৷ এজাক দোপালপিটা বৰষুণৰ পাছত এই পথখণ্ডত অবর্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়৷ তদুপৰি যোৰাবাটৰ পৰা আৰম্ভ হোৱা পূর্বৰ ৪০ নম্বৰ ৰাষ্ট্রীয় পথটো মেঘালয়ৰ উপৰি ত্রিপুৰা, মিজোৰাম আৰু অসমৰ বৰাক উপত্যকাটোৰ জনসাধাৰণৰ বাবে জীৱনৰেখা স্বৰূপ৷ এনে এটা অতীব গুৰুত্বপূর্ণ ৰাষ্ট্রীয় পথৰ কাষত আৱর্জনা পৰিশোধন প্রকল্পটো স্থাপনৰ সিদ্ধান্ত মুঠেও শুদ্ধ হোৱা নাই৷ এনে এটা ব্যস্ত ৰাজপথেৰে প্রায় পঁচিছ লাখ লোকে দৈনিক উৎপাদন কৰা আৱর্জনা প্রস্তাৱিত পৰিশোধন প্রকল্পটোলৈ কঢ়িয়াবলৈ হ’লে সমগ্র অঞ্চলটোৰ ৰাজহুৱা স্বার্থ সাংঘাতিকভাৱে বিঘ্ণিত হ’ব৷ গুৱাহাটীত এটা আৱর্জনা পৰিশোধন প্রকল্প নিশ্চয় লাগে৷ কিন্তু সেই প্রকল্প হ’ব লাগিব লোকালয়ৰ পৰা নিৰাপদ দূৰত্বত৷ ইয়াৰ আগেয়ে ঘনবসতিপূর্ণ চচল অঞ্চলত আৱর্জনা নিক্ষেপ কৰি পৌৰ কর্তৃপক্ষই যি বিবেচনাহীনতাৰ পৰিচয় দিছিল তাৰ পুনৰাবৃত্তি যেন বর্ণিহাটত নঘটে৷ তদুপৰি তেনে এটা প্রকল্প স্থাপনৰ পূর্বে উৎসতে আৱর্জনাসমূহৰ পৃথকীকৰণৰ ব্যৱস্থা প্রণালীবদ্ধভাৱে হোৱা বাঞ্ছনীয়৷ সেয়ে নহ’লে আৱর্জনা পৰিশোধন প্রকল্প এটা নির্মাণৰ মূল উদ্দেশ্য কেতিয়াও সাধন নহ’ব৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক আৱর্জনা পৰিশোধন প্রকল্পটোৰ স্থান সম্বন্ধে পুনর্বিৱেচনা কৰি এক শুদ্ধ সিদ্ধান্তলৈ আহিবৰ নিমিত্তে আমি মুকলি আহ্বান জনাইছোঁ৷ তাৰ লগতে সমগ্র ৰাজ্যবাসীকো এই স্পর্শকাতৰ বিষয়টোৰ সন্দর্ভত এক শুদ্ধ জনমত গঢ়ি তোলা প্রক্রিয়াৰ অংশীদাৰ হ’বলৈ আমাৰ অনুৰোধ থাকিল৷ মুঠৰ ওপৰত আৱর্জনা ব্যৱস্থাপনাৰ ক্ষেত্রত গুৱাহাটী তথা অসমৰ বাবে ইন্দোৰ নগৰী আর্হিস্বৰূপ হৈ উঠক – এয়ে আমাৰ কামনা